• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনিত ক’লা হীৰাৰ মুক্ত খনন, মুখ্য মন্ত্ৰীক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 27, 2019 8:57 pm
27-06-19 Guwahati- Apurba Kumar Bhattacharya press met (3)

অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সম্বোধন কৰা সংবাদমেল। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ শ্ল’গান দিয়া ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ কেইবাখনো সংৰক্ষিত বনাঞ্চল তথা অভয়াৰণ্যত কয়লাৰ অবৈধ মুক্ত খনন অবাধে চলি আছে। যাৰ বাবে এতিয়া বনাঞ্চল সমুহৰ জৈৱ বৈচিত্ৰলৈ ভাবুকি নামি অহাৰ অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছে।

শেহতীয়াভাৱে কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে সংবাদমেলযোগে এই অভিযোগ দাঙি ধৰিছে। ইয়াৰ পাছতেই অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰীক ইয়াৰ চৰজমিন তদন্ত কৰাৰ দাবী কৰে।

Apply Now

অপূৰ্ব ভট্টাচাৰ্য্যৰ অভিযোগ অনুসৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি কেইবাখনো সংৰক্ষিত বনাঞ্চলত ক’ল ইণ্ডিয়া লিমিটেডৰ কোনো অনুমতি নোহোৱাকৈ অসাধু ব্যৱসায়ীয়ে কয়লাৰ অবৈধখনন চলাই আছে। সেই সমুহৰ ভিতৰত আপাৰ দিহিং (প্ৰথম সংযোজন), ডিৰাক (প্ৰথম সংযোজন), মাকুমপানী, টিপম, টিংকপানী, নামফাই (প্ৰথম সংযোজন), লেখাপানী, পাহাৰপুৰ, টিৰাপ, চালেহকাই সংৰক্ষিত বনাঞ্চলত কয়লাৰ  অবৈধ খনন চলি থকাৰ তথ্য প্ৰদেশ কংগ্ৰেছে দাঙি ধৰিছে।

কেৱল কয়লা আহৰণেই নহয় সেই স্থানত বনৰীয়া হাতীৰ মৃত্যুক গাপ দি ৰখা আৰু কয়লা খননৰ সময়ত শ্ৰমিকে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাও প্ৰকাশ কৰিছে। লগতে মুখ্য মন্ত্ৰীক তৃতীয় পক্ষক লগত লৈ ইয়াৰ চৰজমিন তদন্ত কৰাৰো কংগ্ৰেছে দাবী কৰিছে।

কয়লা প্ৰসংগ, কংগ্ৰেছৰ তদন্ত দাবী.ফটো

‘’আৰক্ষী আৰু বন বিভাগ এই দুয়োটা বিভাগৰ সহযোগিতা নোহোৱাকৈ এই কাৰ্য্য সম্ভৱ নহয়। আৰক্ষী আৰু বন বিভাগে চৰকাৰৰ কোনো বৰমূৰীয়াৰ আশীৰ্বাদ নোহোৱাকৈ এই কাম কৰিব নোৱাৰে। এনে কামত মুখ্য মন্ত্ৰীৰ যদি আশীৰ্বাদ নাই তেনেহ’লে আমাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি তদন্ত ঘোষণা কৰক’,-সংবাদমেলত অপূৰ্ব ভট্টাচাৰ্য্যই কয়।

তেওঁ লগতে ৰাজ্যত চলি থকা বালি, শিল, গৰু আদিৰ চিণ্ডিকেটৰ প্ৰসংগও উত্থাপন কৰি দুৰ্নীতিমুক্ত চৰকাৰৰ কথা কোৱা বিজেপি চৰকাৰখনৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

একেখন সংবাদমেলতেই অপূৰ্ব ভট্টাচাৰ্য্যই জাগীৰোডৰ নগাঁও কাগজ কল আৰু পাঁচগ্ৰামৰ কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে ২০১৪ আৰু ২০১৬ ৰ নিৰ্বাচনৰ আগত বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ কথাও উল্লেখ কৰে। লগতে বৰ্তমান কাগজ কল দুটা নীলাম কৰাৰ বাবে চৰকাৰে যো-জা চলোৱা বাতৰি প্ৰকাশ পোৱাৰ পাছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মৌনতাক ধিক্কাৰ দিয়ে।

২০১৬ ত চৰকাৰ গঠনৰ পাছতেই অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিল্লীলৈ গৈ কাগজ কল দুটা সন্দৰ্ভত কেন্দ্ৰীয় গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী অৰবিন্দ শ্বাৱন্তক লগ ধৰিছিল আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে পুঁজিৰ আৱন্টন দিয়াৰ লগতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছিল।

ইয়াৰ পাছত ২০১৮ চনৰ ২৭ ছেপ্টেম্বৰত মন্ত্ৰী পাটোৱাৰীয়ে অসম বিধান সভাত এক প্ৰশ্নোত্তৰত দুয়োটা কাগজ কলৰ পুনৰুজ্জীৱিত কৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৯০০ কোটি টকাৰ পেকেজ প্ৰস্তুত কৰা বুলি জানিবলৈ দিছিল। কিন্তু ইয়াৰ পাছত কল দুটা নীলাম কৰিব ওলোৱা কাৰ্য্যই চৰকাৰৰ মিথ্যাচাৰী নীতিক পুনৰ উদঙাই দিয়া বুলি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd