NORTHEAST NOW (Assamese)

যোগী আদিত্যনাথে গঠন কৰিছে নতুন বাহিনী : এৰেষ্ট ৱাৰেন্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব যিকোনো ব্যক্তিক

September 14, 2020 5:12 pm · এন ই নাও নিউজ
Updated: September 14, 2020 5:17 pm

যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত গঠন কৰা হ’ব এক বিশেষ বাহিনী। এই বাহিনীয়ে লাভ কৰিব বিশেষ ক্ষমতা।

এই ক্ষমতা অনুসৰি বিশেষ বাহিনীটোৱে দণ্ডাধীশৰ নিৰ্দেশনা বা গ্ৰেপ্তাৰী পৰোৱানা নোহোৱাকৈ যিকোনো ব্যক্তিকে গ্ৰেপ্তাৰ কৰাৰ লগেত যিকোনো স্থানত চালাচী চলাব পাৰিব।

ইতিমধ্যে উত্তৰ প্ৰদেশ বিধান সভাৰ বৰ্ষাকালীন অধিৱেশনত এই সম্পৰ্কীয় আইন গৃহীত হৈ গৈছ বুলি জানিব পৰা গৈছে।

যোগী প্ৰশাসনৰ সূত্ৰ অনুসৰি অহা তিনি মাহৰ ভিতৰত বিশেষ নিৰাপত্তা বাহিনী(Special Security Force, SSF)টো গঠন কৰা হ’ব।

এই বাহিনীটোৰ হাতত কোনো এৰেষ্ট ৱাৰেন্ট নোহোৱাকৈ যিকোনো ব্যক্তিকে গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ থাকিব। লগেত আৰু থাকিব যিকোনো স্থানত তালাচী চলোৱাৰ অধিকাৰ। ইয়াৰ বাবে বাহিনীটোৱে দণ্ডাধীশৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাথাকিব।

এক চৰকাৰীৰ সূত্ৰ জনাইছে যে এই বাহিনীটোক ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত মোতায়েন কৰা হ’ব।

বিভিন্ন আদালত, চৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থান, মেট্ৰ’, বিমানবন্দৰ, বেংক, ডাঙৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আদিত SSFৰ জোৱান মোতায়েন কৰা হ’ব।

“এওঁলোকৰ হাতত বিশেষ ক্ষমতা থাকিব। ৰাজ্যৰ আদালতসমূহ ৰক্ষা কৰাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ ভিত্তিত এই বিশেষ বাহিনীটো গঠন কৰা হৈছে।” ৰাজ্যখনৰ অতিৰিক্ত মুখ্য গৃহ সচিব অৱনীশ কুমাৰ অৱস্থিয়ে কয়।

জানিব পৰা মতে অহা ১৫ দিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ ডিজিপিক বাহিনীটোৰ সংক্ৰান্তীয় সমস্ত নিয়ম তৈয়াৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।

SSF নামৰ এই বাহিনীটোত পাঁচটা বেটেলিয়ন থাকিব আৰু প্ৰতিটো বেটেলিয়নতে ১৯১৩ গৰাকীকৈ জোৱান থাকিব। বাহিনীটো গঠনৰ বাবদ মুঠ ১৭৪৭ কোটি টকা খৰচ হ’ব বুলি জনাইছে উত্তৰ প্ৰদেশৰ চৰকাৰী সূত্ৰই।

ইফালে এই বাহিনীটো গঠনকলৈ তুমুল বিতৰ্কৰো সৃষ্টি হৈছে। যোগী চৰকাৰে নিজৰ সুবিধাৰ মতে এই বাহিনীটোক ব্যৱহাৰ কৰিব বুলিও বহুতে ধাৰণা কৰিছে।

Related News