• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া বছৰৰ প্ৰথম দিনটোতে অগপত আন এটা ডাঙৰ আঘাত; দল এৰিলে প্ৰাক্তন মন্ত্ৰীয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 15, 2019 8:02 pm
atul bora

অতুল বৰা। ছবি- ইণ্টাৰনেটৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাত সকলো অসমীয়া ডুব গৈ থাকোতেই অন্যতম আঞ্চলিক দল অসম গণ পৰিষদলৈ আহিল আন এটা বেয়া খবৰ। বিজেপিৰে পুনৰ মিত্ৰতা কৰাৰ প্ৰতিক্ৰিয়া হিচাপে এজনৰ পাছত আনজন নেতাৰ দলত্যাগৰ সোঁত বহাগৰ প্ৰথম দিনটোতো অব্যাহত থাকিল। আজি আঞ্চলিক দলটো এৰিলে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী বুবুল দাসে।

সভাপতি অতুল বৰালৈ ১৫ এপ্ৰিলত প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁ মৰিগাঁও জিলা সমিতিৰ সভাপতি পদৰ লগতে দলটোৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰা বুলি উল্লেখ কৰে।

Apply Now
Bubul Das resignation letter
বুবুল দাসৰ পদত্যাগ পত্ৰখন।

“মহোদয়, ইতিহাস বৰ নিষ্ঠুৰ! ই কাকো ক্ষমা নকৰে। ৰাজনীতিত সকলো সম্ভৱ বুলি যিমানেই চেষ্টা নকৰক কিয় সি কেতিয়াও স্থায়ী নহয়”, বিজেপিৰে মিত্ৰতা তথা দলৰ অভ্যন্তৰীণ গণতন্ত্ৰ ধ্বংসৰ প্ৰসংগেৰে সভাপতিলৈ লিখা পত্ৰখনত দাসে কয়।

মিত্ৰতাৰ বিষয়ত সভাপতি অতুল বৰাক কঠোৰ ভাষাৰে সমালোচনা কৰি বুবুল দাসে লিখিছে, “নিৰ্বাচনৰ গইনা লৈ আপুনি আকৌ বিশ্বাসঘাতক ভাজপাৰ লগত মিত্ৰতাৰ নামত ৰাতিটোৰ ভিতৰতে অসমৰ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক ভৰিৰে মোহাৰি আৰু অসমীয়া জাতিলৈ কালৰাত্ৰি নমাই অনা ‘নাগৰিকত্ব সংশোধনী বিধেয়ক’ৰ পৃষ্ঠপোষক ভাজপাৰ নিৰ্বাচনী মিত্ৰতাৰ নামত মন্ত্ৰিত্ব লৈ অসমীয়া জাতি আৰু অসম গণ পৰিষদ দলৰ সকলো পৰম্পৰা আৰু গণতন্ত্ৰক কবৰ দিবলৈও কুন্ঠাবোধ নকৰিলে। অসম গণ পৰিষদৰ ইতিহাসত এই দিনটোও স্মৰণীয় হৈ থাকিব। ই এক কলংকিত অধ্যায় হিচাপে। আৰু কোনো দিন এই কলংকৰ দাগ মছিব নোৱাৰে”।

যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত জাগীৰোড সমষ্টিত তেওঁক দলৰ টিকট প্ৰদান কৰিও মনোনয়ন পত্ৰ দাখিলৰ মাথোঁ এদিন পূৰ্বে সমষ্টিটো মিত্ৰতাৰ নামত বিজেপিক দি কৰা অপমানৰ কথাও উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰীজনে। “২০১৬ৰ সেই দিনটোৰ পৰাই জাগীৰোড সমষ্টিত অগপৰ ৰাজনৈতিক গতিধাৰাক অন্ধকাৰৰ অটল গহ্বৰলৈ থেলি দিলে”, ৩৪ বছৰ দলক সেৱা আগ বঢ়োৱা বুলি কোৱা বুবুল দাসে কয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অতুল বৰাই “মন্ত্ৰিত্বতকৈ জাতি ঊৰ্ধ্বত” বুলি কৈ মন্ত্ৰীপদ ত্যাগ কৰাৰ পাছত পুনৰ মন্ত্ৰীৰ আসনত বহা কাৰ্য্যক ধিক্কাৰ দিয়ে দাসে। তেওঁ ইয়াৰ পৰিণামৰ কথাও সকীয়াই দিয়ে।

উল্লেখযোগ্য যে, অসম আন্দোলনৰ নেতা বুবুল দাসে ১৯৯১ আৰু ১৯৯৬ চনত দুবাৰকৈ জাগীৰোড সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ উপৰি প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্য্যকালত মীন বিভাগৰ মন্ত্ৰীও আছিল। তেওঁ মৰিগাঁও জিলা অগপৰ তিনিবাৰৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ দুবাৰৰ উপ-সভাপতিও আছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd