• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত স্বৈৰতন্ত্ৰৰ মলিয়ন পতাকা উৰিছে; দেৱব্ৰত শইকীয়াক বলে নোৱাৰি ভাতৃৰ বিৰুদ্ধে মিছা গোচৰ!

অশোক শইকীয়াৰ গ্ৰেপ্তাৰ বি জে পি চৰকাৰৰ প্ৰতিশোধ পৰায়ণতাৰ নিকৃষ্ট উদাহৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2021 2:20 pm
APCC President Bhupen Bora on Ashok Saikia arrest
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ গ্ৰেপ্তাৰ বি জে পি চৰকাৰৰ প্ৰতিশোধ পৰায়ণতাৰ নিকৃষ্ট উদাহৰণ আখ্যা দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

এক প্ৰেছ বিবৃতিত ভূপেন বৰাই কয়, “মুখ্যমন্ত্ৰী শ্ৰীহিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে ‘সাৰদা’ কেলেকাৰী, ‘লুই-বাৰ্জাৰ’ কেলেংকাৰী, ডিমা হাছাওৰ কেলেংকাৰীৰ তদন্ত কৰাওক আৰু সেইবোৰৰ লগত জড়িত অভিযুক্তসকলৰ ঘৰত তালাচী চলাই সেইসকলক গ্ৰেপ্তাৰ কৰিবলৈ চি বি আইৰ দল প্ৰেৰণ কৰক।

তাৰ পৰিৱৰ্তে ৰাজনৈতিক আখেজ পূৰাবলৈ ভয়-ভাবুকিৰে বিৰোধী নেতাসকলক হেঁচা দি বিজেপিলৈ আমদানি কৰাৰ লেতেৰা, জঘণ্য ৰাজনৈতিক খেল শীঘ্ৰে বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি সতৰ্ক কৰি দিছে শ্ৰীভূপেন কুমাৰ বৰাই।

বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ ভাতৃ শ্ৰীঅশোক শইকীয়াক কালি, অৰ্থাৎ দেওবাৰে ২০১৫ চনতে সুদে-মূলে ঋণৰ সমুদায় ধন আদায় দিয়াৰ পিছতো হঠাৎ চি বি আইৰ দল আহি সেই ঋণ পৰিশোধ নকৰা বুলি ঘৰত তালাচী চলোৱা আৰু তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি নিয়া ঘটনাই বি জে পিৰ শাসনত অসমত কেনে প্ৰতিশোধ পৰায়ণতাৰ প্ৰৱণতাই মুখ্যমন্ত্ৰীকে ধৰি বি জে পি চৰকাৰখনৰ নেতা-পালিনেতা সকলক গ্ৰাস কৰি আনিছে সেয়া পুনৰ উন্মোচিত কৰিলে। কেৱল ক্ষমতাৰ বাবে আৰু নিজৰ ৰাজনৈতিক অভিষ্ট সিদ্ধিৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে চি বি আইৰ দৰে এটা দেশৰ শীৰ্ষ পৰ্যায়ৰ তদন্তকাৰী সংস্থাকো ব্যৱহাৰ কৰি কিমান নিম্ন স্তৰৰ ৰাজনীতি কৰিব পাৰে, কালিৰ ঘটনাই তাকে পুনৰ প্ৰমাণ কৰি দেখুৱালে।আজি এক প্ৰেছ বিবৃতিত এই তীৰ্যক মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই।

বিবৃতিটোত শ্ৰীবৰাই আৰু কয় যে আজি আৰু কাৰো বুজিবলৈ বাকী নাই যে বিৰোধী দলপতি তথা কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা শ্ৰীদেৱব্ৰত শইকীয়াক বিগত দিনত বি জে পিৰ তৰফৰ পৰা বিভিন্ন প্ৰলোভন, ৰাজনৈতিক হেঁচা, ভাবুকি দি শাসক পক্ষৰ লগ লাগিবলৈ প্ৰচুৰ হেঁচা দি থকাৰ পিছত শ্ৰীশইকীয়াই পোনে পোনে তেনে হেঁচা, ভয়-ভাবুকিয়ে তেওঁক নীতি-আদৰ্শৰ পৰা তিলমানো বিচ্যুত কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়াৰ পিছতে কালি অতি ষড়যন্ত্ৰমূলকভাৱে শ্ৰীশইকীয়াৰ ভাতৃগৰাকীৰ ওপৰত এই আক্ৰমণ নমাই অনা হৈছে। ২০১৫ চনতে ঋণৰ সকলো লেন-দেন সমাপ্ত হোৱা আৰু সকলো লেন-দেন সমাপ্ত হোৱা বুলি সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই প্ৰমাণ পত্ৰ দিয়াৰ পিছত চি বি আইৰ দৰে দেশৰ এটা বিশ্বস্ত তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি এগৰাকী নিৰপৰাধী ব্যক্তিক কেৱল ৰাজনৈতিক প্ৰতিশোধ চৰিতাৰ্থ কৰিবলৈকে এইদৰে মনে সজা গোচৰত আটক কৰি অনা ঘটনা গণতন্ত্ৰৰ বাবে এক অশুভ ইংগিত।

Apply Now

বিবৃতিটোত শ্ৰীবৰাই কয়- ‘আমি নিশ্চিত হৈছোঁ যে দেশত এতিয়া আৰু গণতন্ত্ৰৰ চিন-মোকাম নাই। সৰ্বত্ৰ এতিয়া উৰিছে স্বৈৰতন্ত্ৰৰ মলিয়ন পতাকা’।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছ দলৰ ত্যাগৰ ইতিহাস, আত্ম-বলিদানৰ ইতিহাস নজনা সকলে ভয়-ভাবুকি আৰু প্ৰলোভনেৰে কংগ্ৰেছৰ সকলো নেতা-কৰ্মীক বশ কৰিব পাৰিব বুলি ভবাটো অৱশ্যে অস্বাভাৱিক নহয়। কংগ্ৰেছৰ নীতি-আদৰ্শ বুজি নোপোৱা আৰু কেৱল ধন আৰু ক্ষমতাৰ বাবে উদ্বাউল কেইজনমানৰ ৰাজনৈতিক চৰিত্ৰৰ সৈতে সমগ্ৰ কংগ্ৰেছ দলটোৰ নেতা-কৰ্মীৰ তুলনা কৰাটো একপ্ৰকাৰ মুৰ্খামি। অপৰাধ কৰি হাতে-লোটে ধৰা পৰাৰ পিছত সকলো ‘মেনেজ’ কৰি নিজকে সত্যবাদী আৰু নিকা সজোৱা সকলে অৱশ্যেই এই গুঢ়াৰ্থ বুজি নাপাব।

‘আমি মুখ্যমন্ত্ৰী শ্ৰীহিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ- আমাৰ নেতা-কৰ্মীৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক কাম-কাজত চি বি আই, আৰক্ষীক ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আপুনি নিজেই ঘোষণা কৰা আপোনাৰ ‘মন্ত্ৰীয়ে পইছা খায়’ বোলা অধ্যায়টোৰ তদন্ত কৰাই ‘পইছা খোৱা’ মন্ত্ৰীসকলক গ্ৰেপ্তাৰ কৰাই দেখুৱাওক। মাটিৰ দালালৰ বিৰুদ্ধে এদিনীয়া অভিযান চলাই বাঃ বাঃ ল’বলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে শেহতীয়াকৈ আপোনাৰ দলৰে বিধায়ক হোৱা ৰাজ্যৰ ১ নম্বৰ মাটিৰ দালালজনক গ্ৰেপ্তাৰ কৰি নজীৰ দেখুৱাওক। তেতিয়াহে আপোনাক এজন ৰাজনৈতিকভাৱে সাহসী আৰু বিচক্ষণ মুখ্যমন্ত্ৰী বুলি ভাবিব পাৰিম। ৰাজনৈতিক আখেজ পূৰণৰ বাবে মিছা গোচৰত নিৰপৰাধী ব্যক্তিক অপৰাধী সজোৱাৰ সস্তীয়া আৰু ঘৃণনীয় পাশাখেল শীঘ্ৰে বন্ধ কৰক।’-ভূপেন কুমাৰ বৰাই কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd