ইতিমধ্যে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰিছে। এইবাৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হৈছে এণ্ডি বাৰ্নহাম। লেবাৰ পাৰ্টিৰ নতুন নেতা হিচাপে নিৰ্বাচিত হৈছে বাৰ্নহাম। তেওঁৰ সমৰ্থনত ৩৭৯ জন লেবাৰ সাংসদে মনোনয়ন দাখিল কৰিছে।
সোমবাৰে ব্ৰিটেইনৰ ৰজা চাৰ্লছৰ সৈতে সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব ষ্টাৰমাৰে। ইয়াৰ পিছত বাৰ্নহাম বাকিংহাম পেলেচলৈ যাব। তাতে ৰজাই আনুষ্ঠানিকভাৱে তেওঁক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাব। বিগত ১০ বছৰৰ ভিতৰত তেওঁ ব্ৰিটেইনৰ সপ্তম প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব।
চেন্ট্ৰেল লণ্ডনত অনুষ্ঠিত হোৱা লেবাৰ পাৰ্টিৰ বিশেষ সন্মিলনত বাৰ্নহামে বিদায়ী প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰিবলৈ তেওঁ সাজু বুলিও কয়। বাৰ্নহামে বিগত ৪০ বছৰ ধৰি ব্ৰিটেইনৰ ৰাজনীতিৰ পৰিৱৰ্তনৰ বিষয়েও কয়। লেবাৰ পাৰ্টিৰ নতুন মুৰব্বীগৰাকীয়ে দলীয় সংঘাত দূৰ কৰি সকলোকে একেলগে কাম কৰাৰ বাৰ্তাও প্ৰদান কৰে।
সমগ্ৰ ব্ৰিটেইনতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত মাৰ্গাৰেট থেচাৰৰ নীতিক সমালোচনা কৰি আৰু ৰাজহুৱা সেৱাৰ ৰাষ্ট্ৰীয়কৰণৰ ইংগিত দি তেওঁ কয় যে যদিহে চৰকাৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে তেন্তে মুদ্ৰাস্ফীতি, চৰকাৰী ব্যয় আৰু অৰ্থনীতিৰ অন্যান্য অংশ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়।
বাৰ্নহামে নাগৰিকসকলৰ বাবে নতুন গৃহ নিৰ্মাণ, উদ্যোগিক অঞ্চল আৰু উন্নত শিক্ষাৰ প্ৰতিশ্ৰুতি দিছে। অৱশ্যে তেওঁ নিজৰ মন্ত্ৰীসভাৰ সবিশেষ ৰহস্যৰ আৱৰ্তত ৰাখিছে। গৃহ সচিব শ্বাবানা মাহমুদক বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।





