• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগ্নি পৰীক্ষাত অগ্নিপথ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 22, 2022 9:03 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এফালে আমি কৈ আছোঁ- বিশ্বায়নে সমগ্ৰ পৃথিৱীকে হাতৰ মুঠিলৈ আনিছে, আমি সকলো এতিয়া এখন গোলকীয় গাঁৱৰ বাসিন্দা, আনফালে ৰাষ্ট্ৰ বা দেশসমূহৰ মাজত সীমা ঠেলাঠেলি কমক চাৰি দিনক দিনে বাঢ়িহে যাব ধৰিছে। ব্যক্তি সত্ত্বাৰ সামগ্ৰিক বিকাশ আৰু স্বাধীনতাৰ স্বাৰ্থতে বিশ্ব ভাতৃত্ব আৰু মানৱতাৰ প্ৰশ্নবোৰ ক্ৰমান্বয়ে  বলিষ্ঠ ৰূপত দেখা দিছে, যাৰ কাৰণে জাতি-ৰাষ্ট্ৰৰ ধাৰণাটো ক্ৰমে দুৰ্বল হৈ আহিছে।

কিন্তু, এতিয়াও, বিশ্বায়নৰ পোষ্য-পুত্ৰ বহুজাতিকৰ স্বাৰ্থতে দিনে-ৰাতিয়ে পৃথিৱীত যুদ্ধ লাগিয়ে আছে। এই শক্তিবোৰে আমাৰ পৃথিৱীখনত এনে কিছুমান খেলিমেলি লগাই দিছে, যাৰ কাৰণে জাতীয় পৰিচয় বা ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ প্ৰশ্নটো এতিয়াও প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ হৈ আছে। এই পটভূমিতে আমাৰ দেশৰ প্ৰতিৰক্ষা, নিৰাপত্তা আৰু সৈন্যবাহিনীৰ কথাটো এতিয়াও গুৰুত্বপূৰ্ণহৈ আছে।

সৈন্যবাহিনীৰ কথা ক’বলৈ যোৱাটো, বা আমি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰক ভয় খুওৱাটো, সভ্য সমাজৰ কথা হয়নে? কিন্তু চুবুৰীয়া ৰাষ্ট্ৰই যদি আমাক ভয় খুৱায়, আমাক আক্ৰমণ কৰে তেতিয়া আমি কি কৰিম? হাত সাৱটি বহি থাকিম নেকি? সেই কাৰণেই ভাৰতৰ নিৰাপত্তাৰ প্ৰশ্নবোৰ মোকাবিলা কৰিব পৰাকৈ আমাক এটা আধুনিক আৰু শক্তিশালী নিৰাপত্তা বাহিনী লাগে।

Apply Now

এটা নিৰাপত্তাবাহিনীৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কেইটা কি? উপযুক্ত প্ৰশিক্ষণ, আধুনিক প্ৰযুক্তি, অস্ত্ৰ, শস্ত্ৰ আৰু মানসিক দৃঢ়তা। কেতিয়াবা আকৌ শত্ৰুৰে সৈতে যুঁজোতে মানসিক দৃঢ়তাৰ ভূমিকাই আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব পাৰে, যিটো আমি ভিয়েটনাম যুদ্ধৰ সময়ত দেখিছিলোঁ।কিন্তু এতিয়াৰ সময়টো হৈছে পেছাদাৰী সৈনিকৰ সময়। সেয়ে এতিয়া উপযুক্ত প্ৰশিক্ষণ, প্ৰযুক্তি, অস্ত্ৰৰ লগতে সৈনিকসকলৰ আৰ্থিক নিৰাপত্তাৰ প্ৰশ্নটোও সমানে গুৰুত্বপূৰ্ণ। চৰকাৰৰ অগ্নিপথ আঁচনিয়ে যে চাৰিওফালে প্ৰতিবাদৰ অনল বিয়পাই দিছে তাৰ একমাত্ৰ কাৰণ এই আৰ্থিক নিৰাপত্তাৰ অভাৱ নহয় জানো?

এখন দেশ বুলি ক’লে তাৰ ধৰণী কি? তাৰ ধৰণী হ’ল -কৃষক, শ্ৰমিক আৰু জোৱান। সৌ সিদিনালৈ কৃষকে কি কৰি আছিল? কৃষকৰ আন্দোলনৰ সফল সামৰণি আমি দেখিলোঁনে? তাৰো আগতে শ্রমিকৰ কি অৱস্থা হৈছিল বা এতিয়াও তেওঁলোকৰ অৱস্থা কি? বিমুদ্ৰাকৰণে তেওঁলোকৰ ৰাজহাড় যি কোঙা কৰিলে কৰিলেই। তাৰপৰা এতিয়াও তেওঁলোকে ৰাজহাড় পোনাই থিয় হ’বই পৰা নাই। এতিয়া আহি খুন্দাটো পৰিছে জোৱান সকলৰ ওপৰত।

এইখিনিতে আমি চাওঁ আহকচোন, সম্প্ৰতি আমাৰ সৈন্যবাহিনী কেনে অৱস্থাত আছে। অলপতে The Hinduত প্ৰকাশিত এটা প্ৰবন্ধত Centre for Policy Researchৰ ফে’ল’ সুশান্ত সিঙে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰিছে। ভাৰতীয় বায়ুসেনাৰ প্ৰয়োজন ৪২ কোৱাড্ৰণ যুঁজাৰু বিমানৰ, কিন্তু আছে মাত্ৰ ৩০খন, ভাৰতীয় নৌবাহিনীৰ জাহাজ থাকিব লাগে ২০০খন,আছে ১৫০খন।ভাৰতীয় সেনাবাহিনীত এতিয়াও ১০০০০০সেনা কম আছে বুলিয়েই  নতুনকৈ অগ্নিপথ আঁচনিৰ যোগেদি  সৈন্য ভৰ্তি কৰাৰ কথা আহিছে। বৰ্তমানৰ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা বিভাগৰ পেনচনৰ কাৰণে ধাৰ্য কৰা হৈছে ১,১৯,৬৯৬ কোটি টকা আৰু দৰমহাৰ কাৰণে ধাৰ্য কৰা হৈছে ১,৬৩,৪৫৩ কোটি টকা।এইটো হৈছে চৰকাৰৰ প্ৰতিৰক্ষা বাজেটৰ প্ৰায় ৫৪%। এই তথ্য কেইটাই এইটোকে বুজায় যে ভাৰতৰ প্ৰতিৰক্ষা বাজেট সম্প্ৰতি যথেষ্ট চাপত আছে।

গতিকে চৰকাৰে যিয়েই যুক্তি নিদিয়ক কিয়, পইছাৰ অভাৱৰ বাবেই এতিয়া তেওঁলোকে অগ্নিপথ আঁচনিৰ অধীনত মাত্ৰ চাৰি বছৰৰ বাবে ৪৬০০০ নৌ,সেনা,আৰু বায়ু সেনাৰ বাবে যুবক-যুৱতী মকৰলৰ আঁচনি যুগুতাইছে। অৱশ্যে চাৰি বছৰ পাৰ হোৱাৰ পিছত তাৰে ২৫% পৰ্যন্ত যুৱক-যুৱতীক নিয়মীয়া কৰাৰ কথা কোৱা হৈছে। মন কৰিব ২৫% উৰ্দ্ধ সীমাহে। সেই সীমা ১০%, ১৫% বা ২০%ও হ’ব পাৰে। এই ক্ষেত্ৰত আমি দুটা কথা মন কৰা উচিতঃ ১৭, ২১ বা ২৩ বছৰ বয়সত চাকৰিত যোগদান কৰা যুৱক বা যুৱতী এগৰাকীয়ে চাৰি বছৰৰ পিছত যথাক্ৰমে ২১, ২৫ আৰু ২৭ বছৰ বয়সত চাকৰিৰপৰা অৱসৰ পাব। তাৰ পিছত চাকৰি নিয়মীয়া নোহোৱা সকলে ভৰ যৌৱন লৈ কি কৰিব?

কোনোবাই কৈছে, তেওঁলোকৰ কোনো কেনোৱে ভাৰতীয় জনতা পাৰ্টিৰ অফিচতো নিৰাপত্তা ৰক্ষীৰ কাম কৰিব পাৰিব।মই কওঁ মানুহৰ স্পৰ্দ্ধাৰো এটা সীমা থকা উচিত। দুখীয়া, নিচলাক সামান্য পইছা দি ভোটৰ বাবে হিতাধিকাৰী তৈয়াৰ কৰাৰ দৰে প্ৰতিৰক্ষা বিভাগত চাকৰি দিয়াৰ নামত আভুৱা ভাৰি হাজাৰ হাজাৰ যুৱক-যুৱতীক চৰকাৰে আকৌ তেওঁলোকৰ হিতাধিকাৰী কৰিব বিচাৰিছে নেকি?

আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰশিক্ষণ প্ৰতিৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু ইমান কম সময়ৰ ভিতৰত নতুনকৈ মকৰল কৰা ডেকা-ডেকেৰীসকলে কি প্ৰশিক্ষণ ল’ব? ভালদৰে প্ৰশিক্ষিত হয় মানে তেওঁলোকৰ দেখোন চাকৰিৰপৰা অৱসৰ লোৱাৰ সময়েই আহি পাব। আকৌ ভৱিষ্যৎ জীৱনৰ নিৰাপত্তাহীনতাৰ বাবে এওঁলোকৰ মাজত আমি ক’ৰপৰা নিষ্ঠা আৰু মানসিক দৃঢ়তা বিচাৰি পাম? সেয়ে, অগ্নিপথৰ এই গোটেই পদক্ষেপটো আমাৰ দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু এচাম  তৰুণ-তৰুণীৰ জীৱনকলৈ হেতালি খেলাৰ দৰে হোৱা নাইনে?

আচলতে হৈছে কি? চৰকাৰে দেশৰ নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই। কিন্তু অগ্নিপথৰ দ্বাৰা  অহা সাধাৰণ নিৰ্বাচনৰ আগে আগে এক ভূৱা সংস্থাপনৰ আশ্বাস দি এফালে দেশৰ যুৱক-যুৱতীক বিভ্ৰান্ত কৰিব বিচাৰিছে আৰু আনফালে এই হঠকাৰী সিদ্ধান্তৰে দেশৰ প্ৰতিৰক্ষাৰ প্ৰশ্নটোত আপোচ কৰিছে। আঁচনিখনত চৰকাৰে ইতিমধ্যে দুই তিনিটা সংশোধনী অনা কথাটোৱে প্ৰমাণ কৰে যে চৰকাৰে সুচিন্তিতভাবে আঁচনিখন প্ৰৱৰ্তন কৰা নাছিল।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd