• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইবোলাৰ দৰৱত ধ্বংস হৈছে কৰ’না! মাৰ্কিন বিজ্ঞানীৰ দাবীত বিশ্বত আশাৰ সঞ্চাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 30, 2020 5:25 pm

2 min read

27795576-8269409-image-a-9_1588167043723
52.7k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত মাৰ্কিন বিজ্ঞানীসকলে নতুন দিশৰ সন্ধান দিছে। কৰ’নাৰ বিৰুদ্ধে এন্টিভাইৰেল দৰৱ ৰেমছিডিছিভিৰ(Remdesivir) প্ৰয়োগত সুফল লাভ কৰা বুলি দাবী কৰিছে হোৱাইট হাউছে।

গোটেই বিশ্ব কৰ’নাৰ সংহাৰৰ ত্ৰাসত ত্ৰস্তমান হৈ থকাৰ সময়ত এই বাইৰাছত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে কোনো অনুমোদিত দৰৱ নাই।

বিশ্বৰ বিভিন্ন দেশে কোনো কাৰ্যকৰী দৰৱ আৱিষ্কাৰৰ বাবে গৱেষণাত ব্ৰতী হৈ আছে। দেশসমূহে এতিয়ালৈকে মেলেৰিয়াৰ দৰৱ হাইড্ৰক্সিক্লৰ’কুইনৰ ওপৰতে ভৰসা কৰিছে।

ইয়াৰ মাজতে কৰ’না ভাইৰাছৰ চিকিৎসাত ৰেমছিডিছিভিৰ সফলতাক লৈ মাৰ্কিন বিজ্ঞানীৰ দাবীয়ে বিশ্বত এক আশাৰ সঞ্চাৰ কৰিছে।

আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অফ এলাৰ্জী এণ্ড ইনফেকছিয়াছ ডিজিজৰ মুৰব্বী এন্থনী ফৌচিয়ে হোৱাইট হাউছত সংবাদ মাধ্যমৰ আগত কয় যে পৰিসংখ্যা অনুসৰি, কৰ’না আক্ৰান্তসকলৰ ওপৰত ৰেমছিডিছিভিৰ প্ৰয়োগৰ ফলত ৰোগীসকল দ্ৰুতভাৱে সুস্থ হৈ উঠিছে।

তেওঁ দাবী কৰা মতে, আন দৰৱৰ তুলনাত ৰেমছিডিছিভিৰ প্ৰয়োগৰ ফলত সুস্থতাৰ হাৰ ৩০শতাংশ অধিক। মানৱ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি ভাইৰাছৰ বৃদ্ধি ৰোধ কৰাৰ দৰে সক্ষমতা ৰেমছিডিছিভিৰ আছে।

ইতিমধ্যে, আমেৰিকা, য়ুৰোপ, এছিয়াৰ মুঠ ৬৮টা স্থানত ১,০৬৩গৰাকী কৰ’না আক্ৰান্ত লোকৰ দেহত পৰীক্ষামূলকভাৱে ৰেমছিডিছিভি দৰৱ প্ৰয়োগ কৰা হৈছে আৰু ইয়াত সুফল লাভ কৰা বুলি দাবী কৰা হৈছে। তদুপৰি, কৰ’নাৰ চিকিৎসাৰ বাবে  ৰেমছিডিছিভি প্ৰয়োগৰ অনুমতি বিচাৰি আবেদনো কৰা হৈছে।

আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অফ হেলথে কৰ’নাৰ বহুকেইটা দৰৱক লৈ পৰীক্ষা-নিৰীক্ষা চলাইছে। ইয়াৰ ভিতৰত ৰেমছিডিছিভিও আছে।

গিলেড ছাইন্সে প্ৰস্তুত কৰা এই দৰৱটো ইবোলাৰ বিৰুদ্ধে পৰীক্ষা কৰা হৈছিল যদিও তাত বিশেষ সফলতা পোৱা নগ’ল। কিন্তু বিভিন্ন জন্তুৰ শৰীৰত চলোৱা কেইবাটাও পৰীক্ষাৰ পাছত দৰৱটো কোভিড-১৯, ছাৰ্ছকে ধৰি ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰা তথা চিকিৎসাৰ ক্ষেত্ৰত সুফলদায়ক বুলি বিবেচিত হৈছে।

Tags: COVID-19

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd