• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

সুজাতা হাতীবৰুৱা by সুজাতা হাতীবৰুৱা
June 27, 2026 5:16 pm
452
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন শিক্ষক হিচাপে মই সদায় বিশ্বাস কৰি আহিছোঁ যে নিয়মৰ উদ্দেশ্য হৈছে ন্যায় নিশ্চিত কৰা। নিয়মৰ দ্বাৰা যদি সমান সুযোগ, স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত নহয়, তেন্তে নিয়ম কেৱল কাগজতে ৰৈ যায়।

সাম্প্রতিক কেইবছৰমান ধৰি এটা অভিজ্ঞতাই মোক এই বিষয়টো নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে।

Apply Now

মই ২০১৩ চনৰ পৰা কামৰূপ জিলাৰ পুঠিমাৰী মহাবিদ্যালয়ৰ এজন স্থায়ী শিক্ষক হিচাপে কৰ্মৰত। ২০২৩ চনৰ মে’ মাহত গুৱাহাটী (গৌহাটী) বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত নতুন পৰীক্ষা নিয়মাৱলী জাৰি কৰিছিল। সেই নিয়মাৱলীত স্পষ্টভাৱে উল্লেখ আছিল যে Assistant Officer-in-Charge পদটো একে ব্যক্তিৰ হাতত দীঘলীয়া সময় ধৰি কেন্দ্রীভূত হৈ থাকিব নালাগে, কেৱল স্থায়ী শিক্ষককহে সেই দায়িত্ব অর্পণ কৰিব লাগে আৰু সকলো যোগ্য শিক্ষকক পৰীক্ষা পৰিচালনাৰ অভিজ্ঞতা আৰু প্ৰশিক্ষণ লাভৰ সুযোগ দিব লাগে।

এই নিয়মাৱলী প্রকাশ পোৱাৰ পিছত মই ভাবিছিলো যে বিশ্ববিদ্যালয়ে যি উদ্দেশ্যৰে এয়া আগবঢ়াইছে-সুযোগৰ বিকেন্দ্ৰীকৰণ, অধিক সংখ্যক শিক্ষকক প্রশাসনিক অভিজ্ঞতা প্রদান, আৰু ন্যায়সংগত অংশগ্রহণ-সেই উদ্দেশ্য বাস্তৱত প্রতিফলিত হ’ব।

গতিকে, মই ভাবিছিলো, অন্ততঃ ইমান বছৰে এই অভিজ্ঞতাৰ পৰা কোনো কাৰণ অবিহনে বঞ্চিত হৈ অহা মোক এই নিয়মাৱলীৰ ৰূপায়ণে এক সুযোগ দিব। কিন্তু সময় পাৰ হোৱাৰ লগে লগে মোৰ অভিজ্ঞতা বেলেগ হ’ল।

মই এজন স্থায়ী শিক্ষক, এক দশকৰো অধিক সময় ধৰি কৰ্মৰত। গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষাৰ সময়ত কেবাখনো মহাবিদ্যালয়ত মোক Supervisory Officer হিচাপেও দিয়া দায়িত্বও পালন কৰি আহিছোঁ। তথাপি মই Assistant Officer-in-Charge হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ আজিলৈকে নিজৰ কর্মক্ষেত্রত লাভ নকৰিলোঁ। ইয়াক মই কেৱল এটা পদ লাভৰ প্ৰশ্ন হিচাপে চোৱা নাই। এই ধৰণৰ দায়িত্বই শিক্ষকক প্রশাসনিক অভিজ্ঞতা, প্রতিষ্ঠানিক জ্ঞান আৰু পেছাগত বিকাশৰ সুযোগ প্রদান কৰে।

মোৰ বাবে গুৰুত্বপূর্ণ আন এটা প্রশ্ন-বিশ্ববিদ্যালয়ে প্রণয়ন কৰা নিয়মসমূহ বাস্তৱত প্রয়োগ হৈছে নে নাই? এই প্ৰশ্নৰ উত্তৰ বিচাৰি মই বিভিন্ন পথ অনুসৰণ কৰিলোঁ।

২০২৪ চনৰ মে’ মাহত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকলৈ ই-মেইল লিখিলোঁ। কোনো উত্তৰ নাপালোঁ। নৱেম্বৰ ২০২৪ত পুনৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ। তেতিয়াও কোনো উত্তৰ নাহিল।

২০২৪ চনৰ জুলাই মাহত পুঠিমাৰী মহাবিদ্যালয়ৰ পৰিচালনা সভাত এজন প্রতিনিধিত্বমূলক সদস্য হিচাপে বিষয়টো উত্থাপন কৰিলোঁ। বিষয়টো আলোচনালৈ আহিল যদিও মোৰ প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ পোৱা নগ’ল। মই শিক্ষক গোটৰ সহায়ো বিচাৰিলোঁ। তাতো সমস্যাটোৰ কোনো ফলপ্রসূ সমাধান পোৱা নগ’ল।

শেষত, ২০২৪ ৰ নৱেম্বৰত মই CPGRAMS-ৰ জৰিয়তে বিষয়টো উত্থাপন কৰিলোঁ। অভিযোগটো উচ্চ শিক্ষা সঞ্চালকালয়, অসমৰ মাজেৰে গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰা হ’ল। মই আশা কৰিছিলোঁ যে অন্ততঃ এতিয়া বিষয়টোৰ ওপৰত এটা স্পষ্ট ব্যাখ্যা পাম। মই পঞ্জীয়ক ডাঙৰীয়াকো ব্যক্তিগতভাৱে কার্যালয়ত লগ কৰি জনাইছিলো যে এইটো কেৱল মোৰ ব্যক্তিগত বিষয় মুঠেই নহয়।

কিন্তু যি উত্তৰ আহিল, যোৱা মে’ মাহৰ ২০ তাৰিখে, সেয়া আছিল মাত্র এটা বাক্য- “This matter is not related to Gauhati University.”

সেই উত্তৰটোৱে মোৰ মূল প্ৰশ্নটোৰ উত্তৰ নিদিলে। বৰঞ্চ আৰু অধিক প্ৰশ্নৰ জন্ম দিলে। যদি গুৱাহাটী বিশ্ববিদ্যালয়ে নিয়ম প্রণয়ন কৰে, তেন্তে সেই নিয়মৰ বাস্তৱত ৰূপায়ণৰ দায়িত্ব কাৰ?

যদি কোনো মহাবিদ্যালয়ত সেই নিয়মসমূহৰ অপপ্রয়োগ সম্পর্কে প্রশ্ন উত্থাপন হয়, তেন্তে সেই প্রশ্ন ক’ত উত্থাপন কৰিব লাগে? যদি বিশ্ববিদ্যালয় নিজেই কয় যে বিষয়টো বিশ্ববিদ্যালয়ৰ সৈতে সম্পর্কিত নহয়, তেন্তে কোনে নিশ্চিত কৰিব যে বিশ্ববিদ্যালয়ৰ নিয়মসমূহ পালন কৰা হৈছে নে নাই?

এই প্রশ্নসমূহৰ উত্তৰ বিচাৰি মই পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষলৈ লিখিছোঁ। এইবাৰ মোৰ দাবী কোনো পদ, সুবিধা বা বিশেষ অধিকাৰৰ নহয়। মই কেৱল এটা কথা জানিব বিচাৰিছোঁ-বিশ্ববিদ্যালয়ে জাৰি কৰা নিয়মৰ বাস্তৱত ৰূপায়ণৰ বাবে দায়িত্বশীল কর্তৃপক্ষ কোন?

মোৰ এই তিতা আৰু দীঘলীয়া অভিজ্ঞতাই মোক এটা ডাঙৰ সত্য উপলব্ধি কৰাইছে। এই সমস্যা কেৱল মোৰ নহয়।

অসমৰ বিভিন্ন মহাবিদ্যালয়ত বহু শিক্ষক আছে যিসকলে বছৰ বছৰ ধৰি নিষ্ঠাৰে সেৱা আগবঢ়াইছে, কিন্তু বিভিন্ন প্রশাসনিক সুযোগ, অভিজ্ঞতা আৰু দায়িত্বৰ পৰা বঞ্চিত হৈছে। তেওঁলোকৰ বহুতে হয়তো কেতিয়াও অভিযোগ নকৰে। বহুতে হয়তো নীৰৱেই থাকে। বহুতে হয়তো ভাবে যে কোনো লাভ নহ’ব। আৰু খুব নগণ্য সংখ্যকে অকলশৰীয়া আইনী যুঁজত নামি পৰিছে নিজৰ সন্মান, অধিকাৰ আৰু প্ৰাপ্য পদোন্নতি আদিৰ বাবে।

মই তেওঁলোকৰ হৈও লিখিছোঁ। কাৰণ বিষয়টো কোনো ব্যক্তিৰ নহয়; বিষয়টো হৈছে ব্যৱস্থাটোৰ। বিষয়টো হৈছে-নিয়ম যোগ্যসকলৰ সকলোৰে বাবে সমানে প্রযোজ্য হয় নে নহয়।

বিষয়টো হৈছে-এজন শিক্ষকে যদি কোনো নিয়মৰ ব্যাখ্যা বিচাৰে, তেওঁ সেই ব্যাখ্যা পোৱাৰ অধিকাৰ আছে নে নাই। প্রতিষ্ঠানসমূহৰ ঊর্ধ্বতন কর্তৃপক্ষ নিজৰ ঘোষিত নীতি আৰু নিয়মৰ প্ৰতি কিমান জবাবদিহি।

আমি উচ্চ শিক্ষাৰ উৎকৰ্ষৰ কথা কওঁ। কিন্তু উৎকৰ্ষৰ ভিত্তি হৈছে ন্যায়। ন্যায়ৰ ভিত্তি হৈছে সমান সুযোগ। আৰু সমান সুযোগৰ ভিত্তি হৈছে নিয়মৰ সৎ, স্বচ্ছ আৰু সামঞ্জস্যপূর্ণ প্রয়োগ। যদি নিয়ম আছে, তেন্তে সেই নিয়ম কার্যকৰী হ’ব লাগিব। আৰু যদি নিয়ম কার্যকৰী নহয়, তেন্তে অন্ততঃ কোনোবাই ক’ব লাগিব তাৰ বাবে দায়িত্ব কাৰ? মই তাকে জানিব বিচাৰিছোঁ। আৰু সেই উত্তৰটোৰ মই এতিয়া অপেক্ষা কৰি আছোঁ।

সুজাতা হাতীবৰুৱা

সুজাতা হাতীবৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেলত বহিও চায় পৰ্ণ ছবি! ধৰ্ষণৰ গোচৰত কাৰাবন্দী প্ৰাক্তন সাংসদৰ ফোনত প্ৰায় ১০০ টা ভিডিঅ’

জেলত বহিও চায় পৰ্ণ ছবি! ধৰ্ষণৰ গোচৰত কাৰাবন্দী প্ৰাক্তন সাংসদৰ ফোনত প্ৰায় ১০০ টা ভিডিঅ’

August 13, 2026 3:04 pm
১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

August 13, 2026 1:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd