শনিবাৰে আপ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে অভিযোগ কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰেপ্তাৰৰ পাছত তেওঁৰ ওজন ৮.৫ কিলোগ্ৰাম কমিছে আৰু তেজৰ চেনিৰ মাত্ৰা ৫০ মিলিগ্ৰাম/ডেচিলিটাৰৰ তললৈ ৫ গুণ হ্ৰাস পাইছে।
সংবাদমেল সম্বোধন কৰি সিঙে দাবী কৰে যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কেজৰিৱালক গুৰুতৰ ৰোগত আক্ৰান্ত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে, দলটোৱে ইয়াক অতি চিন্তনীয় বুলি অভিহিত কৰে।
উল্লেখ্য যে, সুৰা নীতিৰ গোচৰত ইডি আৰু চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ১ এপ্ৰিলৰ পৰা তিহাৰ কাৰাগাৰত আছে কেজৰিৱাল।সিঙে কয় যে ২১ মাৰ্চত কেজৰিৱালক বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ ওজন ৭০ কিলোগ্ৰাম আছিল আৰু তেওঁৰ ওজন ৬১.৫ কিলোগ্ৰামলৈ হ্ৰাস পাইছে।
সিঙে কয় যে কোনো ধৰণৰ পৰীক্ষা নকৰাত অহৰহ ওজন কমি যোৱাৰ কাৰণ জানিব পৰা হোৱা নাই। তেওঁ অভিযোগ কৰে যে ওজন কমি যোৱাটো কোনো গুৰুতৰ ৰোগৰ লক্ষণ।
বলবৎকাৰী সঞ্চালকালয়ে (ইডি) পঞ্জীয়ন কৰা এই গোচৰত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। কিন্তু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ৰ তদন্ত চলি থকা দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ বাবে তেওঁ এতিয়াও জেলত আছে।