কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে নিজৰ কাৰ্যসূচী বাতিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অসমৰ মুখ্যমন্ত্ৰী তথা উত্তৰ-পূবৰ বিজেপিৰ শীৰ্ষ নেতা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ উজনি অসমৰ ১৮ আৰু ১৯ জানুৱাৰীৰ কাৰ্যসূচী বাতিল কৰিছে।

মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমক খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘উজনি অসমৰ ১৮ আৰু ১৯ জানুৱাৰীত হ’বলগীয়া সকলো কাৰ্যসূচী বাতিল কৰিছো’।

‘১৮ জানুৱাৰীত মাজুলীত মোৰ এটা পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছিল, কিন্তু ই অতি সৰু জিলা এখনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব বুলি ভাবি মই মোৰ মাজুলী কাৰ্যসূচী পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছো। তাৰ পিছত আকৌ ১৯ জানুৱাৰীত যোৰহাট আৰু দেৰগাঁৱত মোৰ পূৰ্ব নিৰ্ধাৰিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আছিল, সেইটোও মই বাতিল কৰিছো।’-শৰ্মাই কয়।

লগতে পঢ়কঃ ২০১৯ চনৰ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্তক জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

শৰ্মাই কয় যে ১৮ জানুৱাৰীত নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰিবলগীয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে তেওঁ এই দুটা তাৰিখৰ সকলো কাৰ্যসূচী বাতিল কৰিছে।

এয়া তেওঁৰ পক্ষৰ পৰা কংগ্ৰেছ দলৰ প্ৰতি এক উষ্ণ সংকেত বুলিও কয়।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সেই নিৰ্দিষ্ট তাৰিখত সংশ্লিষ্ট জিলা প্ৰশাসনসমূহ যাত্ৰাক লৈ ব্যস্ত হ’ব পাৰে বুলি ভাৱি কংগ্ৰেছ দলৰ পদযাত্ৰাৰ সৈতে  সংঘাত এৰাবলৈ তেওঁৰ ভ্ৰমণসমূহ বাতিল কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ৰাহুল গান্ধীৰ কাৰ্যসূচীত জিলা প্ৰশাসন ব্যস্ত হ’ব পাৰে বাবে ৰাহুল গান্ধীৰ কাৰ্যসূচীৰ সৈতে যাতে সংঘাত নহয় তাৰ বাবে মই মোৰ মাজুলী কাৰ্যসূচী বাতিল কৰিছো’।

লগতে পঢ়কঃ Nuclear Battery: এবাৰ চাৰ্জ দিলে ৫০ বছৰ চলিব! নতুন এই বেটাৰীয়ে স্তম্ভিত কৰি তুলিছে বিশ্বক

১৮ জানুৱাৰীৰ পৰা অসমত আৰম্ভ হ’ব কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা।

১৯ জানুৱাৰীত নিমাতীঘাটৰ পৰা আৰম্ভ হ’ব আৰু অসমৰ ঢকুৱাখনাত ৰোডশ্ব’ৰে সমাপ্ত হ’ব এই যাত্ৰা।