সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উম মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ কাৰাগাৰৰ ঠিকনা দিঘলীয়া হৈ পৰিছে। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই কাৰাৰুদ্ধ হৈ থকা আপ নেতাগৰাকীৰ জামিন আবেদন আজি পুনৰ নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে আবকাৰী নীতিৰ ধন সৰবৰাহৰ গোচৰত চিছ’দিয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত ইতিপূৰ্বে বিচাৰ আদালতে জামিন নাকচ কৰি দিয়া আদেশক দিল্লী উচ্চ ন্যায়ালয়ে যুক্তিযুক্ত বিবেচনা কৰে আৰু এই আদেশ বাহাল ৰাখে।
অভিযুক্ত চিছ’দিয়াৰ ৰাজনৈতিক স্থিতিৰ বাবে তেওঁ সাক্ষীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি উচ্চ ন্যায়ালয়ে মত প্ৰকাশ কৰে আৰু চিছ’ডিয়া জামিনৰ অধিকাৰী নহয় বুলি নিশ্চিত কৰে।
উল্লেখ্য যে, চিছ’দিয়াৰ বিৰুদ্ধে আন এটা তদন্তকাৰী সংস্থা চিবিআই- এয়ো আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত তদন্ত চলাই আছে। চিবিআইৰ এই গোচৰতো যোৱা ৩১ মাৰ্চত বিচাৰ আদালতে চিছ’ডিয়াৰ জামিন আবেদন খাৰিজ কৰি তেওঁক এই গোচৰৰ প্ৰধান অভিযুক্ত বুলি অভিহিত কৰিছিল।
এই আদেশক প্ৰত্যাহ্বান জনাই চিছ’দিয়া উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও দিল্লী উচ্চ ন্যায়ালয়েও আপ নেতাগৰাকীক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ অতি গুৰুতৰ প্ৰকৃতিৰ বুলি উল্লেখ কৰে।
লক্ষণীয়ভাৱে, বিগত ২৬ ফেব্ৰুৱাৰীত দিল্লী আবকাৰী নীতি ২০২১-২২ প্ৰণয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে মাৰাথান জেৰাৰ অন্তত মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত একেটা বিষয়তে ধন সৰবৰাহৰ অভিযোগত আন এটা তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে চিছ’দিয়াক কাৰাগাৰতে গ্ৰেপ্তাৰ কৰিছিল।