• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

'নীট' পৰীক্ষাৰ খেলিমেলিৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ লগতে দিল্লীত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰৰ দাবী জনাই বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত প্ৰতিবাদ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2026 9:40 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ‘নীট’ পৰীক্ষাৰ কেলেংকাৰীৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটীত এক প্ৰতিবাদী সমদল উলিয়ায়। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত ৰাজীৱ ভৱনৰ পৰা উলিওৱা এই সমদলত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ উপৰিও সংসদত এই বিষয়টোৰ সবিস্তাৰ আলোচনা আৰু দিল্লীত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে ৰুজু কৰা সকলো প্ৰাথমিক তথ্য গোচৰ অৱিলম্বে প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱা হয়।

 

Apply Now

প্ৰদেশ কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা আৰু বিধায়কে অংশগ্ৰহণ কৰে। বিৰোধী দলপতিগৰাকীৰ লগতে অসম বিধানসভাৰ বিৰোধী দলৰ উপ-দলপতি ডাঃ জয়প্ৰকাশ দাস, বিধায়ক ক্ৰমে জাকিৰ হুছেইন শিকদাৰ, নুৰুল হুদা, বেবী বেগম, আছিফ নজৰ, জুবেইৰ আনম আৰু তানজিল হুছেইনে সমদলত ভাগ লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সমদলকাৰীসকলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলীয় পতাকা হাতত লৈ প্ৰতিবাদস্থলীত কেন্দ্ৰীয় চৰকাৰ আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

 

বিধায়কসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিপুল গগৈ, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস আৰু জ্যেষ্ঠ নেত্ৰী ৰূপা দেউৰীয়ে এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন, বনদীপ দত্ত, মইনাজান বেগম, অনুসূচিত জাতি কোষৰ অধ্যক্ষ কৃষ্ণা দাস, সংবাদ মাধ্যম বিভাগৰ প্ৰতিনিধি হেপ্পী গগৈ আৰু ৰূপা কলিতাৰ লগতে এন এছ ইউ আইৰ সভাপতি কৌশিক কাশ্যপকে ধৰি দলটোৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে এই প্ৰতিবাদত উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ ন্যায়ৰ দাবী জনায়।

 

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগে এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে এই প্ৰতিবাদী কাৰ্যসূচীৰ সবিশেষ প্ৰকাশ কৰিছে। ‘নীট’ পৰীক্ষাক লৈ দেশজুৰি অব্যাহত থকা বিতৰ্কৰ মাজতে ৰাজ্যিক পৰ্যায়ত বিৰোধী দলটোৱে গ্ৰহণ কৰা এই স্থিতিয়ে বিষয়টোক অধিক গুৰুত্ব প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে বিৰোধীৰ এই দাবীসমূহৰ প্ৰতি কেনে সঁহাৰি জনায় আৰু দিল্লীত আন্দোলনৰত ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে লোৱা আইনী পদক্ষেপসমূহ প্ৰত্যাহাৰ কৰা হয় নে নহয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd