• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

এজন ফুটবলাৰৰ জীৱনৰ এই ট্ৰেজেডীয়ে সমগ্ৰ ফুটবল জগতখনক জোকাৰি গৈছে। লুকাছ ট্ৰেজোৰ জীৱনৰ তিনিজন আটাইতকৈ মূল্যৱান মানুহ ধ্বংসাৱশেষৰ মাজত চিৰদিনৰ বাবে হেৰাই গ’ল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 1:16 pm
367
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকৃতিৰ ৰোষে কাকো ৰেহাই নিদিয়ে। এবাৰ নিজৰ শক্তি দেখুৱাবলৈ আৰম্ভ কৰিলেই নিৰ্বিশেষে সকলো কাঢ়ি নিয়ে। ভেনিজুৱেলাই পুনৰবাৰ প্ৰত্যক্ষ কৰিছে ইয়াৰ নিষ্ঠুৰ ৰূপ। ৰাজধানী কাৰাকাছকে ধৰি সেই দেশৰ এক বৃহৎ অংশ দুটাকৈ ভূমিকম্পৰ ফলত বিধ্বস্ত হৈছে। এই ভূমিকম্পৰ ফলতে আৰ্জেণ্টিনাৰ ফুটবলাৰ লুকাছ ট্ৰেজোৰ জীৱনো বিধ্বস্ত হৈ পৰিছে। কিছুদিন আগতেও যাক লৈয়ে আছিল তেওঁৰ পৃথিৱী, সেই পত্নী আৰু দুটা সন্তানক হেৰুৱাবলগীয়া হ’ল।

৭৪ ঘণ্টীয়া উদ্ধাৰ অভিযানৰ অন্তত ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে তেওঁলোকৰ নিথৰ মৃতদেহ। এই কৰুণ ঘটনাই সমগ্ৰ দক্ষিণ আমেৰিকাৰ ফুটবল জগতত শোকৰ ছাঁ পেলাইছে। ৩৮ বছৰীয়া লুকাছ ট্ৰেজোৱে ভেনিজুৱেলাৰ ক্লাব স্প’ৰ্ট মেৰিটিমো দে লা গুয়াৰাৰ হৈ খেলে।

Apply Now

যোৱা বুধবাৰে তেওঁ দলটোৰ সৈতে কাৰাকাছত আছিল। সেই সময়ত ভেনিজুৱেলাৰ উত্তৰ উপকূলত দ্ৰুতগতিত একেৰাহে ৭.২ আৰু ৭.৫ প্ৰাবল্যৰ দুটা ভূমিকম্পই আঘাত হানিছিল। ইয়াৰ ফলত উপকূলীয় অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন হয়। কিছু সময়ৰ পিছতে ট্ৰেজোৱে গম পালে যে লা গুইৰাৰ প্লায়া গ্ৰেণ্ডেত থকা তেওঁলোকৰ এপাৰ্টমেণ্টটো সম্পূৰ্ণৰূপে ধ্বংস হৈছে। খবৰ পোৱাৰ লগে লগে তেওঁ লৰালৰিকৈ ক্ষতিগ্ৰস্ত অঞ্চললৈ যায়। তেওঁ নিজেই উদ্ধাৰ কৰ্মীৰ সৈতে গৈ পত্নী আৰু সন্তানৰ সন্ধানত নামি পৰে।

উদ্ধাৰ অভিযানৰ আৰম্ভণিতে ট্ৰেজোৱে ছ’চিয়েল মিডিয়াত লিখিছিল, “প্লায়া গ্ৰেণ্ডেৰ আমাৰ এপাৰ্টমেণ্টটো ভাঙি গৈছে। মোৰ পৰিয়ালৰ কোনো শুংসূত্ৰ নাই। সকলোৱে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰক। যদি কোনোবাই তেওঁলোকক দেখিছে তেন্তে এই বাৰ্তা বিয়পাই দিয়ক। সেই সময়ত তেওঁলোক ঘৰৰ ভিতৰত নাছিল, মই এতিয়াও সেই কথা বিশ্বাস কৰিব বিচাৰো।”

এই খবৰ পোৱাৰ লগে লগে ট্ৰেজোৰ পিতৃ আৰু ভাতৃয়ে লৰালৰিকৈ আৰ্জেণ্টিনাৰ পৰা ভেনিজুৱেলালৈ যায়। লগতে অগ্নিনিৰ্বাপক বাহিনী, সেনা আৰু স্বেচ্ছাসেৱকৰ সৈতে কান্ধত কান্ধ মিলাই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে। কিন্তু কেইবা দিন, কেইবা ৰাতি পাৰ হৈ গ’ল, কিন্তু পৰিয়ালটো তেতিয়াও বিচাৰি পোৱা নগ’ল।

অৱশেষত ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হয় ট্ৰেজোৰ পত্নী য়ানিনা মাৰানেলা আৰু তেওঁলোকৰ দুটা সন্তান এৰন আৰু আইনহ’য়া। এই হৃদয়বিদাৰক ঘটনাৰ পিছতে ছ’চিয়েল মিডিয়াত সতীৰ্থ, প্ৰতিপক্ষৰ ফুটবলাৰ আৰু অনুৰাগীয়ে সমবেদনা জ্ঞাপন কৰে।

তেওঁৰ ঘনিষ্ঠ বন্ধু আৰ্জেণ্টিনাৰ ফুটবলাৰ এডছন টৰ্টলেৰ’ই লিখিছে, “আজি মোৰ হৃদয়খন টুকুৰা-টুকুৰ হৈ পৰিছে। এই বিৰাট যন্ত্ৰণা লাঘৱ কৰিবলৈ কোনো শব্দ নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে লুকাছে এই অকল্পনীয় ক্ষতি সহ্য কৰিবলৈ যাতে শক্তি বিচাৰি পায়।”

ভেনিজুৱেলাৰ ক্লাব স্প’ৰ্ট মেৰিটিমো দে লা গুয়াইৰাই দেওবাৰে এক বিবৃতিত ট্ৰেজোৰ পত্নী আৰু দুটা সন্তানৰ মৃত্যু নিশ্চিত কৰে। ক্লাবটোৱে কয় যে, “লুকাছ ট্ৰেজোৰ পত্নী য়ানিনা মাৰানেলা আৰু তেওঁলোকৰ সন্তান এৰন আৰু আইনহোয়াৰ মৃত্যুত আমি গভীৰভাৱে দুখী।‘’

এজন ফুটবলাৰৰ জীৱনৰ এই ট্ৰেজেডীয়ে সমগ্ৰ ফুটবল জগতখনক জোকাৰি গৈছে। লুকাছ ট্ৰেজোৰ জীৱনৰ তিনিজন আটাইতকৈ মূল্যৱান মানুহ ধ্বংসাৱশেষৰ মাজত চিৰদিনৰ বাবে হেৰাই গ’ল। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ভেনিজুৱেলাত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ অতিক্ৰম কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd