• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

উৎসৱ আৰু অধঃপতন

পৰাগ পবন শৰ্মা বড়া by পৰাগ পবন শৰ্মা বড়া
May 15, 2022 8:38 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৭৫–৭৭ চনৰ দৃশ্য কিছুমান ফটফটীয়াকৈ চকুৰ আগলৈ আহি আছে।তেতিয়া জৰুৰীকালীন অৱস্থাত দেশৰ সকলো বিৰোধী কাৰাৰুদ্ধ। খোলা ময়দানত শাসক কংগ্ৰেছ দলে অকলেই। হাঁহি কিৰিলিৰে বল খেলি আছিল লগত কনিষ্ঠ সহযোগী চি পি আই (ভাৰতৰ কমিউনিষ্ট পাৰ্টি) নামৰ দলটোক কাষতলৈ।

কুৰিদফীয়া আঁচনিৰ সমৰ্থনত গাঁৱে-ভূঞে, নগৰে- চহৰে কংগ্ৰেছ আৰু কমিউনিষ্ট দলৰ যৌথ উদ্যোগত বিৰাট বিৰাট গণ সমাবেশ কিছুমান অনুষ্ঠিত হৈছিল।এইবোৰলৈ পুলিচে তথা চৰকাৰী বিভাগবোৰে পাব্লিক বাছবোৰ বা আন গাড়ী মটৰ অধিগ্ৰহণ কৰি হাজাৰ হাজাৰ মানুহগোট খুৱাইছিল। কংগ্ৰেছ আৰু চি পি আই দলৰ নেতা সকলে ডিঙি ফুলাই ফুলাই চিঞৰি চিঞৰি ইন্দিৰা গান্ধী, সঞ্জয় গান্ধীক তৈলমৰ্দন কৰি প্ৰশস্তিৰে ভৰা ভাষণ দি আছিল।তেতিয়া মুখ্যমন্ত্ৰী শৰৎ সিংহই সমবায় আন্দোলনৰ প্ৰশস্তিগীত ৰচনা কৰি আকাশবাণীৰ জৰিয়তে প্ৰচাৰ কৰিছিল।

Apply Now

এই সকলোবোৰৰ চুড়ান্ত পৰ্যায় পাইছিল গুৱাহাটীত জৱাহৰ নগৰ নামেৰে ঠাই এটুকুৰাৰ নামাকৰণ কৰি পতা নিখিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত।তেতিয়া মুখ্যমন্ত্ৰী শৰৎ সিংহ আৰু তেওঁৰ সহযোগী মন্ত্ৰী হিতেশ্বৰ শইকীয়া আদিয়ে ইন্দিৰা গান্ধী, সঞ্জয় গান্ধীৰ সন্তুষ্টি, মনোৰঞ্জনৰ বাবে দেহ মন ঢালি কাম কৰিছিল। কইনাধৰা পাহাৰত লাখ লাখ চৰকাৰী টকা খৰচ কৰি কংগ্ৰেছ সভাপতি দেৱকান্ত বৰুৱা আৰু ইন্দিৰা গান্ধী, সঞ্জয় গান্ধীৰ বাবে পৃথক অতিথিগৃহ নিৰ্মাণ কৰা হৈছিল।তেতিয়া অসমৰ কাকত-পত্ৰ সকলোতে ইন্দিৰা গান্ধী, সঞ্জয় গান্ধীৰ লগতে কংগ্ৰেছ সভাপতি দেৱকান্ত বৰুৱাৰ প্ৰশস্তিগীত গুণানুকীৰ্তন আদি মুখৰিত হৈ আছিল।

তেতিয়া “অসমৰ পোনাটি’ কলংপৰীয়া কবি দেৱকান্ত বৰুৱাকলৈ আমাৰ কবি- সাহিত্যিক- বুদ্ধিজীৱী সকলো একেবাৰে আবেগ আকুল হৈ পৰিছিল। বয়োজ্যেষ্ঠ কবি অতুল হাজৰিকাৰ “কইনাধৰাৰ সুৰ” নামৰ প্ৰশস্তি কবিতা এটাও বাতৰি কাকতত প্ৰকাশ পাইছিল। গুৱাহাটীৰ জৱাহৰ নগৰত হোৱা কংগ্ৰেছ অধিৱেশনখনক ইন্দিৰা তনয় সঞ্জয় গান্ধীৰ “ৰাজ অভিষেক মহোৎসৱ” বুলিও অনেকে অভিহিত কৰিছিল।

তেতিয়া দেশজুৰি বিশেষকৈ উত্তৰ ভাৰতত সঞ্জয় গান্ধীৰ যুৱক কংগ্ৰেছৰ স্বেচ্ছাসেৱী(স্বেচ্ছাচাৰী?)বাহিনীৰ চুড়ান্ত তাণ্ডৱ চলিছিল। বয়োবৃদ্ধ কংগ্ৰেছ নেতা সকলেও মুখবন্ধ কৰি তললৈ মূৰ কৰি থাকিবলগীয়া হৈছিল।আনকি সহযোগী চি পি আই দলেও সঞ্জয় বাহিনীৰ অতপালিত অতীষ্ঠ হৈ কিবা এষাৰ ক’ব খোজোতে স্বয়ং ইন্দিৰা গান্ধীয়ে চকু পকাই ধমক দি “১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কমিউনিষ্ট পাৰ্টিয়ে গ্ৰহণ কৰা ভাৰতৰ জাতীয় স্বাৰ্থ বিৰোধী ভূমিকাৰ কথা সোঁৱৰাই দি পুনৰ কমিউনিষ্ট পাৰ্টিৰ তেনেকুৱা দেশবিৰোধী কথাকাণ্ড মুঠেই বৰদাস্ত কৰা নহব বুলি গুৱাহাটীৰ জৱাহৰলাল নগৰৰ কংগ্ৰেছ অধিবেশনৰ মঞ্চৰ পৰাই সতৰ্ক কৰি দিছিল।

ইয়াৰ মাত্ৰ কেইমাহমানৰ পিছত বিৰোধীশূন্য মুকলি ময়দানত সহজ বিজয়ৰ আশা কৰি ইন্দিৰা গান্ধীক স্বৈৰাচাৰী বুলি বিদেশত হোৱা সমালোচনা বন্ধ কৰিবলৈ লোকসভাৰ নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰা হৈছিল। তাৰ পৰা মাত্ৰ দুই/আঢ়ৈ মাহৰ ভিতৰতে দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কেইটা একত্ৰিত হৈ জনতা পাৰ্টি গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কলিকতাৰ পৰা আহমেদাবাদলৈকে সমগ্ৰ উত্তৰ ভাৰতত এখনো লোকসভাৰ আসনত জিকিবলৈ সমৰ্থ নহৈ কংগ্ৰেছ দল অভাৱনীয় পৰাজয়ৰ সন্মুখীন হৈছিল।খোদ ইন্দিৰা গান্ধী সঞ্জয় গান্ধীও ৰণত পৰিছিল।

বৰ্তমান দেশখনত চলি থকা ৰাজনৈতিক কথাকাণ্ডৰ ওপৰত কিবা একলম লেখিম বুলি ভাবোতেই ওপৰৰ কথাখিনিহে মনলৈ আহিল।এতিয়া দেশত বিৰোধী নিষিদ্ধ বা কাৰাৰুদ্ধ নহয়, বিভক্ত আৰু আত্মকলহত জৰ্জৰিত হৈ দুৰ্বল। শাসক শিবিৰত আকৌ সেই তাহানিৰ কথাকাণ্ডবোৰৰে যেন পুনৰাবৃত্তি ঘটিছে।চৰকাৰে দীৰ্ঘদিন খালী হৈ থকা চৰকাৰী বিভিন্ন পদবোৰ পূৰণ কৰি বহুত যুৱক- যুৱতীক নিয়োগৰ সুবিধা দিছে ভাল কথা।

কিন্তু ইয়াকেলৈ ইমান সভা- সমিতি ঢোল- ডগৰৰ প্ৰয়োজন কি?দেশৰ বৰ্ধিত নিবনুৱা সমস্যাৰ ই বাৰু কিমান শতাংশ পূৰণ কৰিব?বাকী বৃহৎ সংখ্যক লোকৰ কৰ্মসংস্থান বা স্বনিয়োজনৰ কিবা সুবিধা কৰা হৈছে নে?বৰ্তমান ভয়াৱহ মূল্যবৃদ্ধিত ৰাইজে চকুৰে ধোঁৱা- কোৱা দেখিছে।চৰকাৰী কৰ-কাটল কমাই ৰাইজক ৰেহাই দিয়াৰ কথা চিন্তা নকৰি চৰকাৰৰ বৰ্ষপূৰ্তিৰ নামত ইমান উলহ মালহ সভা সমাবেশ উচব- পাৰ্বনৰ আয়োজনৰ দৰ্কাৰ কি?এইবোৰৰ খা-খৰচবোৰ ক’ৰ পৰা আহিছে? ভয়াৱহ মুদ্ৰাষ্ফীতিৰ লগত দৰিদ্ৰ শ্ৰেণীয়েই নহয় মধ্যবিত্ত ,উচ্চ মধ্যবিত্ত শ্ৰেণীৰ বাজেটতো নিমিলা অঙ্কৰ সৃষ্টি কৰিছে।ইয়াৰ প্ৰভাৱ বজাৰত পৰিছে,চাহিদাৰ অভাৱত ব্যৱসায়ী শ্ৰেণীৰ লগতে শিল্প উদ্যোগ খণ্ডতো সমস্যা, সংকটৰ সৃষ্টি হৈছে। নিয়োগৰ সুবিধা সংকুচিত হৈছে।

” ভূতৰ ওপৰত দানহ পৰাদি’ অন লাইন বিজনেছ তথা বৃহৎ বৃহৎ শ্বপিং মলবোৰৰ কৃপাত দেশত “নিয়োগৰ বৃহৎ সুবিধা দিয়া’ খুচুৰা ব্যৱসায় ,ব্যৱসায়ীৰ এতিয়া একেবাৰে নাভিশ্বাস বন্ধ কৰাৰ উপক্ৰম হৈছে।এই সময়ত ভয়াৱহ অৰ্থনৈতিক সা-সমস্যা সংকটৰ পৰা দেশখনক উদ্ধাৰ কৰাৰ কথা চিন্তা নকৰি শাসক দল তথা চৰকাৰখনে এনেকুৱা সভা- সমাবেশ উচব- পাৰ্বনবোৰৰ আয়োজন কৰাত অধিক উৎসাহ প্ৰদৰ্শন কৰাৰ কাৰণ কি?এইবোৰৰ আৰ্জিত ফল তেওঁলোকেও ভোগ কৰিব নেলাগিবনে? গতিকে ভগৱন্তক খাটিছো যাতে আমাৰ দেশত চুবুৰীয়া শ্ৰীলঙ্কাৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহয়!!!

                                                                                   লেখক এগৰাকী বিশিষ্ট নিৱন্ধকাৰ

                                                                                            ভ্ৰাম্যভাষ– ৬০০০৭৫৭৭৫৮

পৰাগ পবন শৰ্মা বড়া

পৰাগ পবন শৰ্মা বড়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd