NORTHEAST NOW (Assamese)

মূৰৰ ওপৰত ভাগি পৰিল চিলিং! নতুন ছবিৰ দৃশ্য গ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত অভিনেতা অৰ্জুন কাপুৰ

January 18, 2025 5:25 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: January 18, 2025 5:26 pm

চিনেমাৰ দৃশ্য গ্ৰহণৰ সময়ত গুৰুতৰভাবে আহত হৈছে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ।

প্ৰাপ্ত খবৰ অনুসৰি, তেখেতৰ আগুন্তুক ছবি ‘মেৰে হাজবেণ্ড কি বিবি’ দৃশ্য গ্ৰহণৰ সময়ত মুম্বাইৰ এটা চেটত দুৰ্ঘটনা সংঘটিত হয়। শ্বুটিং চলি থকাৰ সময়ত শব্দ ব্যৱস্থাপনৰ কম্পনৰ বাবে হলঘৰৰ পুৰণি চিলিং ভাগি পৰে।

ৰয়েল পামছৰ ইম্পেৰিয়েল পেলেচত এটি গীতৰ শ্বুটিং কৰি থাকোঁতেই এই দুৰ্ঘটনা সংঘটিত হয়।

এই ঘটনাত অৰ্জুন কাপুৰৰ লগতে ছবিখনৰ প্ৰযোজক জেকী ভগনানী আৰু পৰিচালক মুদাছিৰ আজিজকে ধৰি কেইবাজনো কলা-কুশলী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

নৃত্য পৰিচালক বিজয় গাংগুলীয়ে এই ঘটনাৰ বৰ্ণনা কৰি কয় যে হলঘৰৰ চিলিঙৰ কিছু অংশ খহি পৰাৰ ফলত কেইবাজনো লোক আহত হয়।

উল্লেখ্য যে এই ৰোমান্টিক কমেডী ছবিখনে অহা ২১ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ অৰ্জুন কাপুৰক ৰোহিত শ্বেট্টীৰ চিংঘম এগেইনত খলনায়কৰ চৰিত্ৰত দেখা গৈছিল। এতিয়া তেওঁ ভূমি পেডনেকাৰ আৰু ৰাকুল প্ৰীত ভগননীৰ সহ অভিনীত মেৰে হাজবেণ্ড কি বিবিৰ শ্বুটিঙত ব্যস্ত। মুম্বাইত পূৰ্ণগতিত চলি আছে ছবিখনৰ চিত্ৰগ্ৰহণ।

Related News