উত্তৰ লক্ষিমপুৰত অৱস্থিত ৰাজ্যৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘অসমীয়া প্ৰতিদিন’ৰ কাৰ্যালয়ত শেহতীয়াকৈ হোৱা আক্ৰমণৰ ঘটনাক অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য তথা ৬১ নং ৰহা বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উৎপল বণিয়াই তীব্ৰ ভাষাৰে গৰিহণা জনাইছে।
এক ছ’চিয়েল মিডিয়া প’ষ্টৰ জৰিয়তে এই আক্ৰমণক সংবাদ মাধ্যমৰ ওপৰত এক গৰ্হিত আৰু গ্ৰহণযোগ্য নোহোৱা আক্ৰমণ বুলি অভিহিত কৰি তেওঁ কয় যে ধাৰাসাৰ বৰষুণ আৰু আন্ধাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে কাৰ্যালয়টোৰ চৌহদত শিলগুটি নিক্ষেপ কৰি বিস্তৰ ক্ষতিসাধন কৰিছে।
তেওঁ উল্লেখ কৰে যে অসমৰ অন্যতম শক্তিশালী সংবাদ গোষ্ঠী ‘অসমীয়া প্ৰতিদিন’ৰ ওপৰত হোৱা এই আক্ৰমণ কেৱল এটা সংবাদ প্ৰতিষ্ঠানৰ ওপৰত কৰা আক্ৰমণ নহয়, বৰঞ্চ এয়া গণতন্ত্ৰৰ কণ্ঠৰোধ কৰাৰ এক চক্ৰান্তহে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত সংবাদ মাধ্যমক যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষা প্ৰদান কৰাটো প্ৰয়োজন বুলি উল্লেখ কৰি বণিয়াই কয় যে সংবাদ মাধ্যম হৈছে সমাজৰ দাপোন আৰু এই দাপোন ভাঙি সত্যক কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰি।
তেওঁ এই সমগ্ৰ ঘটনাৰ এক ক্ষিপ্ৰ আৰু পুংখানুপুংখ তদন্তৰ দাবী জনোৱাৰ লগতে দোষীসকলক চিনাক্ত কৰি অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰ তথা আৰক্ষী প্ৰশাসনক আহ্বান জনায়। ইয়াৰ উপৰিও সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ তেওঁ অধিক শক্তিশালী সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায় আৰু মন্তব্য কৰে যে এখন গণতান্ত্ৰিক দেশত সংবাদ মাধ্যমৰ ওপৰত এনে হিংসাত্মক কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।





