• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মাতৃ নিন্দা”ৰ পাপে চুইছে মুখ্য মন্ত্ৰী সোণোৱালক!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 2, 2018 8:52 pm
'Scam' in Assam IPR and PnRD departments, AASU demands CBI investigation

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাত মাতৃ নিন্দাৰ পাপ লাগিছে! যি পাপ মোচন কৰিব নোৱাৰি, যি পাপৰ প্ৰায়শ্চিত্ত নাই।

‘অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ গাত ‘মাতৃ নিন্দা’ৰ পাপ লাগিছে। এই পাপৰ বাবেই অধঃপতন ঘটিছে সোণোৱালৰ’। এই ভয়ংকৰ কথা সদৰী কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মাই।

Apply Now

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি মুকুল শৰ্মাই মুখ্য মন্ত্ৰী সোণোৱাল ‘পাপগ্ৰস্ত’ হোৱাৰ বাতৰি দিয়ে। লগতে ‘পাপত অধঃপতন ঘটা’ বাবে তেওঁৰ ওপৰত পুতৌ জন্মা বুলিও তেওঁ মন্তব্য কৰে।

কিন্তু কিয় ‘মাতৃ নিন্দা’ৰ পাপ লাগিল সৰ্বানন্দ সোণোৱালৰ গাত? সেই কথাও জানিবলৈ দিলে মুকুল শৰ্মাই।

‘নিজৰ ৰাজনৈতিক জীৱনৰ অভ্যুত্থান ঘটা মাতৃস্বৰূপ অগপ দলক কুকুৰে কাঁইট নোখোৱাকৈ গালি পৰি একালৰ জাতীয় নায়ক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাতৃনিন্দুকৰ শাৰীত পৰিল’, শৰ্মাই কয়।

তেওঁ লগতে মাতৃনিন্দুকক সমাজৰ আটাইতকৈ ঘৃণনীয় ব্যক্তি বুলি গণ্য কৰা হয় বুলিও মন্তব্য কৰে। লগতে সোণোৱালে নিজৰ গাদী বচাবলৈ নাগপুৰৰ হাইকমাণ্ডৰ নিৰ্দেশত অসমীয়া জাতি আৰু ভাষা-সংস্কৃতি ধ্বংস কৰিবলৈ ওলাই এঘৰীয়া হৈ পৰা বুলিও তেওঁ কটাক্ষ কৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে অসম গণ পৰিষদ আৰু এ আই ইউ ডি এফ-কংগ্ৰেছক একাকাৰ কৰি কিছুমান মন্তব্য আগবঢ়াই পঞ্চায়তত নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে বুলি মন্তব্য কৰি ‘জাতীয় নায়ক’ৰ এই অৱস্থাৰ বাবে পুতৌ ওপজা বুলি মুকুল শৰ্মাই মন্তব্য কৰে।

তেওঁ লগতে যোৱা বিধান সভাত বিজেপিয়েহে এ আই ইউ ডি এফৰ সৈতে গোপন বুজাবুজিৰে গণভিত্তি নথকা সমষ্টিটো প্ৰাৰ্থী জিকাই আনিছে বুলি অভিযোগ আনে।

ইপিনে, পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীটোক জুৰুলা কৰাৰ প্ৰসংগ উত্থাপন কৰে তেওঁ।

তেওঁ কয়, ‘দুদিনৰ আগেয়ে চিমেন্টৰ মূল্য প্ৰতিবেগত ১৫ৰ পৰা ২০ টকা পৰ্যন্ত বৃদ্ধি হৈছে। পাওৰুটি, কণী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। এইদৰে মৃল্যবৃদ্ধিৰে সংগ্ৰহ হোৱা ধনৰ সিংহভাগ বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ হস্তান্তৰ হৈছে আৰু সেই ধনেৰে হেলিকপ্তাৰত উঠি ‘জাতীয় নায়ক’ মুখ্যমন্ত্ৰী সোণোৱাল আৰু বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই আছে’।

একেখন সংবাদমেলতে মুকুল শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাসকলক দাঢ়ি ৰখা, লুঙি পিন্ধা লোক আৰু ধৰ্ষণকাৰী বুলি মন্তব্য কৰা বুলি কৈ অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহক অপমান কৰা বুলিও মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd