• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গছত কঁঠাল, ওঁঠত তেল’, বিজয় উৎসৱৰ দিন-স্থান ঘোষণা কৰি অসম বিজেপিৰ সংবাদমেল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 10, 2018 10:13 pm
Ranjit Das

বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গছত কঁঠাল ওঁঠত তেল’ বুলি অসমীয়া ভাষাত সোণসেৰীয়া এফাকি কথা আছে। এইফাকি এতিয়া প্ৰযোজ্য হৈছে ৰাজ্যৰ প্ৰধান শাসনত থকা প্ৰধান দলটোৰ ক্ষেত্ৰত।

ৰাজ্যত ৯ ডিচেম্বৰত সমাপ্ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ বহু আশাবাদী অসম বিজেপি এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ পাতিবলৈ উদগ্ৰীৱ হৈ পৰিছে। দলটো ইতিমধ্যেই সাজু হৈছে ‘বিজয় উৎসৱ’ পাতিবলৈ। সাজু হৈছেই যেতিয়া কথাষাৰনো নোকোৱাকৈ থাকে কেনেকৈ? সেয়ে, আজি হেঙেৰাবাৰীত এখন সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰিয়েই দিলে বিজয় উৎসৱৰ স্থান-কালৰ কথা।

Apply Now

“১৪ ডিচেম্বৰত ডিব্ৰুগড়ৰ নাহৰকটীয়াত হ’ব বিজয় উৎসৱ। ডিব্ৰুগড় জিলা সমিতিয়ে ব্যৱস্থা কৰিছে”, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ক’লে।

ৰঞ্জিত দাসৰ মতে প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনতো সকলোতকৈ ভাল ফলাফল দেখুৱাব বিজেপিয়ে। তেওঁ আজিৰ সংবাদমেলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোন জিলাত কিমান পঞ্চায়ত বিজেপিয়ে দখল কৰিব তাৰো আনুমানিক তথ্য দাঙি ধৰিলে।

তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি কাছাৰ জিলাত বিজেপিয়ে ৮৫খন, কংগ্ৰেছে ৫০ আৰু এ আই য়ু ডি এফে ৩০খন পঞ্চায়ত লাভ কৰিব। ইয়াৰ উপৰি, কৰিমগঞ্জত বিজেপিয়ে ৪০খন, কংগ্ৰেছে ৩০খন আৰু এ আই য়ু ডি এফে ২০-২৫খন পঞ্চায়ত লাভ কৰাৰ সমান্তৰালকৈ হাইলাকান্দিত বিজেপিয়ে ৩০খন, কংগ্ৰেছে ২২খন আৰু এ আই য়ু ডি এফে ১০খন পঞ্চায়ত নিজৰ দখললৈ আনিব।

কাছাৰ জিলাত যিহেতু কেইবাজনো বিজেপি বিধায়ক আছে তাত বিজেপিয়ে ভাল ফল লাভ কৰাটো স্বাভাৱিক বুলি উল্লেখ কৰি ৰঞ্জিত দাসে এইবাৰ সৰ্বাধিক ধৰ্মীয় সংখ্যালঘু অধ্যুষিত কৰিমগঞ্জ আৰু হাইলাকান্দিতো বিজেপিক সংখ্যালঘু ৰাইজে আদৰি লৈছে বুলি মন্তব্য কৰে।

ইপিনে ব্ৰহ্মপুত্ৰ উপত্যকাত ধুবুৰীত বিজেপিয়ে ২৬খন, কংগ্ৰেছে ১০খন এ আই য়ু ডি এফে ১০খন আৰু অগপই ২-৩খনত জয়লাভ কৰিব বুলি দাসে মন্তব্য কৰে। একেদৰে গোৱালপাৰাত বিজেপিয়ে অকলে ২৮খন আৰু ৰাভা যৌথ মঞ্চৰ লগ হৈ মুঠ ২৪খনত জয়ী হ’ব বুলি তেওঁ ভৱিষ্যতবাণী কৰে। ইয়াৰ বিপৰীতে জিলাখনত কংগ্ৰেছ আৰু কংগ্ৰেছে ১৭খন, এ আই য়ু ডি এফে ১০খন আৰু অগপই ৪-৫খন পঞ্চায়তত জয়লাভ কৰিব বুলি মন্তব্য কৰে।

দাসৰ মতে নলবাৰী জিলাত যিহেতু বিজেপিৰ ৩জন বিধায়ক (তাৰে এজন মন্ত্ৰী) আছে, গতিকে নলবাৰীত বিজেপিয়ে ভাল ফলাফল লাভ কৰিব। তেওঁৰ সমীক্ষা মতে জিলাখনত বিজেপিয়ে ৪৫-৫০খন পঞ্চায়তত জয়লাভ কৰিব।

দাসৰ সমীক্ষা মতে বঙাইগাঁৱত বিজেপি, অগপ আৰু কংগ্ৰেছে প্ৰায় সমান আসন পাব। জিলাখনত তিনিওটা দলে ১৫ খন মানকৈ পঞ্চায়তত জয়ী হ’ব। ইয়াৰ বিপৰীতে এ আই ইউ ডি এফে পাব ৮ খন।

বৰপেটাতো বিজেপিয়ে ৩৩ খন পঞ্চায়তত বিজয় সাব্যস্ত কৰিব বুলি তেওঁ উল্লেখ কৰে। একেদৰে হোজাই জিলাত বিজেপিয়ে ৩২ খনতকৈ অধিক পঞ্চায়তত জয়লাভ কৰিব।

ৰঞ্জিত দাসে দলৰ সফলতাৰ কৃতিত্ব আজিয়েই দলটোৰ তৃণমূলৰ কাৰ্যকৰ্তা সকলক দিয়া বুলি ঘোষণা কৰে। তেওঁ লগতে জিলা পৰিষদৰ সদস্যতকৈ গাঁও পঞ্চায়তৰ সভাপতি আৰু ৱাৰ্ড মেম্বাৰ জয়লাভ কৰাত অধিক গুৰুত্ব দিয়া বুলিও তেওঁ সংবাদমেলত প্ৰকাশ কৰে।

এই ফলাফল দাঙি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ‘বিজয় উৎসৱ’ৰ ঘোষণা কৰিলে যদিও ই কিমানখিনি ফলিয়াই সেয়া ১২ ডিচেম্বৰৰ পাছতহে দেখা যাব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd