আকৌ এবাৰ বিজেপি শাসিত ৰাজ্যত উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দাসকলে বৰ্ণবাদী মন্তব্যৰ সন্মুখীন হ’বলগীয়া হৈছে। ২ এপ্ৰিলত বিহাৰৰ পাটনা ষ্টেচনত সংঘটিত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই ঘটনাৰ একাধিক ভিডিঅ’ পোহৰলৈ আহিছে। অৰুণাচল প্ৰদেশৰ এটা নৃত্য দলৰ যুৱতীসকলে ‘চিংকি’ আৰু ‘মোমোছ’ৰ দৰে অপমানৰ সন্মুখীন হ’বলগীয়া হৈছিল।
জানিব পৰা মতে, যেতিয়া তেওঁলোকে ষ্টেচনত শৌচাগাৰলৈ যাব বিচাৰিছিল, তেতিয়া এগৰাকী মহিলাই যুৱতীসকলৰ পৰিচয় পত্ৰ চাব বিচাৰিছিল। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱতীসকলে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে তেওঁলোকৰ বিষয়ে বৰ্ণবাদী মন্তব্য কৰে।
যুৱতীসকলে এনে অপমানজনক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ভিডিঅ’টোত তেওঁলোকৰ এজনে কোৱা শুনা যায়, ‘আমি অৰুণাচলৰ বাসিন্দা। আমি দেশৰ যিকোনো ঠাইলৈ যাব বিচাৰো। কিন্তু এনে কিছুমান মানুহৰ বাবে আমি ভয় খাও। তেওঁ আমাক চিংকি, চাইনিজ, মোমো বুলি মাতিছে।’
ইয়াৰ পিছত অভিযুক্ত মহিলাগৰাকীয়ে স্পষ্টীকৰণৰ সুৰত ইংৰাজীত কয়, ‘মোৰ প্ৰিয় খাদ্য হৈছে মোমো।’ যুৱতীসকলে কয়, ‘এনে কিছুমান মানুহৰ বাবে দেশখনৰ মূৰ অৱনত হৈছে। দেশৰ মানচিত্ৰৰ বিষয়ে তেওঁলোকৰ কোনো ধাৰণা নাই। এনেদৰে ইংৰাজী কৈছে যেন সকলো জানে। কিন্তু এই অভদ্ৰ, অশিক্ষিত লোকসকলে আচলতে একো নাজানে।’
অভিযুক্ত মহিলাগৰাকীৰ মানসিক সমস্যা আছে বুলি দাবী কৰিছে ৰে’ল আৰক্ষীয়ে। ইয়াৰ পূৰ্বেও কেইবাবাৰো পাটনা ষ্টেচনত আনক অশান্তি দিয়া দেখা গৈছে। মহিলাগৰাকীৰ পৰিয়ালকো এই সন্দৰ্ভত অৱগত কৰা হৈছে।
অৱশ্যে এই ঘটনা কোনো বিচ্ছিন্ন ঘটনা নহয়। বিগত কেইমাহমানৰ পৰা ইটোৰ পিছত সিটোকৈ উত্তৰ-পূব ভাৰতৰ বাসিন্দাসকলে বিজেপি শাসিত ৰাজ্যসমূহত বৰ্ণবাদী মন্তব্য আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে।
দুমাহমান পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ তিনিগৰাকী মহিলা ৰাজধানী দিল্লীতে একেধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈছিল। একেদৰে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যতো একে ঘটনা সংঘটিত হৈছে। উত্তৰাখণ্ডত ত্ৰিপুৰাৰ এগৰাকী এম বি এ ছাত্ৰক হত্যা কৰা হৈছিল।





