• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ-পূবৰ শক্তি খণ্ডত বিশাল বিনিয়োগ! অৰুণাচলৰ মেগা জলবিদ্যুৎ প্ৰকল্পলৈ কেন্দ্ৰৰ ৪০ হাজাৰ কোটি টকাৰ অনুমোদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:28 am
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিয়ে উত্তৰ-পূৰ্বাঞ্চলত জলবিদ্যুৎ উৎপাদন ক্ষমতা সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অৰুণাচল প্ৰদেশৰ দুটা মেগা জলবিদ্যুৎ প্ৰকল্পৰ বাবে ৪০,০০০ কোটি টকাতকৈ অধিক ধনৰ অনুমোদন জনাইছে। এই প্ৰকল্প দুটা হৈছে ১,৭২০ মেগাৱাট ক্ষমতাসম্পন্ন ‘কমলা জলবিদ্যুৎ প্ৰকল্প’ আৰু ১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন ‘কলাই-২ জলবিদ্যুৎ প্ৰকল্প’। শক্তি উৎপাদন বৃদ্ধি, গ্ৰিডৰ সুস্থিৰতা ৰক্ষা আৰু বিদ্যুতৰ সৰ্বোচ্চ চাহিদা পৰিচালনা কৰাৰ লক্ষ্যৰে এই বৃহৎ প্ৰকল্প দুটাৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে সেউজ সংকেত প্ৰদান কৰিছে।

প্ৰায় ২৬,০৬৯ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া কমলা জলবিদ্যুৎ প্ৰকল্পটো কামলে, ক্ৰা দাদি আৰু কুৰুং কুমে জিলাত আগন্তুক ছিয়ানব্বৈ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এক হাজাৰ সাতশ বিশ মেগাৱাট ক্ষমতাসম্পন্ন এই প্ৰকল্পটোৱে প্ৰতি বছৰে প্ৰায় ৬,৮৭০ নিযুত ইউনিট (MU) বিদ্যুৎ উৎপাদন কৰিব। বিদ্যুৎ উৎপাদনৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বান নিয়ন্ত্ৰণ আৰু ৰাষ্ট্ৰীয় গ্ৰিডৰ ভাৰসাম্য ৰক্ষাৰ বাবেও এই প্ৰকল্পটোৱে সহায় কৰিব। আনহাতে, আঞ্জাও জিলাৰ লোহিত নদীৰ বুকুত ১৪,১০৫ কোটি টকা ব্যয়ৰে কলাই-২ প্ৰকল্পটো নিৰ্মাণ কৰা হ’ব, যিটো আঠসত্তৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। লোহিত অৱবাহিকাত নিৰ্মাণ হ’বলগীয়া এইটোৱেই প্ৰথম বৃহৎ জলবিদ্যুৎ প্ৰকল্প, যিয়ে বাৰ্ষিক প্ৰায় ৪,৮৫২ নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ’ব।

Apply Now

কমলা প্ৰকল্পটো কেন্দ্ৰীয় প্ৰতিষ্ঠান এন এইচ পি চি লিমিটেড আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা হ‘ব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে ৪,৭৪৩ কোটি টকা আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১,৩৪০ কোটি টকাৰ সাহায্য আগবঢ়াব। লগতে ৰাজ্য চৰকাৰে ১২ শতাংশ বিনামূলীয়া বিদ্যুতৰ উপৰিও স্থানীয় এলেকা উন্নয়ন পুঁজিৰ বাবে অতিৰিক্ত ১ শতাংশা লাভ কৰিব। একেদৰে, কলাই-২ প্ৰকল্পটো টি এইচ ডি চি ইণ্ডিয়া লিমিটেড আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত কাৰ্যকৰী কৰা হ’ব য’ত কেন্দ্ৰই আন্তঃগাঁথনিৰ বাবে প্ৰায় ৬০০ কোটি টকা আগবঢ়াব। এই প্ৰকল্পসমূহৰ জৰিয়তে দুৰ্গম অঞ্চলসমূহত আন্তঃগাঁথনিৰ দ্ৰুত বিকাশ ঘটিব বুলি আশা কৰা হৈছে। কমলা প্ৰকল্পৰ অধীনত প্ৰায় ১৯৬ কিলোমিটাৰ আৰু কলাই-২ প্ৰকল্পৰ অধীনত ২৯ কিলোমিটাৰ পথ আৰু দলং নিৰ্মাণ কৰা হ’ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই প্ৰকল্পসমূহে স্বাস্থ্য সেৱা, শিক্ষা আৰু স্থানীয় বজাৰৰ দৰে সামাজিক আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে নিয়োগৰ সুবিধা আৰু কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনত স্থানীয় ৰাইজক বাৰুকৈয়ে উপকৃত কৰিব।

ৰাজ্যখনত ইতিমধ্যে ২,০০০ মেগাৱাট ক্ষমতাসম্পন্ন সোৱণশিৰি নামনি প্ৰকল্প, ২,৮৮০ মেগাৱাটৰ দিবাং বহুমুখী প্ৰকল্প আৰু প্ৰস্তাৱিত ৩,০৯৭ মেগাৱাটৰ ইটালিন প্ৰকল্পৰ দৰে বৃহৎ প্ৰকল্পৰ কাম-কাজ চলি আছে। ইয়াৰ ভিতৰত সোৱণশিৰি নামনি প্ৰকল্পৰ নিৰ্মাণকাৰ্য প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে আৰু চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত ইয়াৰ বাকী থকা সম্পূৰ্ণ কাম শেষ হোৱাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd