ৰাজীৱ ভৱনত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনাত দলৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদকসকলৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বৈঠকত আগন্তুক লোকসভাৰ উপ-নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন আৰু পৌৰ নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণৰ লগতে দলীয় সাংগঠনিক স্থিতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। ইয়াৰ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰো এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।
সভাত উজনি অসমৰ শেহতীয়া বিধ্বংসী বানত ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে জিলা কংগ্ৰেছ কমিটিসমূহৰ লগতে কংগ্ৰেছৰ ভাতৃ সংগঠন সেৱা দল, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এনএছইউআই-এ গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰা হয়। বিশেষকৈ বানপীড়িতৰ গৃহ পুনৰ নিৰ্মাণ আৰু মেৰামতি, ৰাজহুৱা তথা ধৰ্মীয় উপাসনাস্থলী পৰিষ্কাৰ কৰা, বিদ্যালয়সমূহত পাঠদান সূচল কৰিবলৈ শ্ৰমদান কৰা আৰু কৃষকসকলক কঠীয়া যোগান ধৰাৰ লগতে পথাৰত ভূঁই ৰুই সহায় কৰা কাৰ্যসূচী সন্দৰ্ভত বিতং আলোচনা কৰা হয়। একেদৰে উজনি অসমৰ এই মানৱসৃষ্ট দুৰ্যোগৰ মূল কাৰণ হিচাপে চিহ্নিত কয়লা, শিল আৰু বালিৰ ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি জনসজাগতামূলক অভিযান চলোৱাৰ সিদ্ধান্ত লোৱা হয়।
বৈঠকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ছেনচিটিভ জ’ন ১০ কিলোমিটাৰৰ পৰা হ্ৰাস কৰা কাৰ্য আৰু ইংলেং পথাৰৰ মাটি খিলঞ্জীয়া ৰাইজৰ পৰা কাঢ়ি লৈ বৃহৎ বণিয়া গোষ্ঠীক গতাই দিয়াৰ চৰকাৰী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰা হয়। চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে এক শক্তিশালী গণ আন্দোলন তথা জনমত গঢ়ি তোলাৰ বাবে দলটোৱে সংকল্প গ্ৰহণ কৰে। ইফালে, প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত মাণ্ডলিক প্ৰশিক্ষণৰো এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত শেহতীয়াকৈ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক লৈ নতুন প্ৰজন্ম বিশেষকৈ জেন-জিৰ মাজত যি বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হৈছে সেই বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰা হয় আৰু দেশৰ আন আন ৰাজ্যৰ লগতে অসমৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যস হিচাপে আৰএছএছৰ নীতি-আদৰ্শৰ দ্বাৰা পৰিচালিত লোকক নিযুক্তি দিয়াৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিতো আৰএছএছৰ আদৰ্শৰ দ্বাৰা মোহগ্ৰস্ত হোৱা লোকক অগ্ৰাধিকাৰ দিয়া বিষয়ক লৈও বৈঠকত পৰ্যালোচনা কৰা হয়। এই সন্দৰ্ভত শীঘ্ৰে এখন যুৱ সন্মিলন অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
পৰ্যালোচনা সভাত অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ডাঃ জয়প্ৰকাশ দাস, বিধায়ক আমিনুল হক লস্কৰ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, নীলমণি সেন ডেকা, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, সত্যব্ৰত কলিতা, বিনন্দ শইকীয়া, নন্দিতা দাস, দিগন্ত বৰ্মন, ৰাজু ছাহু, আমিনুল ইছলাম, উপ-সভাপতি মাধৱ ৰাজবংশী, মেহদী আলম বৰা, মীনা তেলী, জয়ন্ত কলিতা, ছৰিফুল জামান লস্কৰ আৰু প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ, সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, প্ৰদ্যুৎ ভূঞা, শান্তনু বৰা, প্ৰাঞ্জল ঘাটোৱাৰ, স্বপন মণ্ডল, প্ৰেমলাল গঞ্জু, শৈলেন কোঁৱৰ, দেৱ চেতিয়া, আনোৱাৰ হুছেইন, নাছিৰ খান, অমিত বাদশ্বাহ, নিৰ্মল লাংথাছা, উদিত ভানু দাসৰ লগতে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাও উপস্থিত থাকে।





