• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিয়নিৰ বিধায়কৰ ব্যৱহাৰ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 11, 2022 2:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিয়নিৰ বিধায়কজনে ৰাজহুৱাকৈ কি ভাষা ব্যৱহাৰ কৰি কেমেৰাৰ আগত কথা ক’লে আপোনালোক সকলোৱে দেখিলে৷ এতিয়া সেই ভিডিঅ’টো সৰ্বত্ৰ বনজুইৰ দৰে বিয়পি পৰিব৷ কিন্তু এইটো এটা সাধাৰণ কথানে? এই যে আজিকালি কিছুমান নঘটিব লগা ঘটনা ঘটে, নকৰিবলগীয়া কাম মানুহে কৰে, নক’বলগীয়া কথা কয়- যিবোৰক আমি ইংৰাজীত new normal আখ্যা দিওঁ, মানে সেইবোৰক আমি এতিয়া স্বাভাৱিক বুলি গ্ৰহণ কৰি লওঁ – এইটো কিন্তু এটা বৰ বিপজ্জনক প্ৰবণতা৷

এই বিধায়কজনে ৰাজহুৱাকৈ কোনো সংকোচ নকৰাকৈ এনে অবাইচ মাত মাতি কথা কোৱাটো আমি এতিয়া গ্ৰহণযোগ্য কৰি ল’ম নেকি? এইখিনিতে আমি এটা কথা ভাবি চোৱা উচিত৷ ভাষা কেৱল ভাষা নহয়৷ ভাষা এক আচৰণো৷ আমি সভা-সমিতি, চৰকাৰী-বেচৰকাৰী ৰাজহুৱা অনুষ্ঠান, অফিচ, আদালত, বিধানসভা, সংসদত আমাৰ যি মন যায় তাকে ক’ব পাৰিমনে? নোৱাৰোঁ৷ নোৱাৰোঁ যদি কিয় নোৱাৰোঁ? এই কাৰণেই নোৱাৰোঁ যে আমি ব্যৱহাৰ কৰা প্ৰতিটো শব্দ, বাক্যৰ অন্তৰালত যুক্তি, সত্য, তথ্য, নিয়ম-নীতি, ন্যায়, আৰু সামাজিক কল্যাণৰ লগতে আন বহু কথা জড়িত হৈ থাকে৷ এই কথাবোৰৰ মাত্ৰা আৰু বহুগুণ বাঢ়ি যায়, যেতিয়া মানুহজন এজন ৰাজহুৱা ব্যক্তি হয়, অৰ্থাৎ যেতিয়া মানুহজন এক গুৰুত্বপূৰ্ণ চৰকাৰী পদবীত থাকে৷

বিধায়ক শব্দটোৰ অৰ্থ কি? বিধায়ক শব্দটোৰ অৰ্থ হ’ল যিয়ে বিধি প্ৰণয়ণ কৰে৷ বিধি প্ৰণয়ণ কৰা কথাটো ইমান উলা-মূলা কথানে? অৰ্থাৎ এই বিধায়কসকলে বিধানসভাত বিধি, আইন প্ৰণয়ণ কৰিব যিবোৰ আইনৰ দ্বাৰা আমি শাসিত হ’ম, আমাৰ সাধাৰণ মানুহৰ,নাগৰিকৰ জীৱন পৰিচালিত হ’ব৷ এই কথাটো আমি অলপ দকৈ ভাবি চোৱা উচিত নহয়নে? যিজন মানুহে সামাজিক সৌজন্য আৰু শালীনতা বজায় ৰাখি কথা ক’ব নোৱাৰে, যিজন মানুহৰ সমূলি আত্মনিয়ন্ত্ৰণ নাই, সেইজন মানুহক আমি আমাৰ জীৱন নিয়ন্ত্ৰণ কৰা আইন প্ৰণয়ণৰ দায়িত্ব দিব পাৰোঁনে?

Apply Now

প্ৰসঙ্গক্ৰমে আমি এটা কথা মনত পেলাওঁচোন৷ কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ চিন্নাস্বামী স্বামীনাথন কৰনানক তেওঁৰ অহৌবলিয়া কথা-বাৰ্তা আৰু আচৰণৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ছমাহৰ বাবে জেল দিয়া নাছিল জানো?

এতিয়া মৰিয়নিৰ বিধায়ক গৰাকীৰ কি হ’ব? গোটেই ঘটনাটোৰ গম্ভীৰতালৈ নগৈ, আমি তাক কেৱল এটা হাঁহি -ফূৰ্তিৰ মুখৰোচক কথা হিচাপে ল’ম নেকি? তেওঁ ৰাজহুৱাকৈ অবাইচ মাত মাতিব৷ তাক আমি আমাৰ টেলিফোনেৰে চাৰিওফালে বিয়পাই দি বাৰে বাৰে চাই কাৰোবাৰ ব্যৱসায়িক স্বাৰ্থত অৰিহণা যোগাম আৰু মূৰকত বিধায়কৰ পদবীটো, বিধানসভাখন হাঁহিয়াতৰ পাত্ৰ কৰি পেলাম৷ তাৰ বাবে সেই বিধায়কজনৰ একো আহে নাযায়৷ ক্ষতি হ’ব আমাৰ, ৰাইজৰ৷ বিধানসভাৰ দৰে এটা ৰাজহুৱা অনুষ্ঠানৰ৷ এনে ফচহু আৰু ফটুৱা ব্যক্তি এজন যে এটা সমষ্টিৰ ৰাইজৰ প্ৰতিনিধি হিচাপে বিধানসভালৈ নিৰ্বাচিত হ’ব পাৰিলে, তাৰ কাৰণে কোন দায়ী?

তাৰ কাৰণে দায়ী এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু আগতে তাৰ বাবে দায়ী আছিল কংগ্ৰেছ৷ তেওঁলোক প্ৰথম জগৰীয়া৷ দ্বিতীয় জগৰীয়া মৰিয়নিৰ যিসকল ভোটাৰে তেওঁক ভোট দি নিৰ্বাচিত কৰিছে তেওঁলোক৷ কি বিচাৰ বিৱেচনাৰে এটা ৰাজনৈতিক দলে এনে এজন মানুহক প্ৰাৰ্থিত্ব দিয়ে বাৰু? এইটো এটা নিদাৰুণ প্ৰশ্ন৷ আজি যিসকল লোক সাংসদ, বিধায়ক হিচাপে নিৰ্বাচিত হৈছে তেওঁলোকৰ বেছিভাগ কেনে মানুহ? তেওঁলোকৰ বেছিভাগেই নানা ধৰণৰ দুষ্কাৰ্য, দুৰ্নীতি আৰু অপৰাধত জড়িত লোক বুলি বিভিন্ন মহলে অভিযোগ কৰি আহিছে৷ ই সামগ্ৰিকভাৱে আমাৰ ব্যৱস্থাটোৰ এক গভীৰ সংকটৰ কথা আৰু আমাৰ সমাজৰ সংকটৰ কথা নুসূচায়নে? এইবোৰ ভাবিলে ভয়লগা কথা৷

কিন্তু, সেই সাধাৰণ কথাবোৰ উল্লেখ কৰি আমি মৰিয়নিৰ বিধায়কজনৰ কথা পাহৰি যামনে? তেওঁ সাৰি যাব নেকি? এই ক্ষেত্ৰত সাধাৰণ নাগৰিক হিচাপে আমাৰ একো কৰিবলগীয়া নাইনে? নিশ্চয় আছে৷ প্ৰচাৰ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলে বিধায়কজনে যিভাবে কথাখিনি কৈছিল সেইভাবে কথাখিনি প্ৰচাৰ নকৰি সম্পাদিত ৰূপতহে কথাখিনি এৰি দিব লাগে৷ সামাজিকভাৱে এনে অবাইচ মাত মতাৰ বাবে তেওঁক জবাবদিহি কৰিব লাগে৷ তেওঁক ক্ষমা খুজিবলৈ ক’ব লাগে৷

কিন্তু মূল দায়িত্ব ভাৰতীয় জনতা পাৰ্টিৰ৷ তেওঁলোক আৰু তেওঁলোকৰ পিতৃ সংগঠন স্বয়ং সেৱক সংঘই এই ক্ষেত্ৰত কি কয়? তেওঁলোকেতো অনবৰতে সংস্কাৰী ব্যৱহাৰ,আচৰণৰ কথা কৈ থাকে৷ ল’ৰা-ছোৱালীক ভাৰতীয় পৰম্পৰা আৰু নীতিশিক্ষা দিয়াৰ কথা কয়৷ এয়া কি নীতিশিক্ষা? কি আচৰণ? এয়া কি ভাৰতীয় পৰম্পৰাৰ উদাহৰণ? ইয়াৰ পৰা আমাৰ ল’ৰা-ছোৱালী, উঠি অহা চামে কি শিক্ষা ল’ব? তেওঁলোকে এই বিধায়কজনক এৰি দিবনে? ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ সভাপতিয়ে এই ক্ষেত্ৰত একো এটা পদক্ষেপ নল’বনে? বিধানসভাৰ অধ্যক্ষ,তেওঁ একো নকৰিব নেকি? মুখ্যমন্ত্ৰী, তেওঁৰ সতীৰ্থ বিধায়ক এজনৰ এনে আচৰণ সম্পৰ্কে তেওঁৰো একো ক’বলগীয়া নাই নেকি? শেষত আহিল সমষ্টিৰ ভোটাৰসকল, আপোনালোকে কেনে মানুহ এজন আপোনালোকৰ  প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিলে? তেওঁৰ ব্যৱহাৰৰ বাবে আপোনালোকে একো নক’বনে? আপোনালোকে তেওঁক তেওঁৰ বক্তব্যৰ বাবে জগৰীয়া নকৰিবনে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

June 4, 2026 1:58 pm
মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

June 4, 2026 1:58 pm
মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd