• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতক অৱমাননা হিমন্ত বিশ্ব শৰ্মাৰ, চমন জাৰি কৰাৰ পিছতো উপস্থিত নহ’ল আদালতত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2023 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উদ্ধতালিৰ চৰম সীমা হয়তো অতিক্ৰম কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ চৰম উদ্ধতালিৰে আদালতৰ জাননীকো উপেক্ষা কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ঘৃণা আৰু মানহানিকৰ মন্তব্য কৰি আদালতৰ ৰোষত পৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মা। উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ দেশবাসীৰ আগত অসমৰ মান সন্মান পানী কৰি আহিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ভোটৰ লালসাত কেৱল ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীকে নহয় অপমান কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীকো। ইমানেই অপমানজনক মন্তব্য কৰিছিল যে যি মন্তব্য সভ্য আৰু শিক্ষিত মানুহৰ বাবে কল্পনাৰো অগোচৰ আছিল ।

২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত উধম সিং নগৰ জিলাৰ কিছা চহৰত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অতি তীৰ্যকভাৱে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম উল্লেখ কৰি ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈ প্ৰশ্ন কৰিছিল। এজন প্ৰয়াত প্ৰধানমন্ত্ৰীকো অপমানজনক মন্তব্য কৰি দেশবাসীৰ আগত সৰলমনা অসমীয়াৰ মান সন্মান ধূলিসাৎ কৰিছিল  ড০ শৰ্মাই ।

Apply Now

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চূড়ান্ত অপমানজনক আৰু মানহানিকৰ মন্তব্যৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল উত্তৰাখণ্ডৰ কংগ্ৰেছৰ মুখপাত্ৰ গণেশ উপাধ্যায়ে। গণেশ উপাধ্যায়ে দাখিল কৰা এজাহাৰত অভিযোগ কৰিছিল যে “২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত উধম সিং নগৰ জিলাৰ কিছা চহৰত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীৰ বংশক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য কৰিছিল। উপাধ্যায়ৰ মতে এই মন্তব্যবোৰ অতি অপমান আৰু মানহানিকাৰক আৰু আই টি আইন বিৰুদ্ধ।

এই গোচৰ শুনানি গ্ৰহণ কৰি উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতে চমন জাৰি কৰিছে। আদালতৰ অতিৰিক্ত চেচন ন্যায়াধীশৰ আদালতে চমন জাৰি কৰি মুখ্যমন্ত্ৰী শৰ্মাক “অভিযোগৰ উত্তৰ দিবলৈ ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। অৰ্থাৎ আদালতৰ নিৰ্দেশ মৰ্মে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদালত উপস্থিত হব লাগিছিল।

কিন্তু আদালতত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এদিন পূৰ্বে  মধ্যপ্ৰদেশত দিলেগৈ চৰম ঘৃণা আৰু উচতনিমূলক ভাষণ।  কমল নাথক ১০ জনপথ জ্বলাই দিয়াৰ আহ্বানেৰে দিলে হিংসাৰ উচতনি। 

উল্লেখ্য যে পত্নীৰ ভূমি কেলেংকাৰী আৰু পত্নীৰ প্ৰতিষ্ঠানে ১০ কোটি টকা ৰাজসাহায্য লাভে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক শলঠেকত পেলাইছে। ৰাষ্ট্ৰীয় পৰ্যায়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কেলেংকাৰীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে, যিয়ে সৰ্বভাৰতীয় স্তৰতো হিমন্ত বিশ্ব শৰ্মাৰ অৱশিষ্ট ভাৱমূৰ্তিক ধূলিসাৎ কৰিলে। এনে এক দুৰ্যোগপূৰ্ণ সময়তে ভূতৰ ওপৰত দানহ পৰাৰ দৰে উত্তৰাখণ্ডৰ এখন জিলা আদালতৰ চমন জাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক মোক্ষম আঘাত দিলে। ইয়াৰ পৰা উপশম লাভ আৰু হিন্দুত্ববাদী মহলৰ গুড বুকত পুনৰ নাম লিখাবলৈ হিমন্তই আদালতৰ চমনক উপেক্ষা কৰি ঘৃণা আৰু হিংসা বিয়পোৱাৰ দায়িত্ব পালন কৰিছে। আৰু আদালতক চৰম উপেক্ষা কৰি হিমন্ত বিশ্ব শৰ্মাই আজি আদালত উপস্থিত নাথাকিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd