ভাৰতৰ প্ৰাক্তন লং জাম্প খেলুৱৈ তথা ২০০৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অঞ্জু ববী জৰ্জক ‘ৱৰ্ল্ড এথলেটিকছ’- এ ‘ৱ’মেন অৱ ইয়েৰ এৱাৰ্ড’ সন্মানেৰে সন্মানিত কৰিছে।
দেশত নিৰন্তৰ পৰিৱৰ্তনৰ কণ্ঠস্বৰ আৰু যুৱতীসকলক তেওঁৰ পদাংক অনুসৰণ কৰিবলৈ পথ প্ৰদৰ্শন কৰাৰ বাবে জৰ্জক এই সন্মান আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে ৱৰ্ল্ড এথলেটিকছে।
ৱৰ্ল্ড এথলেটিকছে টুইটাৰত লিখিছে, “ৱৰ্ল্ড এথলেটিকছ বঁটাত এই বছৰৰ ৱ’মেন অফ দা ইয়েৰৰ মুকুট পৰিহিত অঞ্জু ববী জৰ্জক অভিনন্দন জনাইছো।ভাৰতত ক্ৰীড়াক আগুৱাই নিয়াৰ লগতে অধিক মহিলাক তেওঁৰ পদাংক অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ বাবে তেওঁৰ প্ৰচেষ্টাই তেওঁক এই বছৰৰ বঁটা প্ৰাপ্ত কৰ্তাতকৈ অধিক কৰি তুলিছে।”
Congratulations to @anjubobbygeorg1 on being crowned this year’s Woman of the Year at the #WorldAthleticsAwards
Her efforts in advancing the sport in India as well as inspiring more women to follow in her footsteps make her more than a worthy recipient of this year’s award. pic.twitter.com/5TSWxj4vqt
— World Athletics (@WorldAthletics) December 1, 2021
আন এটা টুইটত ৱৰ্ল্ড এথলেটিকছে উল্লেখ কৰে, “ভাৰতৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় লং জাম্প তাৰকা গৰাকী এতিয়াও খেলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। ২০১৬ চনত অঞ্জুৱে যুৱতীসকলৰ বাবে এটা প্ৰশিক্ষণ একাডেমী মুকলি কৰে, যি ইতিমধ্যে বিশ্ব অনুৰ্ধ-20 পদক বিজয়ী প্ৰস্তুত কৰাত সহায় কৰিছে। লিংগ সমতাৰ বাবে এক নিৰন্তৰ কণ্ঠস্বৰ অঞ্জু ববী জৰ্জে স্কুলীয়া ছাত্ৰীসকলক খেলৰ জৰিয়তে ভৱিষ্যতৰ নেতৃত্বৰ পদবীৰ বাবে পৰামৰ্শ দিয়ে।”
In 2016 @anjubobbygeorg1 opened a training academy for young girls, which has already helped to produce a world U20 medallist. A constant voice for gender equality, she also mentors schoolgirls for future leadership positions within the sport.
Our 2021 Woman of the Year 👏 pic.twitter.com/51cLcP4JNB
— World Athletics (@WorldAthletics) December 2, 2021
এই সন্মান লাভ কৰাৰ পিছত অঞ্জু ববী জৰ্জে এক টুইট যোগে কয় যে তেওঁ ৱৰ্ল্ড এথলেটিকছৰ দ্বাৰা ৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰি সঁচাকৈয়ে অভিভূত আৰু সন্মানিত।’
“প্ৰতিদিনে সাৰ পাই খেললৈ ঘূৰি আহিব পৰাতকৈ ভাল অনুভৱ নাই, ই যুৱতীসকলক সক্ষম আৰু শক্তিশালী কৰিব পাৰে। মোৰ প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ বাবে আপোনালোকক ধন্যবাদ।” তেওঁ টুইটত কয়।
Truly humbled and honoured to be awarded Woman of the Year by @WorldAthletics
There is no better feeling than to wake up everyday and give back to the sport, allowing it to enable and empower young girls!
Thank you for recognising my efforts. 😊😊 pic.twitter.com/yeZ5fgAUpa
— Anju Bobby George (@anjubobbygeorg1) December 1, 2021