DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ প্রাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰূদ্ধে তদন্ত বিচাৰি পুনৰ চি বি আইত গোচৰ এ পি ডব্লিউৰ

এন আৰ চিৰ দুর্নীতিৰ তদন্ত কৰাত সদিচ্ছাৰ অভাব গৃহ বিভাগৰ : অসম পাব্লিক ৱৰ্কছ

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
May 20, 2020 11:03 am
প্ৰতীক হাজেলা

প্ৰতীক হাজেলা

6.6k
VIEWS
Share on FacebookShare on Twitter

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ নামত এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্রতীক হাজেলাই উইপ্রোৰ সহযোগত বিয়াগোম দুৰ্নীতি কৰি অহা বুলি দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে।

হাজেলাৰ বিৰুদ্ধে বহুবাৰ চি আই ডিত এজাহাৰ দাখিলৰ পাছতো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সভাপতি অভিজিত শৰ্মাই।

“অসমৰ এন আৰ চিৰ উন্নীতকৰণৰ অচিলা লৈ তেতিয়াৰ এন আৰ চি ৰ সমন্বয়ক প্রতীক হাজেলাই উইপ্রোৰ সহযোগত যি বিয়াগোম দুর্নীতি সংঘটিত কৰিছিল সেই সম্পৰ্কত এখনৰ পিচত এখনকৈ এজাহাৰ দি আমি চৰকাৰক অৱগত কৰি আহিছো তথা সঠিক তদন্ত বিচাৰি আছো,’’ নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত এইদৰে উল্লেখ কৰে শৰ্মাই।

ইপিনে, আজিৰ দিনত আসম পাব্লিক ৱর্কছে একমাত্ৰ এন আৰ চিৰ দুর্নীতিৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাবে যুজ চলাই আহিছে বুলি শৰ্মাই লগতে দাবী কৰে।

“উপযুক্ত তথ্য দি এজাহাৰ দাখিলৰ পাচতো কেন্দ্ৰীয় বা ৰাজ্যিক কোনো এটি তদন্তকাৰী সংস্থাই ইয়াক গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰা আমাৰ দৃষ্টিগোচৰ নহ’ল । চি বি আই,  চি আই ডি আদি সংস্থাই ইয়াক তিলমানো গুৰুত্ব প্রদান কৰা আমাৰ দৃষ্টিগোচৰ নহল,” তেওঁ পুনৰ কয়।

আনকি যথেষ্ট তথ্য দি এজাহাৰ দাখিল কৰাৰ পাছতো সামান্য ভাষ্য এটা লবলৈও আজিলৈ আমাক নিমন্ত্ৰণ নজনোৱা কাৰ্যত চৰকাৰৰ স্থিতি সন্দৰ্ভত  সন্দেহ প্রকাশ কৰে সভাপতিগৰাকীয়ে।

এই সমগ্ৰ স্থিতিত সন্দেহৰ বীজ ৰাখিও এন আৰ চিৰ সংঘটিত হোৱা দুর্নীতিৰ ওপৰত পুনৰ কালি সংগঠনটোৱে এখন এজাহাৰ চি বি আইৰ ওচৰত দাখিল কৰে।

এজাহাৰ সম্পৰ্কে উল্লেখ কৰি শৰ্মাই কয়, “এই এজাহাৰখনত M/S WIPRO LTD.  আৰু এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হাজেলাৰ সখা-মিতিৰালিয়ে কেনেকৈ চৰকাৰী ধনৰ সৰাধ কৰি ব্যক্তিগত প্রতিষ্ঠানক অনিয়মেৰে ধন ঘটাৰ পথ মুকলি কৰি দিছিল সেই তথ্য দাখিল কৰা হৈছে।”

‘‘ছফ্টৱেৰ সংস্থাপনৰ নামত, জেনেৰেটৰ সংস্থাপনৰ নামত হকে-বিহকে চহী কৰি যিবোৰ ৱ’ৰ্ক অর্ডাৰ হাজেলাই প্রতিস্হানটোক দিছিল সেইবোৰ অত্যন্ত সন্দেহজনক আৰু যাবতীয় পৰীক্ষা-নিৰীক্ষা অবিহনেই সেইবোৰৰ বিপৰীতে কোটি কোটি টকাৰ বিল আদায় দিয়া হৈছিল । এনে বহু সন্দেহজনক ৱ’ৰ্ক অর্ডাৰ আমাৰ হাতত মজুত আছে।”

ইপিনে, এই দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে পুংখানুপুংখভাৱে তদন্ত কৰিলে সমগ্র অনিয়ম ধৰা পৰিব বুলিও তেওঁ দাবী কৰে।

চৰকাৰলৈ অনুৰোধ জনাই শৰ্মাই কয় “গুৰুত্ব দিয়া নিদিয়া আপোনালোকৰ কথা,  আমি আমাৰ কাম কৰি যাম,  সময়ে এদিন সকলো অনিয়মৰ বিচাৰ কৰিব।”

Recent News

Owaisi

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd