• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত জনসংখ্যা বৃদ্ধিতকৈও শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত লোৱাৰ হাৰ বেছি; এন চি আৰ বিৰ প্ৰতিবেদনত চাঞ্চল্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2024 11:50 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত বাৰে বাৰে কৃষকৰ আত্মহননৰ কথা পোহৰলৈ আহে। কিন্তু এন চি আৰ বিয়ে দিয়া শেহতীয়া প্রতিবেদনৰ পৰিসংখ্যাত কোৱা হৈছে যে শেহতীয়াকৈ ভাৰতত শিক্ষাৰ্থীৰ আত্মহত্যাৰ হাৰে দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ অতিক্রম কৰিছে৷

এনচিআৰবিয়ে আইচিটিআৰআইৰ সহযোগত এই অধ্যয়ন সম্পূৰ্ণ কৰিছে। বুধবাৰে প্ৰকাশ কৰা হৈছে এই প্ৰতিবেদন। তেওঁলোকৰ শেহতীয়া প্ৰতিবেদনৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ‘শিক্ষাৰ্থীৰ আত্মহত্যা: ভাৰতত ব্যাপক মহামাৰী’ শীৰ্ষক প্ৰতিবেদনত এই বিস্ফোৰক তথ্য পোহৰলৈ আহে। ইয়াৰ পৰা দেখা গ’ল যে এই দেশত দুটা দশকত বছৰি ২ শতাংশ আত্মহত্যাৰ হাৰ বৃদ্ধি পাইছে আৰু কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মহত্যাৰ হাৰ তাৰ দুগুণ বৃদ্ধি পাইছে অৰ্থাৎ ৪ শতাংশ। এই হাৰ অকল সামগ্ৰিক আত্মহত্যাৰ হাৰতকৈয়ে বেছি নহয়, জনসংখ্যা বৃদ্ধিৰ হাৰতকৈও অধিক।

Apply Now

লগতে পঢ়কঃ সকলো অভিলেখ অতিক্ৰমি ৮৩ হাজাৰ গোচৰ বিচাৰাধীন উচ্চতম ন্যায়ালয়ত; তদন্তত শীৰ্ষ আদালত

কিয় এই কথা কোৱা হৈছে, তাকো তথ্য দি বুজাই দিয়া হৈছে। এন চি আৰ বিয়ে প্ৰকাশ কৰা অনুসৰি ০-২৪ বছৰীয়া লোকৰ জনসংখ্যালৈ চালে এটা দশকত ৫৮.২ কোটিৰ পৰা ৫৮.১ কোটিলৈ হ্ৰাস পাইছে। কিন্তু ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যা দুগুণ হাৰত বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যা ৬,৬৫৪ৰ পৰা ১৩,০৪৪লৈ বৃদ্ধি পাইছে।

প্ৰতিবেদনত কেৱল সামগ্ৰিকভাৱে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ কথাই নহয়, কোনবোৰ ৰাজ্যই শীৰ্ষস্থান দখল কৰিছে তাকো প্ৰকাশ কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশত বছৰি ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যাৰ এক তৃতীয়াংশ মাত্ৰ তিনিখন ৰাজ্যতে। সেই তিনিখন ৰাজ্য হ’ল মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু তামিলনাডু।

প্ৰতিবেদন অনুসৰি ২০২১ চনৰ পৰা ২০২২ চনৰ ভিতৰত ছাত্ৰৰ আত্মহত্যাৰ হাৰ ৬ শতাংশ কমিছিল আৰু ছাত্ৰীৰ আত্মহত্যাৰ হাৰ ৭ শতাংশ বৃদ্ধি পাইছিল। ২০২২ চনৰ সমীক্ষা অনুসৰি শিক্ষাৰ্থীৰ আত্মহত্যাৰ ৫৩ শতাংশ ছাত্ৰ। বিগত দশকত ছাত্ৰৰ আত্মহত্যাৰ হাৰ ৫০ শতাংশ বৃদ্ধি পাইছে।

লগতে পঢ়কঃ অক্সিজেন, খাদ্যৰ নাটনি! মহাকাশ কেন্দ্ৰত আসন্ন বিপদত সুনীতা উইলিয়ামছ? কি ক’লে নাছাই?

ছাত্ৰীৰ আত্মহত্যাৰ হাৰ ৬১ শতাংশ বৃদ্ধি পাইছে। তেওঁলোকৰ মতে ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ খবৰ সাধাৰণতে ৰাজহুৱাকৈ নাহে, বহু ক্ষেত্ৰত থানাত অভিযোগ দাখিল কৰা নহয়। তথাপিও পোহৰলৈ অহা সংখ্যা অত্যন্ত চিন্তাজনক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd