১৫ আগষ্ট আহে। ৰাষ্ট্ৰীয় পতাকা উৰে। ৰাষ্ট্ৰীয় সংগীত বাজে। ৰাজপথৰ পৰা গাঁৱৰ পথলৈকে স্বাধীনতাৰ উৎসৱৰ সুবাস বিয়পি পৰে। কিন্তু অসমৰ কোনোবা এখন নিৰৱ গাঁৱত, হয়তো আজিও এজন বৃদ্ধ পিতৃয়ে দুৱাৰখন অলপ সময় বেছিকৈ মেলি থয়। কোনোবা মাতৃয়ে সন্ধিয়া নামিলে অজানিতে বাটলৈ চায়। কোনোবা পত্নীয়ে পুৰণি বাকচ এটা খুলি এখন বিবৰ্ণ ফটো হাতত লয়। ফটোখনত এজন যুৱক, চকুত সপোন, মুখত উচ্ছ্বাস, বয়সত উচ্ছল বসন্ত।
সেই ল’ৰাজন ক’ত? কোনোবা পাহাৰৰ সিপাৰে? কোনোবা সীমান্তৰ সিপাৰে? কোনোবা অচিনাকি ঠাইত? নে সময়ৰ বুকুতেই হেৰাই গ’ল? এই প্ৰশ্নবোৰৰ কোনো উত্তৰ নাই।
অসমৰ ইতিহাসত স্বাধীনতা শব্দটোৰ অৰ্থ সেয়ে অলপ বেলেগ। ১৯৪৭ চনত ভাৰত স্বাধীন হ’ল। কিন্তু তাৰ বহু দশকৰ পাছতো অসমৰ এটা প্ৰজন্মই আকৌ এবাৰ স্বাধীনতা বিচাৰিলে। এইবাৰ স্বাধীনতা বিচাৰিলে দিল্লীৰ পৰা। বিদেশী সমস্যা সমাধান, অসমৰ বাবে অধিক অধিকাৰ, অধিক স্বায়ত্তশাসন, সম্পদৰ ওপৰত অধিক নিয়ন্ত্ৰণ আৰু বিচাৰিলে আত্মপৰিচয়ৰ সুৰক্ষা। আৰম্ভ হ’ল অসম আন্দোলন।
১৯৭৯ চনত আৰম্ভ হোৱা অসম আন্দোলনৰ পৰিণতিয়ে ১৯৮৫ত ৰূপ ল’লে অসম চুক্তিৰ। সেই চুক্তি স্বাক্ষৰ হৈছিল ১৫ আগষ্টতেই অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা। ভাৰত চৰকাৰ, অসম চৰকাৰ, সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ মাজত হোৱা সেই ঐতিহাসিক চুক্তিত আছিল বিদেশী চিনাক্তকৰণ, সাংবিধানিক-আইনী সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু অসমৰ সামাজিক-ভাষিক পৰিচয় সংৰক্ষণৰ প্ৰতিশ্ৰুতি।
কিন্তু ছাত্ৰ আন্দোলনৰ সেই অধিকাৰ দাবীৰ মাজতেই ১৯৭৯ চনত গঠন হৈছিল সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ। সংগঠনটোৰ লক্ষ্য আছিল সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে স্বাধীন অসম প্ৰতিষ্ঠা কৰা। ১৯৯০ত ভাৰত চৰকাৰে সংগঠনটোক নিষিদ্ধ ঘোষণা কৰে। তাৰ পাছত আৰম্ভ হয় দশকজোৰা সংঘাত। বোমা, হত্যা, অপহৰণ, ধনদাবী, অভিযান, গ্ৰেপ্তাৰ, আত্মসমৰ্পণ আৰু অগণন পৰিয়ালৰ অশ্ৰুৰ ইতিহাস।
সেই সময়ত অসমৰ বহু যুৱকৰ বাবে বন্দুকটো কেৱল অস্ত্ৰ নাছিল। ই আছিল ক্ষোভৰ ভাষা। ই আছিল প্ৰতিবাদৰ প্ৰতীক। ই আছিল এনে এটা সপোনৰ সাৰথি, যি সপোনে কৈছিল – অসমৰ সম্পদ অসমীয়াৰ হ’ব লাগে; অসমৰ ভৱিষ্যৎ অসমৰ মানুহেই নিৰ্ধাৰণ কৰিব লাগে।
কিন্তু ইতিহাসে অতি সোনকালেই দেখুৱাই দিলে যে এই বন্দুকে অসমক স্বাধীনতা দিব নোৱাৰে। বন্দুকৰ নলীৰে ওলাই অহা গুলীয়ে প্ৰথমে মানুহ মাৰে, তাৰ পাছত সপোন মাৰে, শেষত সমাজৰ বিশ্বাসক মাৰে। অসমৰ ক্ষেত্ৰতো বোধহয় সেয়াই হ’ল।
অসমৰ উগ্ৰপন্থী সংঘাতৰ ভয়াবহতা কিমান আছিল, তাৰ এখন ছবি পোৱা যায় পৰিসংখ্যাত। South Asia Terrorism Portalৰ তথ্য অনুসৰি, কেৱল ২০০০ চনৰ পৰা ২০২৫লৈকে অসমত বিদ্ৰোহ-সম্পৰ্কীয় হিংসাত ৫,০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে সাধাৰণ নাগৰিক, নিৰাপত্তা বাহিনীৰ লোক আৰু হাজাৰ হাজাৰ বিদ্ৰোহী। ২০০১ চনত মাত্ৰ এবছৰতে মৃত্যু হয় ৫৬৫জনকৈ লোকৰ।
আলফা সম্পৰ্কীয় সংঘাতৰ আন তথ্যতো ২০০০-২০১৬ সময়ছোৱাত ১,৭০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি নথিভুক্ত হৈছে, ইয়াৰ ভিতৰত ৫৬৮জন সাধাৰণ নাগৰিক আৰু ১২৬জন নিৰাপত্তা বাহিনীৰ লোক আছিল।
এইবোৰ কেৱল সংখ্যা নহয়। প্ৰতিটো সংখ্যা এটা ঘৰ, এজনী মাক, এজন দেউতাক, এগৰাকী পত্নী, অনাথ শিশু, ভগ্নী-ভাতৃ আৰু এটা অসম্পূৰ্ণ পৰিয়াল। আৰু সেই হাজাৰ হাজাৰ পৰিয়ালৰ বাবে স্বাধীনতা শব্দটো হয়তো আজিও বেচ তিতা। কাৰণ যিসকল যুৱক-যুৱতীয়ে ভাবিছিল মৰিম, কিন্তু স্বাধীন অসম গঢ়িম। তেওঁলোকৰে হাজাৰজনে দেখা নাপালে স্বাধীন অসম। যি সকল এতিয়াও আছে তেওঁলোকেও হয়তো দেখা নাপাব এই সপোনৰ বাস্তৱ চেহেৰা।
কোনোবাই আত্মসমৰ্পণ কৰিলে, কোনোবা গ্ৰেপ্তাৰ হৈ জেললৈ গ’ল, কোনোবাই বিদেশৰ মাটিত বছৰ বছৰ কটালে, কোনোবা ঘূৰি আহিল আৰু কোনোবা কোনোবা কেতিয়াও ঘূৰি নাহিল।
শেষত পালোঁ কি? ২০২৩ চনৰ ২৯ ডিচেম্বৰত আলফাৰ আলোচনাপন্থী গোটে কেন্দ্ৰ আৰু অসম চৰকাৰৰ সৈতে এখন শান্তি চুক্তি স্বাক্ষৰ কৰিলে। দশকজোৰা সংঘাতৰ এটা বৃহৎ অধ্যায় আনুষ্ঠানিকভাৱে সামৰিবলৈ চেষ্টা কৰা হ’ল। কিন্তু পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা(স্বাঃ) তেতিয়াও সেই চুক্তিৰ অংশ নহ’ল।
২০২৩ৰ আগৰ কেইবছৰতো অসমৰ আন আন সশস্ত্ৰ সংগঠনৰ সৈতে শান্তি চুক্তি আৰু আত্মসমৰ্পণৰ ধাৰা চলিছিল। ২০২০ চনৰ বড়ো চুক্তিৰ পাছত ১,৬১৫জন কেডাৰে অস্ত্ৰ সমৰ্পণ কৰিছিল; ২০২১ৰ কাৰ্বি আংলং চুক্তিৰ পাছত ১,০০০ৰো অধিক সশস্ত্ৰ কেডাৰ মূলসুঁতিলৈ ঘূৰি আহিছিল। ২০২৩তো ১,১৮২জন আদিবাসী বিদ্ৰোহীয়ে অস্ত্ৰ সম্বৰণ কৰিছিল। যি বন্দুকে এদিন স্বাধীনতা আনিব বুলি কোৱা হৈছিল, শেষত সেই বন্দুকেই টেবুলৰ ওপৰত থৈ শান্তিৰ আলোচনাত বহিবলগীয়া হ’ল।
এতিয়া প্ৰশ্নটো হ’ল – ই ইতিহাসৰ পৰাজয় নে জয়? হয়তো দুয়োটাই। পৰাজয়ৰ কাৰণ -বন্দুকে বিচৰা লক্ষ্য পূৰণ নহ’ল। জয়ৰ কাৰণ – অন্ততঃ বন্দুকৰ নিৰ্ঘাত শব্দবোৰ কমিল। কিন্তু ইয়াতেই আহে মূল প্ৰশ্নটো। যিসকল যুৱকে বন্দুক হাতত ল’বলৈ বাধ্য হৈছিল, তেওঁলোকৰ সেই মূল ক্ষোভবোৰৰ কিমানখিনি সমাধান হ’ল?
কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ২০১৪-২৬ সময়ছোৱাত অসমলৈ কৰ ভাগ-বতৰা আৰু কেন্দ্ৰীয় অনুদান হিচাপে ৫.৬১ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বহু উন্নয়ন আঁচনিত ৯০:১০ কেন্দ্ৰ-ৰাজ্য অনুপাতো আছে। ২০২৬-২৭ বাজেটত অসমক পুনৰ উন্নয়ন সহায়ৰ কথা ঘোষণা কৰা হৈছে। গতিকে ‘দিল্লীয়ে অসমক একো নিদিয়ে’, এই কথাটো তথ্যগতভাৱে সম্পূৰ্ণ সত্যও নহয়।
কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে অসমৰ সকলো প্ৰশ্নৰ সমাধান হৈ গ’ল। কাৰণ উন্নয়নৰ টকা আৰু অধিকাৰৰ প্ৰশ্ন একে বস্তু নহয়। অসমৰ মানুহে কেৱল ৰাস্তা নিবিচাৰে, কেৱল দলং নিবিচাৰে, কেৱল আঁচনি নিবিচাৰে। তেওঁলোকে বিচাৰে – নিজৰ ভূমি, ভাষা, সংস্কৃতি, পৰিচয়, আৰু ভৱিষ্যতৰ ওপৰত অৰ্থপূৰ্ণ অংশীদাৰিত্ব। তেওলোকে বিচাৰে সম্পদৰ ওপৰত অধিকাৰ।
১৯৮৫ৰ অসম চুক্তিৰ ষষ্ঠ দফাতেই অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় ৰক্ষাৰ বাবে সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক সুৰক্ষাৰ কথা কোৱা হৈছিল। অথচ ২০১৯তো কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰিছিল যে চুক্তিখনৰ ষষ্ঠ দফা সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই।
কেৱল সিমানেই নহয়; অসমৰ ভূমি আৰু প্ৰাকৃতিক সম্পদৰ অধিকাৰ এতিয়া অসমৰ মানুহৰ হাতৰ পৰা পুঁজিপতি বণিয়াৰ হাতলৈ গৈছে। চৰকাৰ আৰু পুঁজিপতিৰ বাবে অসমতে অসমৰ মানুহ ভগনীয়া হ’বলগা হৈছে। পাৰ্বত্য জিলাসমূহকে ধৰি অসমৰ থলুৱা মানুহৰ পৰা মাটিবোৰ কাঢ়ি, তেওঁলোকক গৃহহীন-জীৱিকাহীন কৰি, তেওঁলোকৰ সভ্যতা মৃত্যুমুখলৈ থেলি দি সেই মাটি আদানী, আম্বানী, ৰামদেৱ, বেদান্তা, টাটা আদিৰ দৰে পুঁজিপতিগোষ্ঠীক দি দিয়া হৈছে। দিনক দিনে অসমৰ সম্পদৰ ওপৰত অসমৰ থলগিৰি মানুহৰ অধিকাৰ বাঢ়িক চাৰি কমিবহে লাগিছে। অসমৰ ল’ৰা-ছোৱালীৰ হাতত চাকৰি নাই, খেতি বাতি কৰিলে বজাৰ নাই, ব্যৱসায় কৰিবলৈ টকা নাই। অথচ এই অসমত মাটি, নদী, পাহাৰ, খনিজ সম্পদ সকলো আছে। কিন্তু পদ্ধতিগত, কৌশলগতভাবে স্বাধীনমনা অসমৰ মানুহক গোলামলৈ পৰিণত কৰা হৈছে; প্ৰজাৰ পৰা দাসলৈ।
সেয়ে প্ৰশ্ন হয়, স্বাধীন ভাৰতৰ ভিতৰত অসম কিমান স্বাধীন? সম্পদ আছে, কিন্তু সিদ্ধান্ত কাৰ? ব্ৰহ্মপুত্ৰ আছে, তেল আছে, প্ৰাকৃতিক গেছ আছে, চাহ আছে, কয়লা আছে, চূণশিল আছে, অৰণ্য আছে, মানুহ আছে, মেধা আছে। কিন্তু অসমৰ ৰাইজৰ মনত এতিয়াও আছে এটা উপলব্ধি; উপলব্ধিটো হ’ল- সম্পদৰ অনুপাতে সুযোগ নাই, সম্পদৰ অনুপাতে প্ৰাপ্য নাই। আছে মাথো ৰাষ্ট্ৰৰ টোপ। এই উপলব্ধিটোক ৰাজনীতিৰ ভাষাত ব্যাখ্যা কৰিব পাৰি, অৰ্থনীতিৰ ভাষাত বিশ্লেষণ কৰিব পাৰি, কিন্তু এটা কথাক অস্বীকাৰ কৰিব নোৱাৰি। যেতিয়া এখন ৰাজ্যৰ এজন যুৱক বা এগৰাকী যুৱতীয়ে নিজৰ মাটিতেই নিজৰ ভৱিষ্যৎ দেখা নাপায়, তেতিয়া যদি কোনোবাই তেওঁলোকক বন্দুক লৈ বিপ্লৱৰ মাজেৰে স্বাধীনতাৰ সপোন দেখুৱায়, সেই সপোনৰ বাবে কেৱল এটা শ্ৰেণীৰ বা সংগঠনেই দায়ী নহয়। ইয়াৰ বাবে দায়ী কোন? এই দায়ী কৰাটো আৰু বন্দুকৰ ভাষাক ন্যায্যতা দিয়া একে কথা নহয়। এই প্ৰশ্ন কৰিলে চৰকাৰে সেই কথাটো বুজিবই লাগিব।

আজি যদি কোনো এজন জনজাতীয় মানুহে পাহাৰৰ দাঁতিত থিয় হৈ সোধে – এই মাটিবোৰ কাৰ? তেওঁ যদি সোধে এই পাহাৰবোৰ কাৰ? যদি নৈপৰীয়া মানুহবোৰে সোধে আমাৰ জীৱনৰ লগত হেতালি খেলি উৎপাদন কৰা বিজুলীবোৰ কাৰ? ডিমা হাচাও, কাৰ্বি আংলং, মিকিৰ বামুণী, ৰাভা হাছঙৰ মাটিবোৰ কাৰ? ইংলে পথাৰখন কাৰ? প্ৰাঞ্জল মৰাণক কোনে মাৰিলে? উমৰাংছুৰ কয়লাখনিত ৯ জন শ্ৰমিক কাৰ বাবে মৰিল? আমাৰ কয়লাবোৰ কোনে নি আছে? আমাৰ জীৱন আৰু সভ্যতা-সংস্কৃতিক মৰিবলৈ দি নদীবোৰত কিয় বৃহৎ বৃহৎ বান্ধ বনোৱা হৈছে? ২০০১ৰ পৰা ২০২৪লৈ অসমৰ ৩,৪০০ বৰ্গ কিলোমিটাৰ সেউজীয়া অৰণ্য কোনে কাটি নিলে? অসমৰ বজাৰবোৰত অসমৰ মানুহৰ দখল নাই কিয়? অসমৰ ৰাজনীতিত কিয় বাঢ়ি আহিছে অনাঅসমীয়াৰ প্ৰতিনিধিত্ব? ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ক’ত? মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়বোৰ কিয় বন্ধ হৈছে? শিৱসাগৰত বানৰ তাণ্ডৱৰ কাৰণ কি? কাৰ স্বাৰ্থত বাৰে বাৰে সলনি বা প্ৰৱৰ্ত্তন কৰা হয় ইখনৰ পিছত সিখনকৈ আইন? অসমৰ ভৱিষ্যত কোনে নিৰ্ধাৰণ কৰিছে? আলফা দমনৰ নামত নীৰিহ মানুহক কিয় মৰা হ’ল? আলফা দমনৰ নামত ভনীমাইন কিয় বলাৎকাৰ কৰা হ’ল? এইবোৰ প্ৰশ্নৰ উত্তৰবোৰেও শেষত সেই একেটা কথাই উপলব্ধি কৰায় – পূৰ্বতে কোৱাৰ দৰে, সেয়ে অসমৰ মানুহৰ বাবে স্বাধীনতাৰ অৰ্থটো অলপ বেলেগ।
ক্ষোভ সত্য হ’ব পাৰে, বঞ্চনাৰ অনুভৱ সত্য হ’ব পাৰে, জাতীয় অধিকাৰৰ দাবীও ন্যায়সংগত হ’ব পাৰে। কিন্তু আজিৰ তাৰিখত হিংসা তথা সশস্ত্ৰ বিপ্লৱ কেতিয়াও মুক্তিৰ আচল পথ হ’ব নোৱাৰে। এতিয়া বন্দুকৰ ঠাই লৈছে প্ৰশ্নই। আজি সমাজৰ সন্মুখত নতুন প্ৰজন্ম। তেওঁলোকৰ হাতত AK-47 ৰ সলনি মোবাইল ফোন। জংঘলৰ সলনি ডিজিটেল পৃথিৱী। তেওঁলোকে স্বাধীনতা বিচাৰে, কিন্তু সেই স্বাধীনতাৰ সংজ্ঞা হয়তো আগৰ প্ৰজন্মতকৈ পৃথক।
তেওঁলোকে বিচাৰে চাকৰি, উদ্যোগ, উন্নত শিক্ষা, মাতৃভাষাৰ সুৰক্ষা, স্বচ্ছ ৰাজনীতি, দুৰ্নীতিমুক্ত প্ৰশাসন, মাটিৰ অধিকাৰ, বানপানীৰ স্থায়ী সমাধান আৰু দিল্লীৰ সন্মুখত নিজৰ কথা কোৱাৰ অধিকাৰ। এইখিনিতে হয়তো অসমৰ নতুন স্বাধীনতা সংগ্ৰামৰ আৰম্ভণি। বন্দুক নোহোৱাকৈ; ভোটেৰে, কলমেৰে, আইনেৰে, সংগঠিত নাগৰিক সমাজেৰে।
যদি স্বাধীনতাৰ বাবে এদিন অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে বন্দুক হাতত তুলি ল’বলগীয়া হৈছিল, তেন্তে আজি স্বাধীনতাৰ ৮০ বছৰত আমি তেওঁলোকক কি উত্তৰ দিম? হয়তো ক’ম – তোমালোকে ভুল পথ বাছিছিলা। সমাধান দিব নোৱাৰা এটা পথ। সেই পথেদি আগুৱাই গ’লে কি কৰুণ ইতিহাসৰ সৃষ্টি হ’ব পাৰে, অসমে কিমান কৰুণ ঘটনাৰ মুখামুখি হ’ব পাৰে, কিমান জীৱন বৃথাই যাব পাৰে – সেই সম্পৰ্কে তোমালোক দূৰদৰ্শী নাছিলা। কিন্তু তাৰ লগতে এইটোও ক’ব লাগিব , তোমালোকে যি প্ৰশ্নবোৰ সুধিছিলা, সেই প্ৰশ্নবোৰ কাহানিও ভুল নাছিল, এতিয়াও ভুল হ’ব নোৱাৰে।


