ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰি গুলিচালনা কৰাত এগৰাকী ভাৰতীয়া সেনা বাহিনীৰ জোৱান চহিদ হ’বলগীয়া হয়।
জম্মু-কাশ্মীৰৰ কৃষ্ণঘাটি চেক্টৰত বুধবাৰে পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি গুলিচালনা কৰাৰ ফলতে ভাৰতীয় সেনা বাহিনীৰ জোৱান গৰাকী চহিদ হ’বলগীয়া হয়।
পাকিস্তানী সেনাৰ গুলিত চহিদ হোৱা ভাৰতীয় সেনা বাহিনীৰ জোৱান গৰাকী লেন্স নায়ক কৰ্ণনাইল সিং।
”সমগ্ৰ দেশে লেন্স নায়ক কৰ্ণাইল সিঙৰ ত্যাগ আৰু বলিদানক স্বীকাৰ কৰিব। আমি তেওঁৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো,” প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল দেবেন্দৰ আনন্দ সিঙে কয়।
ইয়াৰ পূৰ্বেও বিগত মাহত ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানী সেনা বাহিনীয়ে যুদ্ধবিৰতি উলংঘা কৰি কৰা গুলিচালনাত দুগৰাকী ভাৰতীয় সেনা বাহিনীৰ জোৱান আৰু এগৰাকী সেনা বিষয়া চহিদ হ’বলগীয়া হৈছিল।