ছোনীয়া গান্ধীৰ স্মৃতিকথা ‘Belonging: A Journey of Love’ ভাৰতত Penguin Random House-এ প্ৰকাশ নকৰাৰ সিদ্ধান্ত লৈছে। অথচ ভাৰতৰ বাহিৰত আলফ্ৰেড এ. ক্নপফে নৱেম্বৰ মাহত কিতাপখন প্ৰকাশ কৰিব। তেওঁলোকে কিতাপখনৰ ১,০০,০০০ কপি ছপাব বুলি কৈছে। এখন কিতাপৰ এক লাখ কপি ছপোৱাটো এটা মামূলি কথা নহয়। এইটো এটা অভিলেখ। তাৰমানে ছোনীয়া গান্ধীৰ স্মৃতিকথা পঢ়িবলৈ হাজাৰ হাজাৰ পাঠক আগ্ৰহেৰে ৰৈ আছে।
বহুতে ভবাই নাছিল স্বল্পভাষী আৰু নিজৰ ব্যক্তিগত জীৱন জনচক্ষুৰ আঁতৰত ৰখা ছোনীয়া গান্ধীয়ে এদিন স্মৃতিকথা লিখিব। নেহৰুৰ মৃত্যুৰ মাত্ৰ চাৰি বছৰৰ পিছতে, ১৯৬৮ চনত ৰাজীৱ গান্ধীৰ লগত ছোনীয়া গান্ধীৰ বিয়া হৈছিল। সঞ্জয় গান্ধীৰ মৃত্যুৰ আগলৈকে ৰাজীৱ আৰু ছোনীয়াৰ ৰাজনীতিৰ লগত বিশেষ সম্পৰ্ক নাছিল। সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছতহে ৰাজীৱ গান্ধী ৰাজনীতিলৈ আহিছিল। আচলতে তেওঁক ৰাজনীতিত অনা হৈছিল।
তাৰ আগতে জৰুৰীকালীন অৱস্থাৰ পিছত, ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে যেতিয়া ইন্দিৰা গান্ধী আৰু কংগ্ৰেছ দল সাধাৰণ নিৰ্বাচনত পৰাজিত হৈছিল, ইন্দিৰা গান্ধীৰ যৌথ পৰিয়ালটো প্ৰথমবাৰৰ বাবে এক সংকটৰ সন্মুখীন হৈছিল। আনকি দিল্লীত তেওলোকৰ থাকিবলৈ ঘৰ এটাও নাছিল। তেতিয়া পৰিয়ালটোক আশ্ৰয় দিছিল মহম্মদ ইউনুছে তেওঁৰ ১২ ৱিলিংডন ক্ৰেচেণ্টৰ চৰকাৰী বাসভৱনত। সেই সৰু ঘৰটো ইমান কেইটা মানুহৰ কাৰণে সজাই-পৰাই লোৱা কামটো কৰিছিল ছোনীয়া গান্ধীয়ে। তাৰ পিছত, ইন্দিৰা গান্ধী আৰু তেওঁৰ দল ১৯৮০ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত পুনৰ বিপুল ভোটত জয়ী হৈছিল। ইন্দিৰা গান্ধী আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু তাৰ চাৰি বছৰৰ পিছত, ১৯৮৪ চনৰ ৩১ অক্টোবৰৰ দিনা নিজৰ নিৰাপত্তাৰক্ষীৰ গুলীত ইন্দিৰা গান্ধী ঢলি পৰিছিল।
ছোনীয়া গান্ধীৰ কোলাত ইন্দিৰা গান্ধীৰ মৃত্যু হৈছিল। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছতে, ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। তাৰ কেইমাহমান পিছত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে মুঠ ৪১৫ খন আসন লাভ কৰি বিপুল ভোটত জয়ী হৈছিল। ভাৰতত এতিয়ালৈকে অনুষ্ঠিত হোৱা কোনো সাধাৰণ নিৰ্বাচনতে, কোনো এটা দলে ইমান সংখ্যক আসন পোৱা নাই। কিন্তু তাৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনত কংগ্ৰেছে মাত্ৰ ১৯৭ খন আসনহে পাইছিল। ৰাজীৱ গান্ধীয়ে চৰকাৰ গঠন কৰিবলৈ অস্বীকাৰ কৰিছিল। ভি. পি. সিঙৰ নেতৃত্বত নতুন চৰকাৰ গঠন হৈছিল। তাৰপিছত, ১৯৯১ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ২১ মে’ৰ দিনা ৰাজীৱ গান্ধীক তামিলনাডুত হত্যা কৰা হৈছিল। তেতিয়া প্ৰায় ছয় বছৰলৈ ছোনীয়া গান্ধী ৰাজহুৱা জীৱনৰ পৰা আঁতৰি আছিল। কিন্তু কংগ্ৰেছ কৰ্মীসকলৰ দাবীত তেওঁ ১৯৯৭ চনত কংগ্ৰেছ দলত যোগদান কৰিছিল।
ছোনীয়াৰ নেতৃত্বত আৰু মনমোহন সিঙৰ প্ৰধানমন্ত্ৰিত্বত ২০০৪ ৰ পৰা ২০১৪ চনলৈ ইউ.পি.এ. (UPA) চৰকাৰ শাসনত আছিল। এই সময়ছোৱাত ভাৰতৰ জনসাধাৰণৰ কাৰণে শিক্ষাৰ অধিকাৰ আইন, মহাত্মা গান্ধী ৰোজগাৰ যোজনা, তথ্য জনাৰ অধিকাৰ আইনৰ দৰে কেতবোৰ যুগান্তকাৰী আইন প্ৰণয়ন কৰা হৈছিল। ছোনীয়া গান্ধী এতিয়া সক্ৰিয় ৰাজনীতিৰ পৰা লাহে লাহে আঁতৰি যাবলৈ ধৰিছে। ছোনীয়া এসময়ত এগৰাকী অতি ক্ষমতাশালী ব্যক্তি আছিল। ছোনীয়া গান্ধীৰ জীৱন, সফলতা, বিফলতাৰ লগতে এক শোক আৰু কাৰুণ্য ভৰা জীৱন। কিন্তু ভাৰতৰ ৰাজনীতিত যোৱা তিনি দশকত ছোনীয়া গান্ধীৰ দৰে অইন এগৰাকী সাধু আৰু ব্যক্তিত্বসম্পন্না ৰাজনীতিক বিচাৰি পোৱা টান।
ছোনীয়া গান্ধীয়ে এতিয়ালৈকে ৰাজহুৱা জীৱনত কাৰো বিৰুদ্ধে কোনো অমৰ্যাদাকৰ কথা এষাৰো কৈ পোৱা নাই। ছোনীয়া গান্ধীৰ বিষয়ে এতিয়ালৈকে বহুকেইখন জীৱনী ওলাইছে। কিন্তু ২০১১ চনত সাংবাদিক-সম্পাদক বিনোদ মেহতাৰ Lucknow Boy নামৰ স্মৃতিকথাত তেওঁ ছোনীয়া গান্ধীৰ বিষয়ে কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁৰ এই মন্তব্যটোলৈ মন কৰক— Privately, she is both funny and irreverent. Privately. When you meet her for twenty or thirty minutes, she is all attention. Invariably, she is waiting for you and during the interactions I had there were absolutely no interruptions with phone calls, or PAs walking in, as is usual with lesser netas……
গতিকে এতিয়া স্বাভাৱিকতে ছোনীয়া গান্ধীৰ স্মৃতিকথা ‘Belonging: A Journey of Love’ সকলোৰে বাবে কৌতূহলৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এনে এখন কিতাপ ভাৰতত Penguin Random House-এ এতিয়া কিয় প্ৰকাশ নকৰাৰ সিদ্ধান্ত লৈছে? ইতিমধ্যে The Hindu-ৱে আজি তিনিদিন আগতে প্ৰথম পৃষ্ঠাত বাতৰি পৰিৱেশন কৰি উল্লেখ কৰিছে যে বিভিন্ন চৰকাৰী কাৰ্যসূচীত নৰেন্দ্ৰ মোদীক ওচৰৰ পৰা পাই তেওঁৰ বিষয়ে ছোনীয়া গান্ধীয়ে পোষণ কৰা মনোভাব, ভাৰত-পাকিস্তান সন্দৰ্ভত মোদী চৰকাৰৰ অৱস্থান আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ সম্পৰ্কে ছোনীয়া গান্ধীৰ মতামত হেনো প্ৰকাশকৰ মনঃপূত হোৱা নাই। এইখিনিতে স্বাভাৱিকতে কেতবোৰ প্ৰশ্নৰ উদয় হয়। ভাৰতৰ বাহিৰত কোনে কিতাপখন প্ৰকাশ কৰিব? আলফ্ৰেড এ. ক্নপফে। এইটো কিন্তু Penguin Random Houseৰেই এটা তলতীয়া প্ৰকাশন সংস্থা। অৰ্থাৎ মূল প্ৰকাশক Penguin Random Houseএ কিতাপখন ভাৰতত প্ৰকাশ নকৰে, অথচ, তেওঁলোকৰ অধীনস্থ আন এটা সংস্থাই ভাৰতৰ বাহিৰত কিতাপখন প্ৰকাশ কৰিব। এইটো কি ধৰণৰ সম্পাদকীয় সিদ্ধান্ত?
আৰু এটা কথা— প্ৰকাশন উদ্যোগৰ কেইবা দশকৰ অভিজ্ঞতাৰ ভিত্তিত মই ন-দি ক’ব পাৰোঁ যে যি কোনো পেছাদাৰী প্ৰকাশকে দীৰ্ঘদিনীয়া পৰীক্ষা, নিৰীক্ষা আৰু প্ৰস্তুতিৰ অন্ততহে এখন কিতাপ প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। Penguin Random এতিয়া বিশ্বৰ এক নম্বৰ প্ৰকাশক। তেওঁলোকে নিশ্চিতৰূপে কেইবা বছৰৰ পৰা এই কিতাপখনৰ প্ৰকাশনৰ লগত জড়িত খুঁটিনাটিবোৰ তন্ন তন্নকৈ চালিজাৰি চাইছিল। তাৰ অন্ততহে কিতাপখন প্ৰকাশৰ সিদ্ধান্ত লৈছিল। ভাৰতত কিতাপখন প্ৰকাশ পোৱাৰ কথা আছিল ১৮ আগষ্টত। আৰু Penguin Randomএ কিতাপখন প্ৰকাশ নকৰিব বুলি প্ৰথম খবৰটো ওলাইছিল ২৪ আগষ্টৰ দিনা। তেওঁলোকে কি শেষ মুহূৰ্তলৈ পাণ্ডুলিপিত কি আছিল জনা নাছিল! অসম্ভৱ! নিশ্চিতৰূপে চৰকাৰী হস্তক্ষেপত Penguin Randomএ এই সিদ্ধান্ত লৈছে। গতিকে Penguin Random Houseএ কিতাপখন প্ৰকাশ কৰাত অপাৰগতা প্ৰকাশ কৰি যিটো স্পষ্টীকৰণ দিছে সেইটো অন্তঃসাৰশূন্য এক ভণ্ডামি আৰু ভীৰুতাৰ বাহিৰে একো নহয়।
আচল কথাটো হ’ল Penguin Random Houseএ ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰি মোদী চৰকাৰৰ ৰোষত পৰিব বিচৰা নাই। কিয় অৱসৰপ্ৰাপ্ত জেনেৰেল এম এম নাৰভানেৰ Four Stars of Destinyৰ বিতৰ্কৰ কথা আমি পাহৰি গ’লোনেকি? কিন্তু এই গোটেই পৰিঘটনাটোত আচৰিত হ’বলগীয়াও একো নাই। স্বৈৰাচাৰী শাসকে আটাইতকৈ বেছি ভয় কৰা কথাটোৱেই হৈছে মত প্ৰকাশৰ স্বাধীনতা, মুক্তচিন্তা। কিন্তু তেওঁলোকে বুজি নাপায় যে মুক্তচিন্তাক বাধা দি ৰাখিব নোৱাৰি, সি পাৰ ভাঙি যাবই যাব।




