• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত পৰৱৰ্তী চৰকাৰ কোনে বনাব সেইয়া অগপৰ হাতীয়েহে দেখুৱাব : অতুল বৰা

বোকাখাতত অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সমাৰোহ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 6, 2020 8:07 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি মেলি দিছো আমাৰ দলৰ অশ্বমেধ ঘোঁৰা। এই ঘোঁৰা কোনেও প্ৰতিহত কৰিব নোৱাৰে ৷ জয় আজি নিশ্চিত – আজি বোকাখাতত অসম গন পৰিষদে আয়োজন কৰা জাতীয় ঐক্য সামাৰোহত ৰাইজৰ উদ্দেশ্যে এই দৰে মন্তব্য কৰি কাৰ্যত: নিৰ্বাচনী প্ৰচাৰেই আৰম্ভ কৰে অগপ দলৰ সভাপতি অতুল বৰাই ৷

আজি বোকাখাতৰ ৰাজহুৱা খেল পথাৰত অগপৰ বোকাখাত বিধান পৰিষদৰ উদ্যোগত আয়োজিত হয় জাতীয় ঐক্য সমাৰোহ ৷

Apply Now

পতাকা উত্তোলনৰ পিছতে আয়োজিত এই ঐক্য সমাৰোহত অংশ গ্ৰহণ কৰিবলৈ অহা সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক প্ৰায় চাৰি হেজাৰ মটৰ চাইকেলেৰে কমাৰগাঁৱৰ পৰা বোকাখাতলৈ আদৰি আনে।

মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তয়ো মটৰ চাইকেল চলাই এই মটৰ চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে।

মটৰ চাইকেল ৰেলীক বোকাখাতত বিভিন্ন সাংস্কৃতিক দলে গীতে মাতে সমাৰোহ থলীলৈ আদৰি নিয়ে।

দলৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা ঐক্য সমাৰোহৰ কাৰ্যসূচীত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু দলৰ মুখপাত্ৰ কল্পনা পাটোৱাৰীয়ে সমবেত সমৰ্থকক উদ্দেশ্যে ভাষণ প্ৰদান কৰে। 

নিজৰ ভাষণত মন্ত্ৰী কেশৱ মহন্তই কয় যে ন-সাজ আৰু নতুন উদ্যমেৰে অসম গণ পপৰিষদ দল পুনৰ মূৰ দাঙি উঠিছে ৷ ডিজিটেল পেজৰ জড়িয়তে অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদে দলটোক ৰাইজৰ কাষ চপাই নিছে।

‘অগপ ধৰ্ম নিৰপেক্ষ দল। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম নিৰপেক্ষ, সমাজবাদৰ জড়িয়তে অগপ দল আগবাঢ়ি গৈছে। ভাৰতীয় জনতা পাৰ্টীৰ লগত আগন্তুক দিনত অগপ দল শক্তিশালী মিত্ৰ হিচাপে থাকিব। নতুন আঞ্চলিক দলেবোৰে অসমৰ ৰাজনীতিৰ পথাৰত পানীহে ঘোলা কৰিব, কিন্তু মাছ ধৰিব নোৱাৰে’, এই মন্তব্য কেশৱ মহন্তৰ।

তেওঁ লগতে কয়, ‘কংগ্ৰেছ আৰু বদৰুদ্দিনৰ দলৰ মাজত অবৈধ প্ৰেম হৈছে। এই অবৈধ প্ৰেমৰ জড়িয়তে যদি সন্তান জন্ম হয়, সেই সন্তানে গুৰু গোঁসাই নমনা হ’ব’।

সমাৰোহক উদেশ্যি দিয়া ভাষণত মন্ত্ৰী অতুল বৰাই কয় যে বোকাখাত সমষ্টিত অগপ দলৰ ভেটি মজবুত হৈছে। যোৱা সময়চোৱাত আমি সমষ্টিটোৰ মৌলিক সমস্যা সমূহ চিনাক্ত কৰি সমাধানৰ চেষ্টা কৰিছো। ইয়াত এজন ৰজা আছিল। ৰজাৰ স্বেচ্চাছাৰিতাৰ ত্ৰাসৰ সৃষ্টি হৈছিল বোকাখাতত। আজি আৰু সেই পৰিবেশ নাই ৷

কংগ্ৰেছক সমালোচনা কৰি অতুল বৰাই কয় যে কংগ্ৰেছ দল এতিয়া শয্যাশায়ী। আজমলৰ জৰাফুকা পানী খাইহে কংগ্ৰেছ দল বাচি আছে যদিও এইয়া সম্ভৱ নহয়। আজমলৰ জৰা ফুকাত কংগ্ৰেছ বাচিব নোৱাৰে।

আগন্তুক বিধান সভাৰ উল্লেখেৰে তেওঁ অসমত পৰৱৰ্তী চৰকাৰ কোনে বনাব সেইয়া অগপৰ হাতীয়েহে দেখুৱাব বুলি টিপ্পনী কৰে।

তেওঁৰ মতে পূৰ্বেও অগপ দলে মিত্ৰতা কৰিছে। মিত্ৰতা সময়ৰ আহ্বান। মিত্ৰতা মানে আত্মসমৰ্পণ নহয়, মিত্ৰতা মানে দমনো নহয় বুলি মন্তব্য কৰি তেওঁ ৰাজ্যৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত আমি লগতহে আছো বুলি মন্তব্য কৰে। 

অনুষ্ঠানত শিল্পী কল্পনা পাটোৱাৰীয়ে ভাষণ প্ৰদান কৰাৰ লগতে গীতে মাতে ঐক্য সমাৰোহ জীপাল কৰি তোলে। বিহু, ঐনিতম আৰু ঝুমুৰ গীতেৰে পৰিবেশ উত্তাল কৰাৰ উপৰিও অতুল বৰায়ো বিহু গীত পৰিবেশন কৰি মঞ্চতে এপাক বিহুও নাচে।

অসম গণ পৰিষদ দলৰ আজিৰ জাতীয় ঐক্য সমাৰোহ মুলত: বিধায়ক তথা দলৰ সভাপতি অতুল বৰাৰ সমষ্টিত ৰাজনৈতিক ক্ষেত্ৰত নিৰ্বাচনৰ প্ৰাকক্ষণত এক শক্তি প্ৰদৰ্শনহে আছিল বুলি জানিব পৰা গৈছে।

প্ৰায় সহস্ৰাধিক লোকৰ উপস্থিতিত আয়োজিত এই সমাৰোহত অতুল বৰাৰ উপৰি, দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত , যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, খাদী বৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাৰ উপৰি অধিক সংখ্যক বিধায়ক আৰু নেতা-কৰ্মী উপস্থিত থাকে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd