• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাজেট অনুমোদন অবিহনে ব্যয় ৫০৯ কোটি টকা! কেগৰ প্ৰতিবেদনত ফাদিল অসম চৰকাৰৰ চূড়ান্ত বিত্তীয় বিসংগতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 7:18 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেগৰ শেহতীয়া ২০২৪-২৫ বৰ্ষৰ লেখাপৰীক্ষা প্ৰতিবেদনত অসম চৰকাৰৰ এক গুৰুতৰ বিত্তীয় বিশৃংখলতা পোহৰলৈ আহিছে। প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, ৰাজ্য চৰকাৰে বিধানসভাৰ কোনো পূৰ্বৱৰ্তী অনুমোদন নোহোৱাকৈয়ে ১৩ টা ভিন্ন ক্ষেত্ৰত মুঠ ৫০৯.৫৯ কোটি টকা ব্যয় কৰিছে। এই কাৰ্যই সংবিধানৰ ২০৪ নং অনুচ্ছেদক পোনপটীয়াকৈ উলংঘা কৰাৰ লগতে চৰকাৰী পুঁজিৰ পৰিচালনাৰ ক্ষেত্ৰত থকা চৰকাৰৰ চৰম গাফিলতিক উদঙাই দিছে।

আইন অনুসৰি, ৰাজহুৱা ধন ব্যয় কৰাৰ পূৰ্বে চৰকাৰে বিধানসভাৰ অনুমোদন লোৱাটো বাধ্যতামূলক। কিন্তু কেগৰ প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে ৰাজহুৱা ঋণ আৰু ঋণৰ পৰিশোধ শিতানত ব্যয় কৰা এই বৃহৎ পৰিমাণৰ ধনৰ বাবে মূল বাজেটত কোনো ব্যৱস্থা নৰখাৰ লগতে পৰিপূৰক অনুমোদন বা পুনৰ-বিনিয়োজনৰ (re-appropriation) কোনো নিৰ্দেশনাও জাৰি কৰা হোৱা নাছিল। এই সন্দৰ্ভত কেগে তীব্ৰ উদ্বেগ প্ৰকাশ কৰি প্ৰতিবেদনত উল্লেখ কৰিছে যে বাজেটৰ অনুমোদন অবিহনে কৰা এনে ব্যয় কেৱল বিত্তীয় নিয়মৰ উলংঘাই নহয়, ই বিধানসভাৰ সদিচ্ছাৰো পৰিপন্থী। চৰকাৰী বিভাগসমূহত বিত্তীয় শৃংখলা ঘূৰাই অনাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰতো প্ৰতিবেদনখনত গুৰুত্ব আৰোপ কৰা হৈছে।

Apply Now

ইয়াৰ উপৰিও, চৰকাৰৰ জবাবদিহিতাৰ ক্ষেত্ৰত থকা দুৰ্বলতাসমূহো এই প্ৰতিবেদনৰ জৰিয়তে পোহৰলৈ আহিছে। ২০২৫ চনৰ ৩১ মাৰ্চলৈকে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ মুঠ ২৩,২৪০.৫৬ কোটি টকাৰ ৬,৯২৯ খন ব্যৱহাৰিক প্ৰমাণপত্ৰ (Utilisation Certificates) কেগৰ কাৰ্যালয়ত জমা নিদিয়াকৈ পৰি আছে। এই প্ৰমাণপত্ৰসমূহৰ অবিহনে আৱণ্টিত পুঁজি প্ৰকৃত উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে নে নাই সেয়া নিৰ্ধাৰণ কৰাটো অসম্ভৱ বুলি কেগে পৰ্যবেক্ষণ কৰিছে। আটাইতকৈ উদ্বেগজনক কথাটো হ’ল, এই অনাদায় প্ৰমাণপত্ৰসমূহৰ ভিতৰত কেৱল বিত্ত বিভাগৰেই সৰ্বাধিক ৪,০৬৭.০৬ কোটি টকাৰ হিচাপ দাখিল কৰিবলৈ বাকী আছে।

বিত্তীয় নিয়ন্ত্ৰণৰ দুৰ্বলতাৰ আন এক দিশ উন্মোচন কৰি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰাজহুৱা ৰাজকোষৰ পৰা উপযুক্ত নথিপত্ৰ অবিহনে উলিওৱা ৭৫৩.৬১ কোটি টকাৰ মুঠ ১,২২২ খন ‘এবষ্ট্ৰেক্ট কণ্টিনজেণ্ট’ (Abstract Contingent) বিল একে তাৰিখলৈকে ‘ডিটেইলড কাউণ্টাৰচাইনড কণ্টিনজেণ্ট’ বিললৈ ৰূপান্তৰ কৰিবলৈ বাকী আছে। ইয়াৰ সমান্তৰালভাৱে, ২০২৪-২৫ বৰ্ষত এটা অনুদানৰ অধীনত হোৱা ৬০৪.৪০ কোটি টকাৰ অতিৰিক্ত ব্যয় সংবিধানৰ ২০৫ নং অনুচ্ছেদৰ অধীনত ৰাজ্যিক বিধানসভাৰ দ্বাৰা নিয়মীয়া কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে, ২০০৬-০৭ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈকে হোৱা ১১,৭৯৫.৬৯ কোটি টকাৰ বিশাল অতিৰিক্ত ব্যয়ৰ হিচাপ বিগত প্ৰায় দুটা দশক ধৰি অনিয়মীয়া হৈয়ে আছে। সামগ্ৰিকভাৱে, মহাহেচাপ পৰীক্ষকৰ এই প্ৰতিবেদনে অসম চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনাৰ এক বিশৃংখল ছবি দাঙি ধৰিছে। এই গুৰুতৰ বিত্তীয় বিসংগতিসমূহৰ ওপৰত আলোচনা আৰু উপযুক্ত পৰামৰ্শৰ বাবে কেগে সমগ্ৰ বিষয়টো এতিয়া ৰাজ্যৰ লোক হিচাপ সমিতিৰ মজিয়াত দাখিল কৰিছে। পৰৱৰ্তী সময়ত লোক হিচাপ সমিতিয়ে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

October 4, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd