• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী গ্ৰন্থমেলাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল : ক্ৰয় কৰিলে কেবাখনো গ্ৰন্থ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2021 7:51 am
135807853_2906537459581219_3644468608003349076_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাহিত্যপ্রেমী-গ্ৰন্থক্ৰেতাৰ সমাগমত লোকাৰণ্য হৈ পৰা অসম প্রকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্রন্থমেলাত শুকুৰবাৰে সন্ধিয়া উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

তেওঁ পৰিষদৰ বিপণীত সোমাই ন-পুৰণি গ্রন্থৰ মুবাস লৈ “ৰজনীকান্ত বৰদলৈ ৰচনাৱলী’ আৰু হোমেন বৰগোহাঞিৰ ‘সাময়িক প্ৰসংগ আৰু চিন্তা’ শীৰ্ষক গ্ৰন্থকেইখনকে ধৰি বহুকেইখন গ্ৰন্থ ক্ৰয় কৰে।

Apply Now

ইয়াৰ পাছত প্রকাশন পৰিষদৰ অস্থায়ী কাৰ্যালয়ত এক অনানুষ্ঠানিক বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ‘সোণোৱালে ক’ভিড বিপৰ্যস্ত ২০২০ৰ বিদায়ৰ পাছতে গুৱাহাটী গ্রহমেলাত জনসাধাৰণৰ অভূতপূৰ্ব সমাগমে মানুহৰ মনলৈ আশাৰ বাতৰি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে।

তেওঁ কয়— ‘মহামাৰীৰ পৰিণতিত বিগত বৰ্ষটোত গ্ৰন্থমেলাৰ দৰে জ্ঞান চৰ্চ| হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰা বিশ্বৰ বিদ্ধৎ সমাজ বঞ্চিত হ’ল। অসম প্রকাশন পৰিষদৰ গুৱাহাটী গ্রন্থমেলাই সেই ৰুদ্ধ দুৱাৰ মুকলি কৰি অসমৰ লগতে সমগ্ৰ মানৱ সমাজলৈ শুভ বাৰ্ত| প্ৰেৰণ কৰিলে।

তেওঁ শিশু সাহিত্য ন্যাস আৰু জনসংযোগ বিভাগৰ বিপণীতো গ্ৰন্থৰ সমাদৰ আৰু বিক্ৰীৰ বুজ লয়। গ্রন্থমেলাত মুখ্যমন্ত্ৰী সোণোৱালক ফুলাম গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনায় অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতাই।

ইপিনে আজি গ্রস্থমেলাৰ বেণু মিশ্ৰ সঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ‘সাম্প্ৰতিক অসমীয়া উপন্যাস : ভাষা আৰু বৈচিত্ৰ’ শীৰ্ষক আলোচনা সত্ৰ।

বিশিষ্ট সাহিত্যিক ডাঃ ধৰৱজ্যোতি বৰাই আলোচনা সত্ৰ উদ্বোধন কৰি কয়— ‘ভাষাৰ স্বতঃস্ফূৰ্ত প্ৰকাশৰ ৰূপটোৱেই হৈছে ভাষাৰ আটাইতকৈ শক্তিশালী ৰূপ।সম্প্ৰতি অসমীয়া গল্প-উপন্যাসত স্থানীয় ভাষাৰ বহুল ব্যৱহাৰ হৈছে।এয়া চৰিত্ৰ অনুপাতে হোৱা উচিত।’

আলোচনা সত্ৰৰ সঞ্চালনা কৰি বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে অসমৰ সমাজ জীৱন বিভিন্ন কৃষি-সংস্কৃতিৰে বিচিত্ৰ হোৱা বাবে ভাষাও অত্যন্ত শক্তিশালী বুলি উল্লেখ কৰে।

‘বিচিত্ৰতাই অসমীয়া ভাষাক ঐশ্বৰ্যশালী কৰিছে। সেয়েহে অসমীয়া উপন্যাসৰ চৰিত্ৰ-পটভূমি সদায়ে উন্নত আৰু হৃদয়স্পৰ্শী ৰূপত প্রতিফলিত হয়।’ অনুৰাধা শৰ্মা পূজাৰীয়ে কয়৷

অনুষ্ঠানত বিশিষ্ট ওপন্যাসিক ডঃ ৰত্লোন্তমা দাস বিক্ৰুম,  ডঃ মৃদুল শৰ্মা, ডঃ প্রাণজিৎ বৰা, লীনা শৰ্মা, মনালিছা শইকীয়া, মণিকুন্তল| ভট্টাচাৰ্য, পুৰৱী বৰুৱা, ধনদা দেৱীয়ে আলোচক অতিথি ৰূপে অংশগ্ৰহণ কৰি সাৰগৰ্ভ বক্তব্য দাঙি ধৰে।

ইপিনে একেটা প্ৰেক্ষাগৃহত প্রয়াত কবি অনুপম কুমাৰৰ সৌৱৰণত এখন কবি সন্মিলন অনুষ্ঠিত হয়। আনহাতে গ্রন্থমেলাৰ মূল মঞ্চত আজি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেক্সৰ উদ্যোগত উল্মচিত হয় ‘সময়ৰ গদ্য আৰু অন্যান্য’শীৰ্ষক গ্রন্থখন।

আনহাতে গগন চন্দ্ৰ অধিকাৰী সভাগৃহত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত মুনীন্দ্ৰ মহন্তৰ ‘জলফুল’ কাব্য গ্ৰন্থখনৰ মিতালী ভট্টাচাৰ্যই বাংলা ভাষালৈ কৰা অনুবাদ, মিতালী ভট্টচাৰ্যৰ ‘জাতীয়তাবাদ গণমাধ্যম আৰু অন্যান্য’ নামৰ গৰু দুখন উন্মোচন কৰা হয়।

গ্ৰন্থমেলাৰ মূল মঞ্চত বিয়লি ‘মঘাই-মোহন কৃষ্টি বিকাশ বঁটা ২০২০’ প্রদান কৰা হয় বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাক। ইয়াতেই ‘নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী বঁটা’ প্রদান কৰা হয় ভাম্যমান থিয়েটাৰৰ নৃত্যশিল্পী হেম বৰুৱাক।

বিশিষ্ট লেখক বিপুল শৰ্মাই সঞ্চালনা কৰা এই অনুষ্ঠানত বঁটাসমূহ প্রদান কৰে লোককৃষ্টিৰ সাধক প্রভাত শৰ্মাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd