• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এপ্ৰিল ফুল আৰু প্ৰধানমন্ত্ৰী মোদী! চাও আহক দেশৰ জনতাক মোদীয়ে দিয়া পাঁচটা এপ্ৰিল ফুল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2022 5:45 pm
April Fool by PM Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এপ্ৰিলৰ এক তাৰিখ। মিছা কথা কোৱাৰ দিন। মিছা প্ৰতিশ্ৰুতি দিয়াৰ দিন। কাৰোবাক এপ্ৰিল ফুল সজাই ৰং চোৱাৰ দিন। সেয়ে, আজিৰ দিনটো আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ দিন বুলিও কিছু নিন্দুকে ক’ব খোজে। ইয়াৰ কাৰণ হৈছে মিছা প্ৰতিশ্ৰুতি বুলি ক’লেই প্ৰধানমন্ত্ৰীগৰাকীৰ মুখখনকে এই নিন্দুকসকলৰ মনলৈ আহে।

নিন্দুকসকলৰ মতে, যোৱা আঠ বছৰধৰি তেওঁ অহৰহ মিছা কথা, মিচা প্ৰতিশ্ৰুতিয়েই দি আহিছে। জনতাক এপ্ৰিল ফুল সজাই আছে। এতিয়া চাও আহক, ২০১৪ চনৰ পৰা কি কি এপ্ৰিল ফুল দি আহিছে প্রধানমন্ত্ৰীয়ে।

Apply Now

অচ্চে দিন! ২০১৪ চনত প্রধানমন্ত্ৰী মোদীয়ে দেশজুৰি এটা স্লোগান বিয়পাই দিছিল- আচ্ছে দিন আনেৱালা হেঁ! ভাল দিন আহে আছে। যদি মোদী প্ৰধানমন্ত্ৰী হয়, দেশলৈ ভাল দিন আহিব! নিত্য প্ৰয়োজনীয় বস্তুৰ দাম কমিব, চাকৰি হাততে পোৱা যাব, শিক্ষা-দীক্ষাত দেশ আগুৱাব, নাৰী সুৰক্ষিত হ’ব, ভাৰত বিশ্বগুৰু হ’ব, চুপাৰপাৱাৰ হ’ব ইত্যাদি ইত্যাদি ইত্যাদি!

মুঠতে মোদী হেঁ ত’ মুমকিন হেঁ! কিন্তু এতিয়া? দেশৰ জিডিপি চুবুৰীয়া বাংলাদেশতকৈও তলত, দৰিদ্ৰতা একে থাকিল, নাৰী সুৰক্ষাৰ কথা ক’বই নালাগে! যেন অচ্চে দিনৰ প্ৰতিশ্ৰুতি এটা বৃহৎ এপ্ৰিল ফুল!

এতিয়া বস্তুৰ ভয়াৱহ দামৰ কথা সুধিলে বিজেপি নেতা-মন্ত্ৰীবিলাকে আজৱ ভাষ্য দিবলৈ ধৰে। হিন্দু-মুছলমানক লৈ ব্যস্ত হৈ পৰিল সকলো। মানুহতকৈ গৰুৰ সন্মান বাঢ়িব ধৰিল। প্ৰশ্ন হয় যে প্ৰধানমন্ত্ৰী মোদীৰ এই অচ্চে দিনৰ প্ৰতিশ্ৰুতি মানুহৰ বাবে আছিল নে গৰুৰ বাবে আছিল?

অচ্চে দিনৰ পাছতে উল্লেখ কৰিব লাগিব দেশৰ কোটি কোটি শিক্ষিত নিবনুৱা যুৱকক সংস্থাপন দিয়াৰ এটা বিখ্যাত প্ৰতিশ্ৰুতি। আনকি কিমানসংখ্যক যুৱকক সংস্থাপন দিয়া হ’ব, তাৰো এটা হিচাপ দিয়া গৈছিল।

২০১৪ চনৰ নিৰ্বাচনৰ সময়ত দেশৰ নিবনুৱা সমস্যাক লৈ একপ্ৰকাৰৰ জ্বালাময়ী ভাষণ প্ৰদান কৰিছিল নৰেন্দ্ৰ মোদীয়ে। কিন্তু পাছত এইসমূহক এপ্ৰিল ফুল বুলিহে বুজা গ’ল। ২০১৭-১৮ বৰ্ষৰ চৰকাৰী হিচাপ অনুযায়ী, দেশৰ নিৱনুৱা বৃদ্ধিৰ হাৰ পঞ্চলিশ বছৰৰ ভিতৰত আটাইতকৈ বেছি দেখা গ’ল।

বৰ্তমান দেশৰ নিবনুৱাৰ হাৰ আঠ শতাংশৰ ওচৰা-ওচৰি। আন এটা সমীক্ষা অনুযায়ী, ২০২১ চনৰ আগভাগত ২৫ মিলিয়নতকৈও অধিক লোকে নিজৰ জীৱিকা হেৰুৱালে।

তাৰপাছতো চাকৰি বিচাৰি যেতিয়া নিবনুৱাই চৰকাৰক প্ৰশ্ন কৰে, তেতিয়া প্রধানমন্ত্ৰীয়ে নিবনুৱাসকলক পকৰী বেচিবলৈ পৰামৰ্শ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে দিয়া আন এটা প্ৰতিশ্ৰুতি হৈছে বিদেশৰ বেংকত থকা দেশৰ ক’লা ধনসমূহ ঘূৰাই অনা হ’ব। সকলোৱে জনা কথা যে ভাৰতৰ অলেখ নেতা-ব্যৱসায়ী দুৰ্নীতিত পোত খোৱা আৰু তেওঁলোকৰ ক’লা টকাসমূহ চুইচ বেংকত থোৱা আছে।

এই অজস্ৰ পৰিমাণৰ টকাসমূহ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে বৰ বৰ ভাষণ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আনকি ক’লা টকা ঘূৰাই আনিবলৈ তেওঁক মাত্ৰ ৫০ দিন সময় দিবলৈ কৈছিল। ক’লা টকাক লৈ সৰৱ হৈছিল যোগগুৰু বাবা ৰামদেৱো।

কিন্তু পাছত এইসমূহ এপ্ৰিল ফুল বুলি বুজা গ’ল। এতিয়া না ক’লা টকাক লৈ চৰ্চা, না দুৰ্নীতি নিবাৰণক লৈ ব্যৱস্থা লোৱা হৈছে দেশত। মোদী চৰকাৰৰ দিনতে বিজয় মালিয়া- নীৰৱ মোদীয়ে বিদেশলৈ পলাই যাবলৈ সক্ষম হ’ল।

পোন্ধৰ লাখ টকা! দেশৰ প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত পোন্ধৰ লাখ টকাকৈ ভৰোৱা হ’ব। জন-ধন যোজনা অনুসৰি এই টকা প্ৰদান কৰা হ’ব। ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এনেধৰণৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

মোদীয়ে কৈছিল যে বিদেশত থকা ক’লা ধনসমূহ ঘূৰাই আনিলে খুব সহজেই দেশৰ প্ৰতিজন নাগৰিকৰ ভাগত কমেও পোন্ধৰ-বিশ লাখ টকাকৈ পৰিব। কেনে মধুৰ আছিল এই প্ৰতিশ্ৰুতি! পোন্ধৰ লাখ টকা কম টকা নহয়!

মোদীৰ মুখেৰে এই প্ৰতিশ্ৰুতি শুনি দেশবাসীৰ মাজত ব্যাপক উচ্ছাহ বৈ গৈছিল, বিজেপিক ভোট দিবলৈ ভোটকেন্দ্ৰত শাৰী পাতিছিল। এতিয়া মোদী চৰকাৰৰ আঠ বছৰ হৈ গ’ল। পোন্ধৰ লাখ টকাৰ কথা নকলেও হ’ব। এপ্ৰিল ফুল!

১৬ মে’! মোদীৰ এপ্ৰিল ফুলৰ এই সংক্ষিপ্ত তালিকাখনৰ আটাইতকৈ শেষত উল্লেখ কৰিবলৈ লোৱা হৈছে এটা তাৰিখ- ১৬ মে’! ২০১৪ চনৰ ১৬ মে’ৰ পৰা অবৈধ বাংলাদেশীসকলে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব!

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নৰেন্দ্ৰ মোদীয়ে অসমৰ মাটিত এই হুংকাৰ প্ৰদান কৰিছিল। দীৰ্ঘকালধৰি অবৈধ বিদেশী সমস্যাৰে জৰ্জৰিত অসমবাসীয়ে স্বস্তিৰ নিশ্বাস এৰিছিল। অৱশেষত অসমৰ পৰা বাংলাদেশীবিলাক যাবগৈ- এই আশা লৈয়েই মোদী জিন্দাবাদ ধ্বনি দিছিল!

কিন্তু এতিয়া? বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া তথা এনআৰচিৰ কোনো নাম-গোন্ধই নোহোৱা হ’ল। আনকি হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বাবে আইনহে অনা হ’ল। অৰ্থাৎ এইটোও আছিল অসমীয়াক মোদীয়ে দিয়া এটা এপ্ৰিল ফুল!

এই সংক্ষিপ্ত প্ৰতিবেদনখনত মোদীৰ পাঁচটা বিখ্যাত এপ্ৰিল ফুলৰ বিষয়ে আলোকপাত কৰা হৈছে। আৰু এনেকুৱা বহুতো প্ৰতিশ্ৰুতি আছে- যিসমূহ এপ্ৰিল ফুল বুলি নভবাৰ কোনো থল নাই। সঁচাকৈয়ে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী বিৰাট প্ৰতিভাশালী লোক!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd