• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰষুণৰ প্ৰভাৱ: কলম্বোৰ পৰা স্থানান্তৰ হ’ব পাৰে এছিয়া কাপৰ মেচ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2023 9:17 pm
4k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তান-শ্ৰীলংকাৰ যৌথ আয়োজনত চলি থকা এছিয়া কাপৰ বাকী থকা কেইখনমান মেচৰ ক্ষেত্ৰত স্থান সলনিৰ চিন্তাচৰ্চা কৰিছে এছিয়ান ক্ৰিকেট কাউন্সিলে। মূলত: বতৰৰ বিঘিনিৰ বাবেই এই চিন্তা কৰিবলৈ বাধ্য হৈছে এছিয়ান ক্ৰিকেট সংস্থাটো।

প্ৰকাশিত খবৰ অনুসৰি, বৰষুণৰ প্ৰভাৱৰ বাবে এছিয়ান ক্ৰিকেট কাউন্সিলে এছিয়া কাপৰ ছুপাৰ ফ’ৰ মেচৰ স্থান কলম্বোৰ পৰা সলনি কৰাৰ কথা চিন্তা কৰিছে।

৯ ছেপ্টেম্বৰৰ পৰা কলম্বোত পাঁচখন ছুপাৰ ফ’ৰ মেচ আৰু ফাইনেল খেলৰ দিন ধাৰ্য কৰা হৈছে যদিও কলম্বোত বৰষুণ আশা কোনো লক্ষণ দেখা পোৱা নাই।

সেই প্ৰেক্ষাপটত বৰ্তমান এচিচিয়ে শ্ৰীলংকা ক্ৰিকেট আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ড (পিচিবি)ৰ সৈতে স্থানৰ সম্ভাৱ্য পৰিৱৰ্তনৰ বিষয়ে আলোচনাত মিলিত হৈছে।

এছিয়ান ক্ৰিকেট কাউন্সিলে মূলত: তিনিটা স্থান ক্ৰমে পালেকেলে, ডাম্বুলা আৰু হাম্বাণ্টোটা এই ক্ষেত্ৰত বিবেচনাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে অংশগ্ৰহণকাৰী ছটা দলক স্থানৰ সম্ভাৱ্য পৰিৱৰ্তনৰ বিষয়েও অৱগত কৰা হৈছে।

বৰ্তমান পালেকেলেই এছিয়া কাপ লীগৰ মেচ আয়োজন কৰিছে যদিও এই চহৰখনতো বৰষুণৰ সম্ভাৱনা অধিক। আনহাতে পালেকেলেৰ তুলনাত ডাম্বুল্লাৰ ক্ষেত্ৰত বৰষুণৰ সম্ভাৱনা বহু কম।

অৱশ্যে এছ এল চিৰ এগৰাকী বিষয়াই ডাম্বুলাৰ ৰংগিৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম কম সময়ৰ ভিতৰতে ইমানবোৰ মেচ আয়োজন কৰিবলৈ সাজু নহ’বও পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।

এই মুহূৰ্তত হাম্বাণ্টোটাই সম্ভাৱ্য স্থান হিচাপে বিবেচিত হৈছে। চহৰখনত আগন্তুক সময়ত বৰষুণৰ প্ৰায় সম্ভাৱনা নাই বুলি ভৱিষ্যদ্বাণী কৰা হৈছে।

Recent News

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd