• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰি ৰ’ল কা! বিজেপিৰ পৰা টিকট বিচাৰি মুখ্য মন্ত্ৰীৰ শৰণাপন্ন টাইপা!

সংগঠনৰ মাজতে মতবিৰোধ! কেন্দ্ৰীয় সভাপতিৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰক অপৰিপক্ক আখ্যা কাৰ্য্যকৰী সভাপতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 9, 2020 2:21 pm
a2f757a9-7cb6-4bde-83df-907dff791f7c

মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাকালত টাইপাৰ একাংশ নেতা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭০ সংগঠনৰ বেনাৰত কা বিৰোধী আন্দোলন কৰি অহা টাইপাৰ নেতৃত্ব বিশেষকৈ সভাপতি চাও দিলীপ গগৈৰ নেতৃত্বত যোৱা এটা দলে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাক লৈ সৰব চৰ্চা হৈছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি টাই আহোম জনগোষ্ঠীক ভৈয়ামৰ জনজাতিৰ মৰ্য্যদা প্ৰদানৰ দাবীৰ লগতে অন্যান্য দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰিছিল টাই আহোম যুৱ পৰিষদৰ মুষ্টিমেয় নেতৃত্বই।

Apply Now

স্মাৰক পত্ৰখনত উল্লেখ থকা এটা দাবী এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবীটো এনেধৰণৰ ‘অহা ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনত টাই আহোম জনগোষ্ঠীৰ নুন্যতম ১৫ গৰাকী যোগ্য ব্যক্তিক বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে।

ইয়াকে কেন্দ্ৰ কৰি মুখ্য মন্ত্ৰীৰ শৰণাপন্ন হোৱা বুলি টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ক্ষুৰধাৰ সমালোচনা হোৱা পৰিলক্ষিত হৈছে।

ইপিনে, টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ মাজতে এতিয়া দুটা মত দেখিবলৈ পোৱা গৈছে। ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী যোগেন মোহনৰ উপস্থিতিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰা মুষ্টিমেয় প্ৰতিনিধিয়ে টাই আহোম সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা নাই বুলি দাবী কৰিছে কাৰ্য্যকৰী সভাপতি চাও লোহিত গগৈয়ে।

আনকি কেন্দ্ৰীয় সভাপতিৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰক অপৰিপক্ক আখ্যা দিয়ে কাৰ্য্যকৰী সভাপতিগৰাকীয়ে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত টাইপাৰ কাৰ্য্যকৰী সভাপতি গৰাকীয়ে কয়, ‘এইখন এখন সম্পূৰ্ণ অ-পৰিপক্ক আবেদন পত্ৰ। টাইপাই পূৰ্বৰ পৰা চৰকাৰৰ জন-বিৰোধী স্থিতিৰ বিৰুদ্ধে মাত মাতি আহিছে। দ্বিতীয়তে টাইপাৰ কেইজনমান মুষ্টিমেয় বিশেষ ব্যক্তি গৈ যদি মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰে তেন্তে টাইপা কেতিয়াও চৰকাৰৰ ওচৰত বিক্ৰী হোৱা নাই বা নহয়। টাইপা দুটা ভাগত বিভক্ত আছিল যদিও চৰাইদেউত দুইটা পক্ষ লগ লাগিছিল আৰু লখিমপুৰৰ অধিবেশনত সিদ্ধান্ত লোৱা হৈছিল যে কিবা সিদ্ধান্ত ল’বলগীয়া হ’লে বা কিবা দাবী উত্থাপন কৰিলে সকলোৰে স্বাক্ষৰ সম্বলিত পত্ৰহে প্ৰেৰণ কৰা হ’ব।‘

ইপিনে, কালি প্ৰদান কৰা স্মাৰক পত্ৰখন অপৰিপক্ক বুলি আখ্যা দিয়াৰ কাৰণ বাখ্যা কৰি লোহিত গগৈয়ে কয়, ‘টাইপাই দীৰ্ঘদিনৰ পৰা কা বিৰোধ কৰি আহিছে। ৭০ সংগঠনৰ উমৈহতীয়া প্ৰচেষ্টাত দিল্লীত কা বিৰোধী প্ৰতিবাদত টাইপাৰ ৮ জন প্ৰতিনিধিয়ে উলংগ প্ৰতিবাদত নেতৃত্ব দিছিল। কা বিৰোধ কৰি আছিলো আৰু ভৱিষ্যতেও কৰি যাম। কিন্তু স্মাৰক পত্ৰত কা বিৰোধৰ কোনো প্ৰসংগ উল্লেখ নাই। কৃষক মুক্তিৰ হ’লেও আহোম সম্প্ৰদায়ৰ নেতা অখিল গগৈৰ মুক্তিৰ প্ৰসংগ স্মাৰক পত্ৰত উল্লেখ নাই। উত্তৰ-পূৰ্বাঞ্চলৰ জৈব বৈচিত্ৰ ধ্বংস কৰা EIA ৰ দৰে আইনৰ বিৰোধিতা কৰাৰ প্ৰসংগ একো উল্লেখ নাই। বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কোনো দাবী স্মাৰক পত্ৰত উল্লেখ নাই।‘

তেওঁ আৰু কয়, ‘আমি ৩৬ টা সমষ্টিত আহোম জনগোষ্ঠীৰ নেতাক টিকট প্ৰদান কৰিবলৈ দাবী জনাই আহিছিলো যদিও এইটোও স্পষ্ট যে মুখ্য মন্ত্ৰীয়ে দলৰ কোনো টিকট প্ৰদান নকৰে। দলৰ শীৰ্ষতম মহল অথবা সভাপতিয়ে টিকট প্ৰদান কৰে। যি সময়ত বিকল্প ৰাজনৈতিক শক্তিৰ কথা কৈ অহা হৈছে। উন্নয়ন হ’বলৈ হ’লে প্ৰগতিশীল ৰাজনৈতিক দৰ্শনৰ সৃষ্টি কৰাটো প্ৰয়োজন। সেয়েহে তৃতীয় ৰাজনৈতিক বিকল্পৰ কথা কোৱা হৈছে। ৭০ জাতীয় সংগঠন, অজিত ভূঞাৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক গণ মৰ্চা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ঐক্যবদ্ধ তৃতীয় বিকল্প গোট গঠনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো। সেই সময়ত কেইজনমান মুষ্টিমেয় লোক গৈ মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাটো একেবাৰে যুক্তিসংগত নহয়।‘

মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰা কথাটো আংশিক অৱগত যদিও টাইপাৰ সভাপতিৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰখন প্ৰেৰণ কৰাৰ পূৰ্বে দেখা নাছিল আৰু তেওঁৰ স্বাক্ষৰ নাই বুলি তেওঁ সদৰী কৰে।

‘এই সময়ত মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাটো উপযুক্ত সময় নহয়। মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি শিল্পী জুবিন গাৰ্গ আৰু বিপিন চাওদাঙ সমাজ জীৱনত সমালোচিত হৈছে। এই সময়ত আপোচবিহীন জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাটোও জনগোষ্ঠীটোৰ বাবে লজ্জাজনক বিষয় হ’ব পাৰে।‘ লোহিত গগৈয়ে এইদৰে কয়।

আনহাতে, আমি এই সম্পৰ্কে কথা পাতিছিলো টাই আহোম যুৱ পৰিষদৰ সভাপতি চাও দিলীপ গগৈৰ সৈতে।

তেওঁ ছ’চিয়েল মিডিয়াত মুখ্য মন্ত্ৰীক টাই আহোম যুৱ পৰিষদে সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান আৰু ১৫ গৰাকী বিধায়ক পদৰ প্ৰাৰ্থীত্ব দাবী কৰা বিষয়টো সমালোচনা কৰাসকলক মুৰ্খ আখ্যা দিয়ে।

তেওঁ কয়, ‘মুৰ্খকেইটাই সমালোচনাক টাৰ্গেট কৰি লৈছে। আমি টাই আহোম যুৱ পৰিষদৰ প্ৰতিনিধিয়ে টিকট বিচৰা নাই আমি আহোম সম্প্ৰদায়ৰ মানুহক বিচাৰিছো। আমি আপোচবিহীনভাৱে সংগ্ৰাম কৰি আহিছো।বাগানীয়া লেবাৰে ৩৫ টা বিচাৰিছে বুলি বাতৰি প্ৰকাশ হৈছে। আমি ভাবিলো যিহেতু আমি দাবী কৰা মতে ৩৬ টা পোৱাটো সম্ভৱ নহয় সেয়েহে ১৫ টা বিচাৰিলো। আমি কেৱল বিজেপিকে নহয় কংগ্ৰেছ নাইবা অগপকো দিম ১৫ জনকৈ বিধায়ক পদৰ প্ৰাৰ্থী বিচাৰি।‘

‘স্বায়ত্ব শাসিত পৰিষদ কোচ-ৰাজবংশীক দিলে, মৰাণ মটকক দিলে কিন্তু টাই আহোমক নিদিলে।চুতীয়াই শিৱসাগৰত কেন্দ্ৰীয় কাৰ্য্যালয় বনালে কিন্তু টাই আহোম যুৱ পৰিষদে ২৫ বছৰ আন্দোলন কৰি কি কৰিলে? ২৫ বছৰ আন্দোলন কৰি এটা কাৰ্য্যালয়ে বনাব নোৱাৰিলে।‘ দিলীপ গগৈয়ে লগতে কয়।

ইপিনে, কেৱল ৰাজপথত আন্দোলন কৰিলেই নহ’ব বুলি মন্তব্য কৰি দিলীপ গগৈয়ে কয়, ‘সকলোৱে আসনবোৰ লৈ যাব। আমি কেৱল ৰাজপথত আন্দোলন কৰিলেই নহ’ব। আহোম জাতিটো ৰাজপথত আন্দোলন কৰা। ৬০০ বছৰ ৰাজত্ব কৰা বুলি ডাংকোপ মৰা জাতিটোৱে অন্য জাতি-জনগোষ্ঠীৰ পৰা শিকিবলগীয়া আছে। বড়ো জনজাতিৰ পৰা শিকিবলগীয়া আছে। প্ৰমোদ বড়োৱে কোটি কোটি টকা বড়ো উন্নয়নৰ বাবে লৈ গ’ল। বড়োৰ সাংস্কৃতিক-সামাজিক উন্নয়ন, স্বায়ত্ত শাসিত পৰিষদ, পাৰ্বত্য পৰিষদ, ভৈয়াম পৰিষদ দিলে, এইবোৰ আমাৰ মানুহে কিয় বুজি পোৱা নাই? আমি ৰাস্তাত আন্দোলন কৰাৰ লগতে চৰকাৰী সুবিধাখিনি আদায় কৰি ল’ব লাগিব।‘

তাৎপৰ্য্যপূৰ্ণভাৱে, ছ’চিয়েল মিডিয়াত এই বিষয়ে সমালোচনা কৰাসকলক কটাক্ষ কৰি দিলীপ গগৈয়ে কয়, ‘ঘৰে ঘৰে কান্ধত জোলোঙা লৈ চান্দা, দান বৰঙণি তুলি থকাসকলে এই কথা কয় বা সমালোচনা কৰে। আমি লাচিত দিৱস পাতিলেও চান্দা নোতোলো, পকেটৰ পৰা খৰচ কৰো।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd