• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আগন্তুক দিনৰ জাননী

ডঃ হীৰেন গোহাঁই by ডঃ হীৰেন গোহাঁই
April 20, 2022 7:56 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদায় মানুহক বেয়া খবৰ শুনাবলৈ মোৰো ভাল নালাগে। কিছুমানে এই বুলিও তৰ্ক জোৰে যে বেয়া খবৰ বাদ দি ভাল খবৰবোৰ বাছি দাঙি ধৰাহে উচিত।

কিন্তু, খবৰবোৰ যিহেতু টুকুৰা-টুকুৰ বস্তু নহয়, বৰং এক দীঘলীয়া আৰু বিশেষ লক্ষ্য থকা প্ৰক্ৰিয়াৰ অংশহে, সেই কাৰণেই ভাল খবৰবোৰতকৈ বেয়া খবৰৰে প্ৰভাৱ বেছি। বেয়া খবৰবোৰে ৰাষ্ট্ৰ আৰু মাধ্যমৰ সহায় লাভ কৰে বাবে সিহঁতৰ শক্তিও বেছি। আৰু সেইবোৰে কি উদ্দেশ্য সিদ্ধি কৰিছে, সেইটো, সজাগ নহ’লে বহু সময়ত মানুহে ধৰিব নোৱাৰে।

Apply Now

আজি কিছুকাল ধৰি ভাৰতৰ জনমানসত দেশ আৰু সমাজৰ প্ৰধান শত্ৰু হিচাবে কিছুমান ক্ষেত্ৰত মুছলমানকে নিন্দা আৰু আক্ৰমণৰ পাত্ৰ কৰি লোৱা হৈছে। তাৰ আলম হিচাপে এনে কিছুমান ঘটনা ঘটোৱা হয় যিবিলাকে সংবাদ-মাধ্যমত হিন্দু-মুছলমানৰ সংঘাতৰূপে প্ৰতিফলিত আৰু প্ৰচাৰিত হয়। সাধাৰণতে এনেবোৰ ঘটনা হিন্দুত্ববাদী কেতবোৰ সংগঠনে ঘটায়। ইচ্ছাকৃতভাৱে মছজিদৰ আগত সমদল কৰি প্ৰৰোচনামূলক ধ্বনি দি এক সংঘৰ্ষৰ পৰিস্থিতি ৰচনা কৰা হয়। বহুকাল ধৰি মুছলমান মানুহে জীৱিকাৰ উপায় হিচাপে গ্ৰহণ কৰা কিছুমান জীৱিকা বা বৃত্তিৰ পৰা তেওঁলোকক বিতাড়িত কৰাৰ আন্দোলন কৰা হয়। যেনে, কৰ্ণাটকত কেতবোৰ মন্দিৰৰ সমুখত মুছলমান ক্ষুদ্ৰ ব্যৱসায়ীয়ে বহু পুৰুষ ধৰি কিছুমান সামগ্ৰী বিক্ৰী কৰা বা চহৰবোৰত মুছলমানে ফলমূলৰ দোকান দিয়া আদিত নিষেধাজ্ঞা আৰোপ কৰা কথাবোৰ। (সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত মুছলমান দোকান বা ব্যৱসায় আক্ৰমণৰ অন্যতম লক্ষ্য হৈ পৰে। যদিও দোকানীসকলে সাম্প্ৰদায়িক কন্দল নিবিচাৰে।)

এইবোৰ বিবাদে সমগ্ৰ সমাজত উদ্বেগ আৰু শংকা বিয়পাই দিয়ে। তাৰ বাবে কোন জগৰীয়া, ঠাণ্ডা মগজুৰে বিচাৰ নকৰি মানুহে আৱেগিকভাবে হিন্দু বা মুছলমানৰ পক্ষত থিয় দিয়ে। সমাজত বিভেদ, বিচ্ছিন্নতাই দীৰ্ঘস্থায়ী ৰূপ লয়। (শেহতীয়াকৈ বাতৰি ওলাইছে যে মুশ্লিম সাম্প্ৰদায়িক নেতা আছাদুদ্দিন অ’ৱেছিৰ আশীৰ্বাদপুষ্ট ‘পপুলাৰ ফ্ৰন্ট অব ইণ্ডিয়া’ৰ লগত জড়িত কিছুমান মুছলমান যুৱকে এনে প্ৰৰোচনা আৰু হিংসাৰ বিৰুদ্ধে প্ৰতিহিংসা, প্ৰতিশোধৰ পথ লৈছে। কিন্তু সেই সুযোগতে কিছুমান ৰাজ্য চৰকাৰে মুকলিকৈ হিন্দু সংঘৰ্ষকাৰীৰ পক্ষ লৈ নিৰীহ মুছলমান মানুহক ব্যাপক আৰু ভয়াবহ অত্যাচাৰ কৰে। বুলডজাৰ লৈ ঘৰ, দোকান ভাঙি উল্লাস কৰে। ‘পপুলাৰ ফ্ৰন্ট অব ইণ্ডিয়া’ৰ বুলি সন্দেহ কৰা এইবোৰ হঠকাৰীয়ে গ্ৰহণ কৰা পথ অধিক ক্ষতিকৰ হোৱা যেন দেখা যায়। সেয়ে প্ৰতিবাদ-প্ৰতিৰোধৰ শান্তিপূৰ্ণ পথ লোৱাই শ্ৰেয়।)

তাৎপৰ্য্যপূৰ্ণ কথা এয়ে যে দেখদেখকৈ ৰাষ্ট্ৰ তথা চৰকাৰ ইয়াত পোনতে জড়িত নহয়, সেয়ে কামবোৰ চৰকাৰে কৰাইছে বুলি আঙুলি টোঁৱাবলৈ অসুবিধা হয়। কিন্তু হয়তো চৰকাৰ আৰু বা তাৰ কোনো প্ৰভাৱশালী মহলৰ লগত সংঘাত ৰচনা কৰা দল-সংগঠন একেটা শিবিৰৰে। সেইবাবেই দেখা যায় যে চৰকাৰে সংঘাতবোৰ লগে লগে দমন নকৰি ক্ষতিকৰ আৰু মাৰাত্মক হ’বলৈ দিয়ে। যথা সময়ত নিয়ন্ত্ৰণো নকৰে। আৰু হৈ যোৱাৰ পিছত তদন্তও নিতান্ত পক্ষপাতগ্ৰস্ত হিচাপে কৰা হয়। উদাহৰণস্বৰূপে ২০২০ চনৰ দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হোৱা মানুহ কিছুমানকে কেন্দ্ৰীয় চৰকাৰ অধীনস্থ দিল্লী আৰক্ষীয়ে প্ৰধান দোষী হিচাপে অভিযুক্ত কৰিছিল, কিন্তু পৰৱৰ্তী কালত আৰক্ষীক তিৰস্কাৰ কৰি আদালতে তাৰ অধিকাংশক মুক্তি দিয়ে।

এপিনে ৰাজহুৱা জীৱনত এচাম হিন্দুত্ববাদী সংগঠনৰ উপদ্ৰৱে সামাজিক অশান্তি-অস্থিৰতা, হিংসা বিয়পায়, আনপিনে আইন-শৃংখলাৰ দায়িত্বত থকা মহলবোৰ নিৰ্বিকাৰ। ইয়াৰ অশুভ পৰিণাম কি হ’ব, বুজা কঠিন নহয়। এইবোৰ কাণ্ড অধিক-অধিক মাত্ৰাত ঘটি থকা সত্বেও একো ব্যৱস্থা লোৱা নহয়। অথচ আৰক্ষী আছে, স্থানীয় প্ৰশাসন আছে, আইন-আদালত আছে। তেন্তে এইখন সভ্য ৰাষ্ট্ৰ বুলি কোনে ক’ব? ‘হিন্দু ৰাষ্ট্ৰৰ’ স্বৰূপ ইয়াতকৈও উগ্ৰ হ’ব নেকি? ৰাইজে কথাবোৰ বিচাৰ কৰি চোৱাৰ সময় হ’ল। অসমতো নানা চেলুত মুছলমানৰ বিৰুদ্ধে সৰ্বসাধাৰণ(হিন্দু) মানুহক উচটোৱাৰ চেষ্টা দেখা যাবলৈ ধৰিছে। কিন্তু এতিয়ালৈকে আমাৰ শান্তিপ্ৰিয় ৰাইজ তেনে উত্তেজনাৰ বলি হোৱা নাই। এই অশুভ সম্ভাৱনা সম্পৰ্কে ৰাইজ সজাগ থকাৰ দৰকাৰ।

বিশ্ব পৰিস্থিতি :
সম্প্ৰতি আন্তৰ্জাতিক পৰিস্থিতি অস্থিৰ আৰু বিশ্ব শান্তিৰ প্ৰতিকূল হৈ পৰিছে। আমি যিহেতু আজি ঘনিষ্ঠভাবে বিশ্বৰ অৰ্থনীতি আৰু ৰাজনীতিৰ সৈতে জড়িত হৈছোঁ, কৰবাত ডাঙৰ কিবা ঘটনা ঘটিলে তাৰ প্ৰভাৱ আমাৰ ওপৰতো পৰে। সেয়ে ৰং-ৰহইছৰ মাজতো বাহিৰত কি হৈছে তালৈ কাণ অনাই থকা ভাল। আমাক সম্প্ৰতি বনজুইৰ দৰে দহিব খোজা মূল্যবৃদ্ধিৰ কাৰণ চৰকাৰৰ বে-পৰোৱা মনোভাবৰ লগতে বিশ্বৰ ৰাজনীতিৰ প্ৰভাৱো আছে বুলি জানিব লাগিব। আৰু সেই সম্পৰ্কে বুজি লৈ আমাৰ চৰকাৰৰ আন্তৰ্জাতিক বা বৈদেশিক নীতি যাতে যথাযথ হয়, চকু ৰাখিব লাগিব।

ৰুছিয়া ইউক্ৰেইনৰ বৈদেশিক নীতি যাতে নিৰপেক্ষ থাকে, অৰ্থাৎ ৰুছিয়াৰ বাবে ভাবুকি নহয়, সেই দাবী সজোৰে তুলি থকা সত্বেও ইউক্ৰেইনে কাণ নিদিলে। আমেৰিকাই NATO ৰ নিচিনা সামৰিক জোঁটক বাকীবোৰ সহযোগী দেশৰ আপত্তি সত্বেও ক্ৰমে ৰুছিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক কৰি তুলিছিল। ৰুছ সীমান্তৰ দাঁতিত থকা দেশবোৰত NATO ৰ সামৰিক ঘাঁটি নিৰ্মাণ কৰি ৰুছিয়াক অতি উদ্বিগ্ন কৰিছিল। কাৰণ আমেৰিকাৰ ভাষ্য আছিল এয়ে যে ৰুছিয়া এক ‘দুৰ্বৃত্ত ৰাষ্ট্ৰ’ত পৰিণত হৈছে, আৰু সেয়ে প্ৰয়োজন হ’লে ৰুছিয়াক বাধা দিবলৈ যুদ্ধাভিযান চলোৱাৰো প্ৰয়োজন হ’ব পাৰে। কোৱা বাহুল্য যে, ৰুছিয়া এইবোৰ ভাবুকি আৰু প্ৰৰোচনাত যথেষ্ট উৎকন্ঠিত হৈছিল। সেয়ে ৰুছিয়াৰ লগত সুদীৰ্ঘ সীমান্ত থকা ইউক্ৰেইনে যেতিয়া NATO ৰ ৰুছ –বিৰোধী জোঁটত জড়িত হ’বলৈ উৎসাহী হ’ল তেতিয়া সি ৰুছিয়াৰ নিৰাপত্তাৰ বাবে ভাবুকি হৈ পৰিল। ইয়াৰ আগতে কিছু কাল পূৰ্বে ৰুছিয়াই ইউক্ৰেইনৰ ‘ক্ৰাইমিয়া’ নামৰ অঞ্চলটো দখল কৰিছিল নিজৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ। কিন্তু সমগ্ৰ ইউক্ৰেইন অধিকাৰ কৰাৰ কোনো আগ্ৰহ প্ৰদৰ্শন কৰা নাছিল।

ৰুছিয়াৰ পৰা আমেৰিকাৰ কি অসুবিধা হৈছে? আমেৰিকাৰ অৰ্থনৈতিক উন্নতি এতিয়া ভালেখিনি স্তিমিত। আমেৰিকাৰ বিপুল ধনৰ অধিকাৰী ধনিক চামে এতিয়া স্বদেশত শিল্পজাত উৎপাদন বহুত কমেই কৰে, ফলত তাৰ নিবনুৱা আৰু তাকৰীয়া আয়ৰ মানুহৰ সংখ্যা বৃদ্ধি পাইছে। কভিদ মহামাৰীৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অদ্ভূত উদাসীন মনোভাবৰ ফলত ছয় লাখতকৈ বেছি মানুহৰ মৃত্যু হোৱাৰ উপৰি অৰ্থনীতিৰ অৱস্থাও অধিক শোচনীয় হ’ল। কেৱল ৰাষ্ট্ৰৰ হাতত থকা বিপুল ধন আৰু ধাৰ-ঋণ কৰি সংগ্ৰহ কৰা ধনেৰে দেশখন দেখাতহে কেৱল স্বচ্ছল হৈ আছে। এতিয়া অন্যান্য দেশৰ পৰা নানা কৌশলৰে ধন আদায় কৰি (যেনে ‘বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ’ নামত বিভিন্ন দেশৰ পৰা তাহানিতে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাবদ ‘ৰয়েল্টি’ বা বছৰেকীয়া বৰঙণি সংগ্ৰহ, প্ৰভাৱাধীন অনুন্নত দেশবোৰৰ পৰা সস্তাত নানা কেঁচামাল সংগ্ৰহ কৰা, সামৰিক নিৰাপত্তা দানৰ নামত ধন সংগ্ৰহ ইত্যাদি।) আৰু নানা দেশত আন দেশৰ লগত বিবাদ-সংঘাত লগাই দি সেইবিলাকত উন্নত যুদ্ধাস্ত্ৰ বিক্ৰী কৰি আমেৰিকাৰ অৰ্থনীতি চলমান হৈ আছে। যুদ্ধাস্ত্ৰ নিৰ্মাণ শিল্প (War Industries) যিহেতু আমেৰিকাৰ বাৰ্ষিক আয়ৰ বৃহৎ অংশৰ উৎস, সেয়ে বিশ্বৰ কেউফালে যুদ্ধ লাগি থাকিলে আমেৰিকাই ভালেই পায় আৰু ই আমেৰিকাৰ বৈদেশিক নীতিৰ এক প্ৰধান লক্ষ্য।

ৰুছিয়াৰ পৰা নিৰাপত্তাৰ নামত নানা দেশত বিপুল যুদ্ধাস্ত্ৰ আমেৰিকাই বিক্ৰী কৰে। আৰু সেয়ে ৰুছিয়াক এক আগ্ৰাসী, ক্ৰুৰ শক্তিৰূপে নিৰন্তৰে তুমূল প্ৰচাৰ চলায়। ৰুছিয়াক চাৰিওপিনে ঘেৰি ধৰি নানা দেশত ভাবুকি সৃষ্টি কৰি আমেৰিকাৰ নেতৃত্বত ‘নাটো’ নামৰ সামৰিক-সহযোগিতাৰ সংঘটোৱে (alliance) উদ্বিগ্ন আৰু অস্থিৰ কৰি ৰাখে। এইবাবেই যাতে শংকিত আৰু উত্তেজিত হৈ ৰুছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সময়ে-সময়ে যুদ্ধাভিযান চলাই পৰিস্থিতি আৰু জটিল কৰি তোলে। সম্প্ৰতি চলি থকা ইউক্ৰেইনৰ যুদ্ধ তাৰ শেহতীয়া উদাহৰণ। আন্তৰ্জাতিক সম্পৰ্কৰ বিদগ্ধ বিশেষজ্ঞ শ্বিকাগো বিশ্ববিদ্যালয়ৰ লব্ধ প্ৰতিষ্ঠ অধ্যাপক জন মেৰ্ছহেইমাৰৰ(Mearsheimer) ভাষ্যও এইধৰণৰ। বিশ্বত নিজৰ অৰ্থনৈতিক আধিপত্য বজাই ৰাখিবলৈ আমেৰিকাই এনেধৰণৰ চেলু নিৰ্মাণ কৰি তাত হস্তক্ষেপ কৰে। অথচ সম্প্ৰতি প্ৰযুক্তি আৰু উৎপাদনৰ পিনৰ পৰা চীনে আমেৰিকাক চেৰ পেলাব ধৰাত চীনেই এতিয়া আমেৰিকাৰ প্ৰধান শত্ৰুত পৰিণত হৈছে। চীনৰ মিত্ৰ ৰুছিয়াক দুৰ্বল কৰা বা তাৰ ৰাষ্ট্ৰ ব্যৱস্থা ভাঙি পেলোৱাও আমেৰিকাৰ সামগ্ৰিক কূটনীতি আৰু সামৰিক নীতিৰ অংগ। কথা হৈছে এয়ে যে এটা সময়ত পুঁজিবাদৰ প্ৰতিযোগিতাই দেশবোৰক এনে এক লক্ষ্যৰ পিনেই লৈ যায়।

ৰুছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কিন্তু এইবোৰ কাৰণ সাধুতাৰে দাঙি নধৰি ইউক্ৰেইন অভিযানৰ এক অতি স্থূল আৰু বিকাৰগ্ৰস্ত বাখ্যা আগবঢ়াইছে। তেওঁ কৈছে যে ইউক্ৰেইন সদায়েই ৰুছিয়াৰ অংশ আছিল আৰু ইউক্ৰেইনে ৰুছিয়াৰ অংগৰূপেই বিকাশ লাভ কৰিছিল। কথাটো তেনেই মিছা নহয়। কিন্তু ১৯১৭ চনত ৰুছ বিপ্লৱৰ পিছত বিপ্লৱৰ নেতা লে’নিনে ইউক্ৰেইনৰ জনগণৰ জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰ মানি লৈছিল আৰু প্ৰয়োজনবোধে তাৰ জনগণে ৰুছিয়াৰ পৰা বিচ্ছেদ বিচাৰিবও পাৰে বুলি মানি লৈছিল। সি আছিল ৰুছ বিপ্লৱৰ অন্যতম আদৰ্শৰ ঘোষণা। সেই অনুসৰি ১৯৯০ চনত ইউক্ৰেইন ৰুছিয়াৰ পৰা বিচ্ছিন্ন হয়। কিন্তু এতিয়া পুটিনে তাক গাঁজাখুৰি গল্প বুলি উৰাই দি ইউক্ৰেইনক ৰুছিয়াৰ অংগীভূত কৰিব বুলি ঘোষণা কৰিছে। অৱশ্যে মাজে-সময়ে এনে ঘোষণাও দিছে যে ইউক্ৰেইন নাটো সংঘৰ সদস্য নহয় বুলি প্ৰতিশ্ৰুতি দিলে যুদ্ধ বন্ধ কৰি ৰুছ সেনা বাহিনী ওভটাই নিব! এটা ভুল পদক্ষেপৰ যুক্তি দিবলৈ গৈ পুটিন স্ব-বিৰোধিতাত বান্ধ খাই গৈছে।
আমেৰিকা আৰু তাৰ প্ৰচাৰ যন্ত্ৰই পুটিনক এক ৰক্ত পিপাসু নৰপিশাচ বুলি তাড়স্বৰে প্ৰচাৰ কৰিছে। অসংখ্য নিৰীহ ইউক্ৰেইনীয় নাগৰিক হত্যা কৰাৰ উপৰি কিছুমান অতি পৈশাচিক হত্যাকাণ্ড আৰু নিৰ্যাতনৰ আলোকচিত্ৰ কেউপিনে প্ৰচাৰ কৰিছে।

কথাবোৰ এনেকুৱা যে ইউক্ৰেইনৰ সেনাই নগৰ-চহৰবোৰত কোঠ মাৰি ৰুছ বাহিনীক বাধা দিয়াৰ ফলত ৰুছিয়াই সেই চহৰবোৰ দখল কৰিবলৈ অবিশ্ৰাম গোলাবৰ্ষণ কৰিছে। চহৰবোৰ ধ্বংসস্তূপত পৰিণত হোৱাৰ উপৰি সেনাৰ লগতে বহু শ নাগৰিকেও প্ৰাণ হেৰুৱাইছে। বৰ্বৰ নিৰ্যাতন কৰি হত্যা কৰা বুলি প্ৰচাৰ কৰাৰ পিছত প্ৰমাণ হিচাপে যিবোৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছে, চহৰখনত অনেক ভয়ানক কামানৰ গোলাবৰ্ষণ হোৱা সময়ত কেনেকৈ নিৰ্যাতন চলালে, সি এক ৰহস্য। কিছুমান মৃতকৰ হাত দুখনো পিছপিনে বন্ধা। এইবোৰ কেতিয়া ক’ত কোনে কৰিলে তাৰ উল্লেখ নাই। সেয়ে সেইবোৰ সজোৱা দৃশ্য নে কি, নিৰপেক্ষ তদন্ত হোৱা উচিত। পুটিনেও তেনে নিৰপেক্ষ তদন্ত দাবী কৰিছে।

যুদ্ধক্ষেত্ৰত ৰুছ বাহিনীক প্ৰতিৰোধ কৰিবলৈ আমেৰিকা, ব্ৰিটে’ন আদি দেশে ইউক্ৰেইনক যিবোৰ অস্ত্ৰ যোগান ধৰিছে সেইবোৰে ৰুছ টেংক বাহিনীৰ অগ্ৰগতি ভালেখিনি মন্থৰ কৰিছে। বুজা যায় যে বহু দূৰৰ লক্ষ্য ধ্বংস কৰিবলৈ ৰুছিয়াৰ হাতত যিবোৰ পাৰমাণৱিক ক্ষেপনাস্ত্ৰ আছে, তাৰ তুলনাত গতানুগতিক স্থলযুদ্ধৰ অস্ত্ৰসজ্জাত ৰুছিয়া পিছ পৰি আছে। আৰু আমেৰিকাই নিৰ্মাণ কৰা স্থলযুদ্ধৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰক অতিক্ৰম কৰিব পৰা বৰ্ম (Armour) বা অন্যান্য অস্ত্ৰ ৰুছিয়াৰ হাতত নাই। সেয়ে পূৰ্বে অনুমান কৰাতকৈ বেছি ৰুছ সৈন্যৰ যুদ্ধত মৃত্যু হৈছে। আমেৰিকাই নতুন বিধ্বংসী অস্ত্ৰৰ পৰীক্ষাগাৰ হিচাপে ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰক ব্যৱহাৰ কৰিছে।

এইবোৰ দূৰণিৰ হুলস্থূল আৰু সংঘৰ্ষই আমাৰ দৈনন্দিন জীৱনত কি প্ৰভাৱ পেলাইছে? সমগ্ৰ বিশ্বতে দেশবোৰৰ অৰ্থনীতি বজাৰৰ অধীনলৈ যোৱাৰ ফলত আমি ব্যৱহাৰ কৰা বহু সামগ্ৰীৰ দাম আন্তৰ্জাতিক বজাৰত নিৰ্ধাৰণ হয়। ইউক্ৰেইনৰ পৰা সেই বজাৰৰ খাদ্য শস্য আৰু খোৱাতেলৰ বৃহৎ অংশ এটা আহে। সেইবোৰৰ যোগান যুদ্ধৰ ফলত হ্ৰাস পোৱাৰ ফলত বজাৰত তাৰ মূল্য বহু পৰিমাণে বাঢ়িছে। আমাৰ চৰকাৰেও তাক নিয়ন্ত্ৰণ কৰিবলৈ কৰিব পৰাখিনিও কৰা নাই। বজাৰৰ ওপৰত সকলো এৰি দিলে সাধাৰণ মানুহৰ যমৰ যাতনা হোৱাৰ লগতে ব্যৱসায়ী মহলৰ লাভ বৃদ্ধি হয়। বিশ্বৰ বজাৰৰ পেট্ৰ’ল-ডিজেলৰ বৃহৎ অংশ এটা আহিছিল ৰুছিয়াৰ পৰা। ইউক্ৰেইনৰ যুদ্ধ লগোৱা অপৰাধত ৰুছিয়াক দোষী সাব্যস্ত কৰি আমেৰিকাই বিশ্বৰ দেশবোৰক ৰুছিয়াৰ তেল কিনাত বাধা দিছে। কিনা বিলাকে নানা বাণিজ্যিক আৰু অৰ্থনৈতিক শাস্তিৰ বলি হ’ব বুলি ভাবুকি দিছে।

শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ভাৰতৰ প্ৰধানমন্ত্ৰীকো কঠোৰ সকিয়নী দিছে। ফলত বিশ্ব বজাৰত তেলৰ দাম অতিপাত বৃদ্ধি পাইছে। কটা ঘাত চেঙা তেল দিয়াৰ দৰে ভাৰত চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত আবকাৰী কৰ হ্ৰাস কৰাৰ বিপৰীতে কৰ বৃদ্ধিহে কৰিছে!! পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে পৰিবহণৰ খৰচ বৃদ্ধি কৰি সকলো বস্তুৰ দাম আৰু বৃদ্ধি কৰিছে।

ডঃ হীৰেন গোহাঁই

ডঃ হীৰেন গোহাঁই

Stay Connected

  • 117k Fans

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd