• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে কংগ্ৰেছ দলে: অসমৰ ৰাইজক কি কি প্ৰতিশ্ৰুতি দিলে বিৰোধী দলটোৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:50 am
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত অসম বিধানসভা নিৰ্বাচন। এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰত ৰাইজৰ বাবে কংগ্ৰেছ দলে কি কি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে? কেৱল এই প্ৰতিশ্ৰুতিৰ ভৰসাতেই দলটোৱে ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ‘ব পাৰিবনে? এই চৰ্চাৰ মাজতেই দেওবাৰে লখিমপুৰ জিলাৰ নাওবৈচাত অসম প্ৰদেশ কংগ্ৰেছে আনুষ্ঠানিকভাৱে মুকলি কৰে দলৰ নিৰ্বাচনী ইস্তাহাৰ। এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজ্যবাসীৰ কল্যাণ, সামাজিক নিৰাপত্তা আৰু খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে পাঁচটা মূল প্ৰতিশ্ৰুতি সম্বলিত এই ইস্তাহাৰখন প্ৰকাশ কৰে। শাসকীয় দলক তীব্ৰ সমালোচনা কৰি কং্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে সাধাৰণ ৰাইজৰ মতামত আৰু পৰামৰ্শৰ ভিত্তিতহে এই ইস্তাহাৰ প্ৰস্তুত কৰা হৈছে।

কংগ্ৰেছৰ এই ইস্তাহাৰৰ কেন্দ্ৰবিন্দুত থকা পাঁচটা প্ৰধান প্ৰতিশ্ৰুতিৰ ভিতৰত মহিলা সৱলীকৰণ আৰু স্বাস্থ্য খণ্ডই বিশেষ গুৰুত্ব লাভ কৰিছে। দলটোৱে ক্ষমতালৈ আহিলে মহিলাসকলক উদ্যোগী কৰি তুলিবৰ বাবে প্ৰতিমাহে ৫০ হাজাৰ টকাকৈ বিনাচৰ্তে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰতিটো পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ কেছলেছ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱা হ‘ব বুলি ঘোষণা কৰিছে। ইয়াৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক নিৰাপত্তা সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰতিমাহে ১২৫০ টকাকৈ ভাট্টা প্ৰদান কৰাৰ কথা ইস্তাহাৰত সন্নিৱিষ্ট কৰা হৈছে। আনহাতে, খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে বাৰ্ষিক আবণ্টন ব্যৱস্থাৰ পৰিৱৰ্তে দহ লাখ খিলঞ্জীয়া লোকক স্থায়ী ভূমি পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিছে বিৰোধী দলটোৱে। এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘোষণাত দলটোৱে শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ উচিত তদন্ত কৰি চৰকাৰ গঠনৰ এশ দিনৰ ভিতৰত দোষীক শাস্তি প্ৰদান কৰাৰ জৰিয়তে ন্যায় নিশ্চিত কৰিব বুলি প্ৰকাশ কৰিছে।

Apply Now

শাসকীয় দলৰ আঁচনিসমূহক সমালোচনা কৰি সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে বিজেপিয়ে চৰ্তসাপেক্ষে সাহায্য প্ৰদান কৰে আৰু হিতাধিকাৰীসকল বিজেপিৰ হয় নে নহয় সেয়া প্ৰশ্ন কৰে। কিন্তু কংগ্ৰেছে এনে প্ৰশ্ন নকৰে বুলি উল্লেখ কৰি তেওঁ বিনাচৰ্তে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে সম্ভৱ হ‘লে তাতোকৈ অধিক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। জুবিন গাৰ্গৰ প্ৰসংগত তেওঁ দৃঢ়তাৰে কয় যে অপৰাধীক কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহ‘ব আৰু এশ দিনৰ ভিতৰত তেওঁক ন্যায় প্ৰদান কৰা হ‘ব। ভূমি পট্টা প্ৰদানৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এই পদক্ষেপৰ পিছত ৰাইজে প্ৰশাসনৰ ওচৰত তাঁত-বাটি কাঢ়িব লগীয়া নহ‘ব আৰু ভূমিৰ অধিকাৰ স্থায়ীভাৱে সুৰক্ষিত হ‘ব।

ইস্তাহাৰ প্ৰকাশৰ সমান্তৰালভাৱে খাৰ্গেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে। মুখ্যমন্ত্ৰীয়ে ৰাইজৰ মাজত ভয়ৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে যিসকল লোক মুখ্যমন্ত্ৰীৰ লগত নাই, তেওঁলোকক বিপদত পেলোৱা হৈছে। ৰাইজক এনে ৰাজনীতিলৈ ভয় নকৰিবলৈ আহ্বান জনাই কংগ্ৰেছৰ সভাপতিগৰাকীয়ে শাসকীয় দলৰ শাসন ব্যৰ্থ হোৱা বুলি দাবী কৰে। আগন্তুক নিৰ্বাচনত ৰাজ্যখনত পৰিৱৰ্তন আনিবলৈ আৰু জনকল্যাণৰ হকে কাম কৰা দল এটাক ভোট দিবলৈ তেওঁ ভোটাৰসকলক আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd