অসমত বান সাহায্যৰ নামত ৰাজপথ, যান-বাহনৰ চৌমাথা বা আন ৰাজহুৱা স্থানত অনুমতি অবিহনে ধন সংগ্ৰহ কৰাটো এতিয়াৰ পৰা সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৬ আগষ্টত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে বানপীড়িতৰ নামত জোৰ-জবৰদস্তি বা অনুমতি নোলোৱাকৈ ধন সংগ্ৰহ কৰা লোক বা সংগঠনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰীয়ে কয় যে কোনো ব্যক্তি বা সংগঠনে ৰাজপথত দান বাকচ লৈ বা কিউ-আৰ কোড দেখুৱাই পথচাৰী আৰু যান-বাহনৰ পৰা ধন সংগ্ৰহ কৰিব নোৱাৰিব। কোনো পৰিস্থিতিতেই এনে কাৰ্যকলাপৰ বাবে অনুমতি দিয়া নহ’ব।
তেওঁ লগতে কয় যে ৰাস্তাৰ কাষত দান বাকচ বা কিউ-আৰ কোড ব্যৱহাৰ কৰি ধন সংগ্ৰহ কৰা দেখা গ’লে আৰক্ষীয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিব। এই সন্দৰ্ভত ৰাজ্যজুৰি এনে অনুমতিবিহীন ধন সংগ্ৰহৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ অসম আৰক্ষীক স্পষ্ট নিৰ্দেশ দিয়া হৈছে।
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন ঠাইত বানপীড়িত লোকক সহায় কৰাৰ নামত পথৰ মাজত আৰু ৰাজহুৱা স্থানত ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে সাধাৰণ ৰাইজক কেৱল চৰকাৰ অনুমোদিত আৰু বৈধ মাধ্যমৰ জৰিয়তেই বান সাহায্যৰ বাবে অনুদান আগবঢ়াবলৈ আহ্বান জনাইছে, যাতে এই সাহায্য প্ৰকৃত বানপীড়িত লোকৰ হাতত সঠিকভাৱে গৈ পায়।





