• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“মাতৃ নিন্দা”ৰ পাপে চুইছে মুখ্য মন্ত্ৰী সোণোৱালক!

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , December 2, 2018 8:52 pm

2 min read

'Scam' in Assam IPR and PnRD departments, AASU demands CBI investigation

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

714
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাত মাতৃ নিন্দাৰ পাপ লাগিছে! যি পাপ মোচন কৰিব নোৱাৰি, যি পাপৰ প্ৰায়শ্চিত্ত নাই।

‘অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ গাত ‘মাতৃ নিন্দা’ৰ পাপ লাগিছে। এই পাপৰ বাবেই অধঃপতন ঘটিছে সোণোৱালৰ’। এই ভয়ংকৰ কথা সদৰী কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মাই।

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি মুকুল শৰ্মাই মুখ্য মন্ত্ৰী সোণোৱাল ‘পাপগ্ৰস্ত’ হোৱাৰ বাতৰি দিয়ে। লগতে ‘পাপত অধঃপতন ঘটা’ বাবে তেওঁৰ ওপৰত পুতৌ জন্মা বুলিও তেওঁ মন্তব্য কৰে।

কিন্তু কিয় ‘মাতৃ নিন্দা’ৰ পাপ লাগিল সৰ্বানন্দ সোণোৱালৰ গাত? সেই কথাও জানিবলৈ দিলে মুকুল শৰ্মাই।

‘নিজৰ ৰাজনৈতিক জীৱনৰ অভ্যুত্থান ঘটা মাতৃস্বৰূপ অগপ দলক কুকুৰে কাঁইট নোখোৱাকৈ গালি পৰি একালৰ জাতীয় নায়ক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাতৃনিন্দুকৰ শাৰীত পৰিল’, শৰ্মাই কয়।

তেওঁ লগতে মাতৃনিন্দুকক সমাজৰ আটাইতকৈ ঘৃণনীয় ব্যক্তি বুলি গণ্য কৰা হয় বুলিও মন্তব্য কৰে। লগতে সোণোৱালে নিজৰ গাদী বচাবলৈ নাগপুৰৰ হাইকমাণ্ডৰ নিৰ্দেশত অসমীয়া জাতি আৰু ভাষা-সংস্কৃতি ধ্বংস কৰিবলৈ ওলাই এঘৰীয়া হৈ পৰা বুলিও তেওঁ কটাক্ষ কৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে অসম গণ পৰিষদ আৰু এ আই ইউ ডি এফ-কংগ্ৰেছক একাকাৰ কৰি কিছুমান মন্তব্য আগবঢ়াই পঞ্চায়তত নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰিছে বুলি মন্তব্য কৰি ‘জাতীয় নায়ক’ৰ এই অৱস্থাৰ বাবে পুতৌ ওপজা বুলি মুকুল শৰ্মাই মন্তব্য কৰে।

তেওঁ লগতে যোৱা বিধান সভাত বিজেপিয়েহে এ আই ইউ ডি এফৰ সৈতে গোপন বুজাবুজিৰে গণভিত্তি নথকা সমষ্টিটো প্ৰাৰ্থী জিকাই আনিছে বুলি অভিযোগ আনে।

ইপিনে, পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীটোক জুৰুলা কৰাৰ প্ৰসংগ উত্থাপন কৰে তেওঁ।

তেওঁ কয়, ‘দুদিনৰ আগেয়ে চিমেন্টৰ মূল্য প্ৰতিবেগত ১৫ৰ পৰা ২০ টকা পৰ্যন্ত বৃদ্ধি হৈছে। পাওৰুটি, কণী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। এইদৰে মৃল্যবৃদ্ধিৰে সংগ্ৰহ হোৱা ধনৰ সিংহভাগ বিজেপিৰ নিৰ্বাচনী পুঁজিলৈ হস্তান্তৰ হৈছে আৰু সেই ধনেৰে হেলিকপ্তাৰত উঠি ‘জাতীয় নায়ক’ মুখ্যমন্ত্ৰী সোণোৱাল আৰু বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই আছে’।

একেখন সংবাদমেলতে মুকুল শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাসকলক দাঢ়ি ৰখা, লুঙি পিন্ধা লোক আৰু ধৰ্ষণকাৰী বুলি মন্তব্য কৰা বুলি কৈ অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহক অপমান কৰা বুলিও মন্তব্য কৰে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd