• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্দোলনক ‘শলাগ’ মুখ্য মন্ত্ৰীৰ, বিজেপিৰে একাংশ নেতাৰ বিপৰীত স্থিতি সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2018 5:19 pm
sarbananda sonowal assam cm

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্দোলনে তুলি ধৰা প্ৰশ্নসমূহৰ সমাধানেৰে স্ব-আৰোপিত দায়বদ্ধতা পালন কৰাৰ বিপৰীতে বিজেপিৰ একাংশ শীৰ্ষ নেতাই সুবিধা পালেই কৰা ‘আন্দোলন-বিৰোধিতা’ৰ বিপৰীত স্থিতিৰে গণতান্ত্ৰিক আন্দোলনৰ ‘শলাগ’ লৈছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সৈতে বুধবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ত হোৱা আলোচনাত জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি সংগঠনটোৱে চলাই অহা আন্দোলনৰ ‘শলাগ’ লয় মুখ্য মন্ত্ৰীয়ে।

Apply Now

‘জনজাতিকৰণৰ বাবে জনগোষ্ঠীটোৱে গণতান্ত্ৰিকভাৱে চলাই অহা আন্দোলনৰ শলাগ লয় (মুখ্য মন্ত্ৰীয়ে),’ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাই সোণোৱালৰ উদ্ধৃতিৰে চৰকাৰী বিবৃতিত প্ৰকাশ।

মুখ্য মন্ত্ৰীৰ এই আন্দোলনৰ ‘শলাগ’ সমকামিতা সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়ৰ পৰিপ্ৰেক্ষিতটো গুৰুত্বপূৰ্ণ। সমকামিতাৰ ওপৰত অপৰাধৰ মোহৰ গুচাই উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে দিয়া ৰায়ত ‘সংখ্যাধিক্যৰ মত’ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছিল মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই।

‘সংখ্যাগৰিষ্ঠৰ দৃষ্টিভংগি আৰু সাৰ্বজনীন নৈতিকতাই সাংবিধানিক অধিকাৰক পৰিচালিত কৰিব নোৱাৰে,’ ৰায়দানত এয়া আছিল মুখ্য ন্যায়াধীশৰ মন্তব্য।

‘মত প্ৰকাশৰ অধিকাৰ’ৰ ক্ষেত্ৰত ভাৰতৰ সাংবিধানিক গণতন্ত্ৰৰ এই বিশ্বজনীন আবেদনৰ বিপৰীতে বিৰুদ্ধ মতৰ বিৰোধিতা কৰাৰ পথত ‘জনাদেশ’ৰ কথা দোহাৰাটো শেহতীয়াকৈ দেশজুৰি একাংশ জনপ্ৰতিনিধিৰ অভ্যাসত পৰিণত হৈছে।

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰধান নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত পুতৌজনকভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন। পিছে শেহতীয়াকৈ একগোট হোৱা আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, উপদেষ্টাদ্বয় হিতেশ্বৰ বৰ্মন আৰু প্ৰদীপ ৰয়ৰ লগতে আন কেইবাটাও কোচ-ৰাজবংশী সংগঠনৰ নেতৃত্বক বৈঠকত তেওঁলোকৰ দাবী সন্দৰ্ভত ধনাত্মক সঁহাৰি দিয়ে সোণোৱালে।

‘যাতে জনগোষ্ঠীকেইটাৰ দাবী উপযুক্ত মঞ্চত শক্তিশালীভাৱে উপস্থাপন কৰিব পৰা যায় তাৰ বাবে অসম চৰকাৰে ৩গৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ নেতৃত্বত এখন কেবিনেট উপ সমিতি গঠন কৰি দিছে,’ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ ‘সদিচ্ছা আছে’ বুলি দাবী কৰি মুখ্য মন্ত্ৰীৰ আশ্বাস।

বিদেশী নাগৰিককে ধৰি অসমৰ এশ-এবুৰি সমস্যাৰ সমাধান আৰু চৰকাৰৰ বিভিন্ন সিদ্ধান্তক ‘অন্যায়’ৰূপে বিৰোধিতা কৰা আন্দোলনসমূহৰ ন্যায্যপ্ৰাপ্তিত মুখ্য মন্ত্ৰীৰ এই ‘শলাগ’এ কি সহায় কৰে লক্ষণীয় হ’ব।

সোণোৱালৰ এই আশ্বাস আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক নহয়টো? সময়ে ক’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd