অসম বহুভাষিক কবি সন্মিলনৰ প্ৰথম অধিৱেশনখন অহা ১৫ আৰু ১৬ মে’ত দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৷
অধিৱেশনৰ কাৰ্যসূচী অনুসৰি ১৫ মে’ৰ বিয়লি প্রতিনিধিৰ নাম পঞ্জীয়ন আৰু ইয়াৰ পিছতে কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব৷ আনহাতে ১৬ মে’ৰ পুৱা ৮-৩০ বজাত অসম বহুভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্তই সন্মিলনৰ পতাকা উত্তোলনেৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী মুকলি কৰিব৷
ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তর্পণ অনুষ্ঠান আৰু প্রতিনিধি সভা অনুষ্ঠিত হ’ব ৷ আনহাতে পুৱা ১১ বজাত অনুষ্ঠিত হ’ব মুকলি সভা আৰু বঁটা বিতৰণী সভা ৷
একেটা অনুষ্ঠানতে কেবাখনো গ্রন্থ উন্মােচন কৰা হ’ব৷ দিনৰ ১ বজাত অনুষ্ঠিত হ’ব কবি সন্মিলন।
অসম বহুভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্তই কবি সন্মিলনৰ শুভ উদ্বোধন কৰাৰ বিপৰীতে অনুষ্ঠান সঞ্চালনা কৰিব ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি কাজী শ্বামীম আৰু বিশিষ্ট কবি ড° মৰমী বৰঠাকুৰ তালুকদাৰে ৷

ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই আছে ৷