ত্ৰিপুৰাত ক’ৰ’না আক্ৰান্ত হৈছে এগৰাকী সেনা বিষয়া।
ত্ৰিপুৰাত সেনা বিষয়া ক’ৰ’না আক্ৰান্ত হোৱা এইটো প্ৰথম ঘটনা।
সেনা বিষয়া গৰাকীৰ লগতে বৃহস্পতিবাৰে নিশা ত্ৰিপুৰাত ২৫ গৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
আগৰতলাৰ লিচুবাগানত থকা সেনা ছাউনীৰ এগৰাকী কৰ্ণেলৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰে বুলি শুকুৰবাৰে আৰক্ষী সূত্ৰত প্ৰকাশ কৰে।
ত্ৰিপুৰাত সেনা বাহিনীৰ লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পূৰ্বে বি এছ এফৰ বহু কেইগৰাকী বিষয়া আৰু জোৱানৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।
উল্লেখযোগ্য যে, ত্ৰিপুৰাত উত্তৰ-পূবৰ ভিতৰত অসমৰ পাছতে সৰ্বাধিক সংখ্যক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।
ৰাজ্যখনত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে জনসাধাৰণক ভীতিগ্ৰস্ত নহব’লৈ আহ্বান জনাইছে।
আনহাতে, ত্ৰিপুৰাৰ চুবুৰীয়া ৰাজ্য অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিছে।
অসমত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৪ গৰাকী লোকৰ মৃত্যু হৈছে।