• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ সীমান্তৱৰ্তী অঞ্চলত চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (পি এল এ) ভাৰতীয় ভূখণ্ডৰ কেইবা কিলোমিটাৰ ভিতৰলৈ সোমাই আহি স্থায়ী ঘাটি নিৰ্মাণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উক্ত অঞ্চলত বসবাস কৰা নাহ জনজাতিৰ লোকসকলৰ এক সংগঠনে দাবী কৰা অনুসৰি, চীনা সেনাৰ এই আগ্ৰাসনৰ ফলত যোৱা ছবছৰ ধৰি স্থানীয় লোকসকলৰ কৃষি কাৰ্য আৰু পশুচাৰণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। এই অভিযোগ পোহৰলৈ অহাৰ পিছতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এল এ চি) নিৰাপত্তাক লৈ নতুনকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 6:20 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ সীমান্তৱৰ্তী অঞ্চলত চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (পি এল এ) ভাৰতীয় ভূখণ্ডৰ কেইবা কিলোমিটাৰ ভিতৰলৈ সোমাই আহি স্থায়ী ঘাটি নিৰ্মাণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উক্ত অঞ্চলত বসবাস কৰা নাহ জনজাতিৰ লোকসকলৰ এক সংগঠনে দাবী কৰা অনুসৰি, চীনা সেনাৰ এই আগ্ৰাসনৰ ফলত যোৱা ছবছৰ ধৰি স্থানীয় লোকসকলৰ কৃষি কাৰ্য আৰু পশুচাৰণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। এই অভিযোগ পোহৰলৈ অহাৰ পিছতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এল এ চি) নিৰাপত্তাক লৈ নতুনকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অৰুণাচল প্ৰদেশৰ উত্তৰ অংশত চীন অধিকৃত তিব্বতৰ সীমান্তৱৰ্তী অঞ্চলত নাহ জনজাতিৰ লোকসকলে বসবাস কৰে। তেওঁলোকৰ প্ৰতিনিধিত্বমূলক সংগঠন ‘নাহ ৱেলফেয়াৰ ছ‘চাইটী‘ৰ সভাপতি কেৰু চাদেৰে টাইমছ অৱ ইণ্ডিয়াৰ আগত প্ৰকাশ কৰা মতে, উক্ত ভূমি তেওঁলোকৰ পূৰ্বপুৰুষৰ আৰু তাত তেওঁলোকে যুগ যুগ ধৰি চিকাৰ, পশুচাৰণ আৰু খেতি-বাতি কৰি আহিছে। কিন্তু আপাৰ সোৱণশিৰি জিলাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ কমেও পাঁচটা অঞ্চলত ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰি চীনা সেনাই স্থায়ী আন্তঃগাঁথনি গঢ়ি তুলিছে বুলি তেওঁ অভিযোগ কৰে। বৰ্তমান স্থানীয় গাঁৱৰ লোকসকলক উক্ত স্থানলৈ যোৱাত চীনা ফৌজে বাধাপ্ৰদান কৰি আছে বুলিও তেওঁ সদৰী কৰে।

Apply Now

সংগঠনটোৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰায় বাৰ বছৰ পূৰ্বে উক্ত অঞ্চলসমূহত মাজে-সময়ে চীনা সেনাৰ অনুপ্ৰৱেশ ঘটিছিল। পিচে ২০২০ চনৰ পৰা তেওঁলোকে স্থায়ীভাৱে ভূখণ্ডসমূহ নিজৰ দখললৈ নিয়ে আৰু দাবী কৰা অনুসৰি তেতিয়াৰ পৰাই স্থানীয় লোকৰ প্ৰৱেশ কাৰ্যতঃ বন্ধ হৈ পৰে। বিশেষকৈ আছাফিলা অঞ্চলৰ ৱায়িং আৰু পানিয়াৰ (চুজাৰ্তা অঞ্চল), মাৰপান (মাৰনাফে), পোটৰাং (হ্ৰদ) আৰু টিনডিংটাং (টিজি) আদি অঞ্চলত এই বেদখলৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২৪ চনতো অৰুণাচলৰ আঞ্জাও জিলাৰ কাপাপু অঞ্চলত ভাৰতীয় ভূখণ্ডৰ ভিতৰত চীনা সেনাই শিবিৰ স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল। আনহাতে, কেইবছৰমান পূৰ্বে লাডাখতো একেদৰে স্থানীয় পশুপালকক পি এল এই বাধা দিয়াৰ অভিযোগ উঠিছিল যদিও সেই সময়ত কেন্দ্ৰীয় চৰকাৰে লাডাখত চীনে এক ইঞ্চি ভূভূমিও দখল কৰা নাই বুলি স্পষ্টীকৰণ দিছিল।

ঐতিহাসিক প্ৰেক্ষাপট লক্ষ্য কৰিলে দেখা যায় যে, পঞ্চাশৰ দশকত মাও জে দঙৰ নিৰ্দেশত পি এল এই স্বাধীন তিব্বত দখল কৰাৰ পিছতেই তিব্বতীয়সকলৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তিব্বতীয় ধৰ্মগুৰু দলাই লামাই লক্ষাধিক অনুগামীৰ সৈতে ভাৰতত আশ্ৰয় লৈছিল আৰু হিমাচল প্ৰদেশ, উত্তৰাখণ্ডৰ লগতে অৰুণাচল প্ৰদেশতো শৰণাৰ্থীসকলক আশ্ৰয় দিয়া হৈছিল। ঘটনাচক্ৰত তাৰ পিছৰ পৰাই চীনে সমগ্ৰ অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ড বুলি দাবী কৰি সঘনাই বিতৰ্কৰ সূত্ৰপাত কৰি আহিছে।

শেহতীয়াকৈ নাহ জনজাতিৰ সংগঠনটোৱে উত্থাপন কৰা এই স্পৰ্শকাতৰ দাবীৰ সন্দৰ্ভত বৰ্তমানলৈকে প্ৰতিৰক্ষা মন্ত্ৰালয় বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। সীমান্তত স্থায়ী আন্তঃগাঁথনি নিৰ্মাণ আৰু জনজাতীয় লোকৰ জীৱিকা ব্যাহত হোৱাৰ এই গুৰুতৰ অভিযোগৰ ওপৰত চৰকাৰে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিষয়টো কেনেদৰে মোকাবিলা কৰিব, সেয়া এতিয়া সকলোৰে বাবে লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

June 29, 2026 7:26 pm
মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

June 29, 2026 7:20 pm
অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

June 29, 2026 7:26 pm
মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

June 29, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd