• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষক আন্দোলন: মুখ্যমন্ত্ৰী যেতিয়া প্ৰধানমন্ত্ৰী হ’ল তেওঁ কিয় এম এচ পি কথা নুশুনা হ’ল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 24, 2024 9:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনালোকে জানে এই মুহূৰ্তত হাৰিয়ানাৰ সীমান্তত কি অৱস্থা হৈ আছে? পঞ্জাৱৰ পৰা  হাজাৰ হাজাৰ কৃষকে ট্ৰেক্টৰ আৰু বিভিন্ন যান-বাহনেৰে আহি হাৰিয়নাৰ সীমা বগাই দিল্লীত সোমাই দিল্লী ঘেৰাও কৰাৰ চেষ্টা কৰি আছে। চৰকাৰে কি কৰিছে? কৃষক সকলে যাতে কোনোপধ্যেই হাৰিয়ানা পাৰ হৈ আহি দিল্লীত সোমাব নোৱাৰে তাৰ কাৰণে কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰে কি কৰা নাই? তেওঁলোকে ৰাস্তাত গাঁত খান্দিছে, গজাল পুতিছে, পকা বেৰ দিছে, সীমান্তত দিয়াৰ দৰে কাইটীয়া তাঁৰৰ বেৰ দিছে। 

কি আচৰিত কথা? নিজ দেশৰ নাগৰিকক, তাতো যিসকলে খাদ্য শস্য উৎপাদন কৰি আমাক খু্ৱাই আছে তেওঁলোকৰ প্ৰতি চৰকাৰৰ এনে শত্ৰুজ্ঞান! ইতিমধ্যে পাঁচজন আন্দোলনকাৰী কৃষকৰ বিভিন্ন কাৰণত মৃত্যু হৈছে আৰু আৰু ২২ বছৰীয়া তৰুণ কৃষক শুভকৰণ সিঙে পুলিচৰ গুলীত প্ৰাণ দিব লগা হৈছে। চৰকাৰে অন্নদাতা কৃষক এজনক গুলীয়াই হত্যা কৰিলে। ইয়াতকৈ লজ্জাজনক কথা কি হ’ব পাৰে? 

Apply Now

যোৱাবাৰ ২১ মহীয়া আন্দোলনৰ অন্তত  চৰকাৰে তিনিখন কৃষক বিৰোধী ক’লা আইন বাতিল কৰিবলৈ বাধ্য হৈছিল। তেতিয়াও আলোচনাৰ মেজত আন্দোলনকাৰী কৃষক সকলে ‘এম এচ পি’ৰ বিষয়টো উলিয়াইছিল। এম এচ পি কি? নূন্যতম সমৰ্থন মূল্য, অৰ্থাৎ এটা শস্য উৎপাদন কৰোতে যিখিনি খৰচ নকৰলে নহয়, সেই খৰচ। এই কথাটো অতি সুন্দৰকৈ ব্যাখ্যা কৰিছে সমাজ বিজ্ঞানী, কৃষি বিজ্ঞানী আৰু ৰাজনৈতিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদৱে।

যোৱা ৬০ বছৰে দেশত এটা দস্তুৰ চলি আহিছে যে চৰকাৰে বছৰত দুবাৰকৈ শইচ লগোৱাৰ আগতে প্ৰতিবিধ শস্যৰ নূন্যতম সমৰ্থন মূল্য এটা ঘোষণা কৰে। কৃষক সকলে কৈছে যে চৰকাৰে ইমানদিনে যিটো ঘোষণা কৰি আহিছে তাক এক আইনী নিশ্চয়তা প্ৰদান কৰক আৰু যেতিয়াই মুকলি বজাৰত শস্যৰ মূল্য নূন্যতম সমৰ্থন মূল্যতকৈ পৰি আহে সেই শস্য চৰকাৰে ক্ৰয় কৰক। মজাৰ কথাটো হ’ল – নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়া তেওঁ ‘এম এচ পি’ৰ সমৰ্থনত সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ চিঠি লিখিছিল। আৰু ২০১৪ চনৰ নিৰ্বাচনৰ আগে আগে সমগ্ৰ ভাৰতবৰ্ষতে এম এচ পিক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছিল। এতিয়া সেই মুখ্যমন্ত্ৰী যেতিয়া প্ৰধানমন্ত্ৰী হ’ল তেওঁ কিয় ‘এম এচ পি’ৰ কথা নুশুনা হ’ল? চৰকাৰৰ যুক্তি কি? এতিয়ালৈকে চৰকাৰে আন্দোলনকাৰী কৃষকসকলৰ লগত কেইবালানিও আলোচনা কৰিলে। কিন্তু, কৃষকসকলৰ মূল যি দাবী চৰকাৰ কিন্তু তাৰ ওচৰেপাজৰেও যোৱা নাই। বিভিন্ন ধৰণৰ আভুৱা ভৰা কথা কৈ কৃষক সকলক বিপথে নিয়াৰহে চেষ্টা কৰি আছে। নানা কূট কৌশল কৰি কৃষক আন্দোলনটো ভংগ কৰিবলৈ চেষ্টা কৰি আছে। চৰকাৰৰ যুক্তি হ’ল ‘এম এচ পি’ক ন্যায়িক মৰ্যাদা বা নিশ্চয়তা দিলে চৰকাৰে তাৰ বাবে দহ লাখ কোটি টকা খৰচ কৰিব লাগিব যদিহে এম এচ পি দি চৰকাৰে সকলো শস্য কিনিব লাগে। মিছা কথা। এম এচ পিৰ নিশ্চয়তা দিয়া মানে চৰকাৰে সমগ্ৰ কিনা নহয়। শস্য মুকলি বজাৰত বিক্ৰি হ’ব। যেতিয়া ভাও এম এচ পি তললৈ যায় সেইখিনি শস্যহে চৰকাৰে কিনিব। কোনোবা এটা স্বতন্ত্ৰ সংস্থাই কৈছে যে সেইখিনি শস্য কিনিবলৈ চৰকাৰক মাত্ৰ ২৩ হাজাৰ কোটি মান টকাৰহে প্ৰয়োজন হ’ব যিটো কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ শূন্য শূন্য কিবা শতাংশহে। সেইখিনি পইচাও চৰকাৰে খৰচ কৰিব নোৱাৰে নে?  

দুটা কথা বৰ গুৰুত্বপূৰ্ণ এটা দুখীয়া মানুহে জীয়াই থাকিবৰ কাৰণে চৰকাৰী বিতাৰণ ব্যৱস্থাৰ দ্বাৰা খাদ্য সামগ্ৰী ৰেহাই মূল্যত পাব লাগে। আৰু যি কৃষকে হাড় ভাঙি পৰিশ্ৰম কৰি শস্য উৎপাদন কৰে তেওঁলোকে অন্ততঃ নূন্যতম সমৰ্থন মূল্য পাব লাগে। সেয়ে, চৰকাৰে কৃষকৰ এই দাবী মানি লোৱাত কোনো আপত্তি থাকিব নালাগে। তেনেহ’লে চৰকাৰে কিয় কৃষকৰ দাবী মানি লোৱা নাই। তাৰ কাৰণ এটাই। চৰকাৰৰ চকু কৃষিত নাই। চৰকাৰৰ চকু কৃষকৰ মাটিত, জমিত। কৃষি কাৰ্য কৰি যদি কৃষকে পৰিয়াল চলাব নোৱাৰে। কৃষক বাচি থাকিব নোৱাৰে তেন্তে তেওঁলোকে মাটিত ৰাখি কি কৰিব? মাটি তেওঁলোকৰ কাৰণে গলগ্ৰহহে হ’ব। গতিকে সেই মাটি বিক্ৰী কৰাই ভাল। কোনে কিনিব সেই মাটি? কিয়? বহুজাতিকে। আদানী আম্বানীয়ে। গতিকে গোটেই খেলটো হ’ল সেইটো। কিয়? আমাৰ অসমত কৃষকৰ মাটি ক’ত গৈ আছে? কোনে কিনি আছে? আমাৰতো মাটি নোহোৱাই হ’ল। কৃষি লাভজনক নহয় বাবে আমাৰ মাটি চন পৰে। চন পৰা মাটি বনিয়াই কিনে। আৰু আমাৰ ল’ৰা নিৰাপত্তীৰক্ষী হ’বলৈ অসমৰ বাহিৰলৈ যায়। পঞ্জাৱ/ হাৰিয়ানাৰ বা ভাৰতৰ আন বহু ৰাজ্যৰ কৃষকে এতিয়াও আশা এৰি দিয়া নাই। সেইকাৰণে তেওঁলোক আন্দোলনত নামিছে। নিৰ্বাচন সমাগত। দেখা যাওক ক’ৰ পানী ক’লৈ যায়?

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd