• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিচুকীয়াৰ ঘটনাৰ বাবে উচটনিমূলক মন্তব্যই দায়ী : অনুপ চেতিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2018 9:56 pm
Pro talk ULFA general secretary and Convenor of Indigenous Forum, Asom Anup Chetia addressing a press conference
684
VIEWS
Share on FacebookShare on Twitter

আলোচনাপন্থী আলফা নেতা তথা খিলঞ্জীয়া মঞ্চৰ আহ্বায়ক অনুপ চেতিয়াই হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে। বিধায়কগৰাকীয়ে উচটনিমূলক মন্তব্য প্ৰকাশ কৰাৰ বাবে শেহতীয়াভাৱে খেৰবাৰীত নৰহত্যাৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ তুলি তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে চেতিয়াই।

গুৱাহাটীত এখন সংবাদমেলক সম্বোধন কৰি চেতিয়াই প্ৰৰোচনামূলক মন্তব্য দিয়া  অভয়াপুৰীৰ বিধায়ক চন্দন সৰকাৰ, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে আৰু সদৌ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্তকো গ্ৰেপ্তাৰ কৰি তেওঁলোকক এই হত্যাকাণ্ডৰ অনুসন্ধানৰ খাতিৰতে কোঠোৰ নিৰীক্ষণৰ মাজত ৰখাৰ দাবী তোলে।

আলফা নেতাগৰাকীয়ে আৰু অভিযোগ কৰে যে একাংশ লোকে অসমীয়া আৰু বাঙালীসকলৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ প্ৰচেষ্টাত আছে।

চেতিয়াই আৰু কৈছে যে সমাজত ভেদাভেদৰ ৰাজনীতি কৰি অসমত অশান্তিৰ সৃষ্টি কৰিব বিচৰাসকলৰ উদ্দেশ্য সফল হ’বলৈ দিয়া নহ’ব। তেওঁ কয়, ”নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ ৰদ কৰাৰ বাবে খিলঞ্জীয়া মঞ্চই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰিব।”

‘আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গুলীয়াই মাৰক’ বুলি ভাষ্য প্ৰদান কৰিবলৈ অৰ্ধেন্দু কোন বুলি আলোচনাপন্থী আলফা নেতাগৰাকীয়ে প্ৰশ্ন কৰে।

আইন সকলোৰে বাবে সমান আৰু ই ইয়াৰ নিজৰ পথেৰে গতি কৰিব বুলি চেতিয়াই মন্তব্য কৰে। ‘‘আমি যিহেতু শান্তি আলোচনাৰ প্ৰক্ৰিয়াৰ সৈতে সমন্বয় স্থাপন কৰি আছোঁ সেয়েহে ৰাষ্ট্ৰৰ বিৰুদ্ধে আমি একো ক’ব নোৱাৰোঁ। কিন্তু অসম খিলঞ্জীয়া মঞ্চৰ পৰা আমি এনেধৰণৰ বিষয়ত মাত মাতিম।’’ তেওঁ কয়।

উল্লেখ্য যে দেওবাৰে কটনৰ চুডমাৰ্চন প্ৰেক্ষাগৃহত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৬০টা সংগঠনে অনুষ্ঠিত ‘ৰাইজমেল’ত অনুপ চেতিয়াই উল্লেখ কৰিছিল যে চৰকাৰে কেন্দ্ৰই আলফাক অসমৰ সাম্প্ৰতিক ঘটনাৱলী সন্দৰ্ভত নিৰৱতা অৱলম্বন কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে।

Recent News

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd