• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অগপৰ সমাৱেশৰ বিৰোধ নকৰো, কিন্তু অগপৰ সমাৱেশ এখন নাটক : ৰিপুণ বৰা

৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন প্ৰদেশ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 21, 2018 3:56 pm
Ripun Borah

সাংবাদিকক সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমাৱেশ অনুষ্ঠিত কৰাৰ বিৰোধ নকৰোঁ।  কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপৰ সমাৱেশ এখন নাটক।”

অহা ২৩ অক্টোবৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অগপই উলিওৱা সমাৱেশক লৈ আজি এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

Apply Now

আন এটা গুৰুত্বপূৰ্ণ মন্তব্যত বৰাই কয়, “অগপ নেতৃত্বই কৈ আছে যে বিধেয়কখন সংসদত গৃহীত হ’লে তেওঁলোক মিত্ৰজোঁটৰ পৰা ওলাই আহিব। কিন্তু জাতিধ্বংসী বিধেয়কখন গৃহীত হোৱাৰ পাছত ওলাই আহি অগপই কি কৰিব?”

উল্লেখযোগ্য যে আজি সাংবাদিকৰ আগত সাম্প্ৰতিক অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ বিবেচিত আন কেইবাটাও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

অসমৰ বৃহত্তৰ স্বাৰ্থত অগপই ৩টা মন্ত্ৰিত্বৰ পদৰ মোহ এৰিব পৰা নাই –এই কথাটো আঙুলিয়াই সভাপতি ৰিপুণ বৰাই অগপক কয়, “আমাৰ আহ্বান আপোনালোকে বিধেয়কখন গৃহীত নহ’বলৈ কিবা এটা কৰক। তিনিজন মন্ত্ৰীয়ে অসম চৰকাৰৰ মন্ত্ৰিত্ব পদ ত্যাগ কৰিব নোৱাৰে নে?”

এই ক্ষেত্ৰত তেওঁ আত্মবিশ্বাসেৰে দাবী কৰি কয়, “অগপৰ তিনি মন্ত্ৰীয়ে মন্ত্ৰিত্ব পদ ত্যাগ কৰিলেই কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত থমকি ৰ’ব।”

আনহাতে একেদিনাই, অৰ্থাৎ ২৩ অক্টোবৰতে ৰাজ্যৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধলৈ প্ৰদেশ কংগ্ৰেছৰ সমৰ্থন থকা বুলি কয় ৰিপুণ বৰাই। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “এই বন্ধৰ প্ৰতি আমাৰ সমৰ্থ আছে। কাৰণ ৪৬টা সংগঠনে যি দাবীৰে অসম বন্ধৰ আহ্বান জনাইছে সেই দাবী কংগ্ৰেছৰো দাবী।”

উল্লেখ্য যে অহা ২৩ অক্তোবৰৰ দিনা যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিশ্ৰুতি মতে, পুনৰবাৰ অসমলৈ শুনানিৰ বাবে নাহি কেবিনেটৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব বিচৰা বুলি অভিযোগ তুলি কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে উক্ত দিনটোত বাৰ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।

বিষয়টোত মত প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই এই কথাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

তেওঁ আশ্বাস দি কয়, “সংসদত বিধেয়কখন উত্থাপন হ’লে কংগ্ৰেছৰ সাংসদসকলে বিৰোধিতা কৰিব। অন্যান্য বিৰোধী দলৰ সাংসদসকলকো এই বিলখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনোৱা হ’ব।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd