• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাইকা-দধিয়াৰ প্ৰতিটো পৰিয়াললৈ ১ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ সংখ্যক অধিবেশনত মুখ্য অতিথি নিজৰ কৰ্মৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী সোণোৱালে!

NE NOW NEWS চানু গগৈ
মৰিগাঁও , January 30, 2021 4:34 pm

2 min read

index.jpgvv
316
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকালতে বিগত চাৰে চাৰি বছৰত জনজাতিসকলৰ বাবে মৰ্যদা সহকাৰে আৰু নিষ্ঠাৰে কাম কৰি আহিছো। জাগীৰোডৰ নেলী মকৰীয়াত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ সংখ্যক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰীয়ে লগতে সৱকা সাথ আৰু সৱকা বিকাশৰ নীতিৰে সকলোকে সম মৰ্যদা আৰু সম বিকাশৰ আধাৰত আমাৰ চৰকাৰখনে কাম কৰি আহিছো বুলি মন্তব্য কৰে।

পাহাৰ, ভৈয়ামত বসবাস কৰা ৩৫টা জনগোষ্ঠীৰ ৰাইজৰ বাবে শিক্ষা, সংস্কৃতি, কৃষিৰ লগতে দক্ষতা বিকাশৰ বাবে কৰ্মসংস্থাপন আমাৰ চৰকাৰখনে নিষ্ঠাৰে কৰি আহিছো বুলি মন্তব্য কৰি তেওঁ লগতে কয় বিজেপি চৰকাৰৰ দিনতে পাহাৰ আৰু ভৈয়ামত বসবাস কৰা ১লাখতকৈয়ো অধিক পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰা হৈছে।

জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও ৰাজ্যখনত হোষ্টেল, গেষ্ট হাউচ নিৰ্মান কৰা হৈছে। আনকি ৩৯কোটি টকা ব্যয়সাপেক্ষ্যে গুৱাহাটীত ১৪টা গেষ্ট হাউচ নিৰ্মাণ কৰা বুলিও ভাষণ প্ৰসংগত সদৰী কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

ইফালে ভূমিপুত্ৰ জনজাতিসকলৰ মাটি আনে যাতে দখল কৰিব নোৱাৰে তাৰ বাবেও চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে লাইকা দধীয়াৰ প্ৰতিটো পৰিয়ালকে ৰাজ্য চৰকাৰে ১ লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

প্ৰায় ১৩০০ টা পৰিয়াললৈ এই বৃহৎ ধনৰাশি অতি শীঘ্ৰে প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

উল্লেখ্য যে কালিৰে পৰা নেলী মকৰীয়াৰ গিৰিধৰ পাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা সদৌ অসম ট্ৰাইবেল সংঘৰ ত্ৰি বাৰ্ষিক অধিবেশনৰ আজি অনুষ্ঠিত মুকলি সভাত পুৱা মূল তোৰণ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ মদন বৰদৈয়ে।

আনহাতে প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰে স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই।

ইফালে আজি অনুষ্ঠিত মুকলি সভাত সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী চন্দন ব্ৰহ্ম, মৰিগাঁও আৰু ৰহাৰ বিধায়ক ক্ৰমে ৰমাকান্ত দেউৰী আৰু ডিম্বেশ্বৰ দাস, জিলা উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাকে আদি কৰি বহুকেইজন চৰকাৰী উচ্চ পদষ্ট বিষয়া আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd