• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণাচলত সীমা সুৰক্ষা বাহিনীৰ বিষয়াসকলৰ বাবে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণকলৈ আৰণ্যকৰ বিশেষ কর্মশালা

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 27, 2022 5:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত ৰাজ্যৰ অগ্ৰণী প্ৰকৃতি সংগঠন আৰণ্যকে যোৱা ২৪ আৰু ২৫ আগষ্টত সংগঠনটোৰ আইনী আৰু ওকালতি বিভাগৰ উদ্যোগত বন্যপ্ৰাণী অপৰাধ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণৰ ওপৰত দুখনকৈ সজাগতা কৰ্মশালা অনুষ্ঠিত কৰে।

অৰুণাচলৰ দিৰাঙত থকা সীমা সুৰক্ষা বাহিনীৰ কাৰ্যালয় প্ৰাংগত আয়োজিত এই কৰ্মশালাত দিৰাঙৰ সীমা সুৰক্ষা বাহিনীৰ ৩০ নং বেটেলিয়ন, টাৱাংত থকা সীমা সুৰক্ষা বাহিনীৰ ৩৮ নং বেটেলিয়ন আৰু লুমলাত থকা সীমা সুৰক্ষা বাহিনীৰ ৩৭ নং বেটেলিয়নৰ মুঠ ১৩০ জন বিষয়াই অংশগ্ৰহণ কৰে ।

কৰ্মশালাত অংশগ্ৰহণ কৰি দিৰাঙৰ সীমা সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট উপেন্দ্ৰ কুমাৰে মানুহ আৰু বন্যপ্ৰাণীৰ সাংবিধানিক অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে স্থানীয় সীমাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সীমাত কেনেদৰে সকলো স্তৰৰ প্ৰাকৃতিক সম্পদ কেনেদৰে সুৰক্ষিত কৰিব পাৰি সেই সন্দৰ্ভতো  পৰামৰ্শ প্ৰদান কৰে।

Apply Now

টাৱাঙৰ কমাণ্ডেণ্ট জি এছ উদাৱাতে সমাজৰ বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বয় স্থাপন আৰু বন্যপ্ৰাণী অপৰাধ আৰু সৰবৰাহ হ্ৰাস কৰাৰ ক্ষেত্ৰত সীমা সুৰক্ষা বাহিনীৰ গুৰুত্বৰ বিষয়ে মন্তব্য আগবঢ়ায়। দুয়োজন কমাণ্ডেণ্টে দেশৰ নিৰাপত্তাৰ লগতে অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ বিৰুদ্ধে একেলগে কাম কৰিবলৈ আগ্ৰহো প্ৰকাশ কৰে।

কৰ্মশালাত উপস্থিত থকা আৰণ্যকৰ মুখ্য কার্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে বন্যপ্ৰাণী অপৰাধ আৰু ইয়াৰ আন্তর্জাতিক পৰিস্থিতিৰ বিষয়ে সীমা সুৰক্ষা বাহিনী বিষয়া সকলক বিস্তৃতভাৱে অৱগত কৰে। লগতে গৱেষণা আৰু নীতি নিৰ্ধাৰণৰ জৰিয়তে অঞ্চলটোত বন্যপ্রাণী সুৰক্ষাৰ বাবে আৰণ্যকে চলোৱা প্ৰচেষ্টাৰ বিষয়েও জনায়।

আৰণ্যকৰ আইনী আৰু ওকালতি বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক ড৹ জিমি বৰাই বন্যপ্ৰাণী অপৰাধে সমাজক কেনেদৰে নেতিবাচক ভাৱে প্ৰভাৱিত কৰে আৰু ইয়াক কিয় গুৰুত্ব দিয়া উচিত সেই বিষয়ে আলোচনা কৰে ৷ অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায় কিদৰে সামাজিক অস্থিৰতা, জুনোটিক ৰোগ, অৰ্থনৈতিক ক্ষতি, ড্রাগচৰ চোৰাং ব্যৱসায় আৰু অস্ত্ৰ সৰবৰাহ আদিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তাৰ ওপৰতো ড৹ জিমি বৰাই সচিত্ৰ উপস্থাপন কৰে।

আৰণ্যকৰ আইনী আৰু ওকালতি বিভাগৰ প্ৰকল্প বিষয়া আইভি ফাৰহিন হুছেইনে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত বন্যপ্রাণীৰ অপৰাধী সকলে কেনেদৰে কাম কৰিছিল তাৰ ওপৰত কৰা এক ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰো উপস্থাপন দাঙি ধৰে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd