DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোমবাৰৰ পৰা পুনৰ অসম বন্ধ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 18, 2018 8:20 am
assam Bandh

প্ৰতীকী ছবি।

1.5k
VIEWS
Share on FacebookShare on Twitter

অহা ১৯ আৰু ২০ নৱেম্বৰত ৪৮ ঘণ্টীয়া অসম বন্ধ আহ্বানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোচ ৰাজবংশী সন্মিলনীয়ে।

বি টি চি-ক কেন্দ্ৰীয় শাসিত পৰিষদলৈ পৰিৱৰ্তনৰ ‘প্ৰস্তাৱ’ৰ প্ৰতিবাদত আৰু এই সন্দৰ্ভত অহা ১৯ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে এবছু আৰু এন দি এফ বিৰ ‘বৈঠক’ বাতিলৰ দাবীত এই বন্ধৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে।

“যদি কেন্দ্ৰীয় চৰকাৰে আলোচনা বাতিল নকৰে, তেন্তে উক্ত দিনটো আৰু ২০ নৱেম্বৰত ৪৮ ঘন্টীয়া অসম বন্ধ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,” গুৱাহাটী প্ৰে’ছ ক্লাবত শনিবাৰে ঘোষণা সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেৱৰ।

পৃথক বড়োলেণ্ডৰ দাবীদাৰ জইন্ট এক্সন কমিটিৰ সৈতে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি এ বি মাথুৰৰ বৈঠকত বি টি চি-ক কেন্দ্ৰীয় শাসিত পৰিষদলৈ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ লোৱা বুলি ওলোৱা এক খবৰক লৈ বি টি এ দি ‘ৰক্তাক্ত’ হোৱাৰ আশংকা কৰিছে কোচ ৰাজবংশী সন্মিলনীয়ে।

“বড়োসকলৰ দাবী পূৰণ কৰি বি টি এ ডিৰ ঠাইত য়ুনিয়ন টে’ৰিটৰিয়েল কাউন্সিল ঘোষণা কৰিলে বড়োলেণ্ড ৰক্তাক্ত হোৱাৰ আশংকা কৰিছো। য়ুটিচিৰ অন্তৰ্ভুক্ত হ’লে অবড়ো লোকসকলে দাসত্বৰ জীৱন অতিবাহিত কৰিব লাগিব,” শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলযোগে এই মন্তব্য সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেৱৰ।

‘প্ৰস্তাৱ’টোৰ তীব্ৰ বিৰোধিতা কৰি সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলনৰ ‘ভাষা’ নুবুজা কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বাবেই সশস্ত্ৰ বিদ্ৰোহীৰ ‘প্ৰাসংগিকতা’ বৃদ্ধি পোৱাৰ আশংকা কৰিছে।

“বিজেপি চৰকাৰে গণতান্ত্ৰিক পদ্ধতিৰে কৰা আন্দোলনৰ ভাষা বুজি নাপায়। চৰকাৰে এনেধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে কোচ ৰাজবংশীৰ উগ্ৰবাদী সংগঠন ‘কমতাপুৰ লিবাৰে’চন অৰ্গেনাইজেশ্যন’ৰ প্ৰাসংগিকতা বৃদ্ধি পাব,” দেৱৰ আশংকা।

শেহতীয়া বৈঠকখনত অবড়ো প্ৰতিনিধিয়েও কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱত চহী কৰা বুলি ওলোৱা বাতৰিটো তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে সংগঠনটোৱে। “দালাল প্ৰকৃতিৰ অবড়ো স্বয়ম্ভু প্ৰতিনিধিৰ নাম ৰাজহুৱা কৰিবৰ বাবে এ বি মাথুৰক আহ্বান জনাইছো,‘’ অবড়ো প্ৰতিনিধিৰ ‘সন্মতি’ত কোচ ৰাজবংশীৰ সমৰ্থন নাই বুলি সদৰী কৰি দেৱৰ মন্তব্য।

বি টি এ দিলৈ আহি সকলো পক্ষৰে মত ল’বৰ বাবে মধ্যস্থতাকাৰী মাথুৰক দাবী জনাইছে সন্মিলনীয়ে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd