• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

খিলঞ্জীয়াৰ প্ৰশ্নত হিংসাত্মক প্ৰতিবাদৰ পিছত অনা-অৰুণাচলীক পি আৰ চি দিয়া সিদ্ধান্ত বাতিল পেমা খাণ্ডুৰ

NE NOW NEWS এন ই নাও নিউজ
ইটানগৰ , February 24, 2019 9:24 am

2 min read

Arunachal Protest

২৩ ফেব্ৰুৱাৰিৰ প্ৰতিবাদৰ সময়ৰ এটা দৃশ্য।

520
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত ৰাজ্যখন গঠন হোৱাৰ পূৰ্বৰ পৰা বাস কৰি অহা ৬টা অ-অৰুণাচলী জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ পেমা খাণ্ডু চৰকাৰে লোৱা সিদ্ধান্ত ব্যাপক হিংসাত্মক প্ৰতিবাদৰ পিছত বাতিল কৰিছে চৰকাৰখনে। যোৱা দুদিনত হোৱা ব্যাপক প্ৰতিবাদৰ ফলত আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পিছতে মুখ্য মন্ত্ৰী খাণ্ডুৱে অনা-অৰুণাচলীক পি আৰ চি দিয়া নহয় বুলি ঘোষণা কৰে।

ইয়াৰ পূৰ্বে ঘাইকৈ অসমৰ মূল বাসিন্দা সোণোৱাল কছাৰী, দেউৰী, মৰাণ, আদিবাসী, মিচিং, গোৰ্খা, এই জনগোষ্ঠীকেইটাক ৰাজ্যখনত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি বিধানসভাত প্ৰতিবেদন গৃহীত কৰিছিল খাণ্ডু চৰকাৰে। এই জনগোষ্ঠীকেইটা অৰুণাচল প্ৰদেশৰ অনুসূচিত জনজাতিৰ তালিকা বহিৰ্ভুক্ত যদিও তেওঁলোক ৰাজ্যখনত অৰুণাচল প্ৰদেশে ৰাজ্য হিচাপে ভূমুকি মৰাৰ পূৰ্বৰ পৰা বসতি কৰি আহিছে আৰু তাৰ ভিত্তিতে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দাবী কৰি আহিছিল দীৰ্ঘদিনৰ পৰা।

জানিব পৰামতে, পেমা খাণ্ডু চৰকাৰে বিধানসভাত প্ৰতিবেদন গৃহীত কৰাৰ পূৰ্বে আপছু আৰু আনছুকে ধৰি বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰিছিল।

তৎসত্ত্বেও চৰকাৰৰ এই সিদ্ধান্তত আপছু, আনছুকে ধৰি ১৮টা জাতীয় জনগোষ্ঠীয় সংগঠনে জাঙুৰ খাই উঠে। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কেইবাটাও দল-সংগঠনে ২১ ফেব্ৰুৱাৰিৰ পৰা ৪৮ ঘণ্টীয়া ইটানগৰ বন্ধ দিছিল। কিন্তু এই বন্ধৰ অন্ত পৰাৰ পিছতে হিংসাত্মক প্ৰতিবাদত নামি পৰি সচিবালয়ত প্ৰৱেশৰ চেষ্টা কৰে প্ৰতিবাদকাৰীসকলে।

আৰক্ষী-নিৰাপত্তাৰক্ষীৰ সৈতে হতাহতি লগাৰ পিছত ভালেকেইজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পিছতে অধিক ধ্বংসাত্মক ৰূপ লয় প্ৰতিবাদে। যোৱা দুদিনত হোৱা হিংসাত্মক প্ৰতিবাদত ৰাস্তাত থকা যান-বাহন, কাৰ্য্যালয় আদি ভঙাৰ লগতে জ্বলাই দিয়া হয়, শিলগুটি দলিওৱা হয়। প্ৰাক্তন মুখ্য মন্ত্ৰী নবাম টুকীৰ গাড়ীও জ্বলাই দিয়ে প্ৰতিবাদকাৰীসকলে।

এই বিষম পৰিস্থিতিৰ পিছত মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। ইপিনে হিংসাৰ ঘটনা বিয়পি নপৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছে ৰাজ্যখনত।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd