• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

লখিমপুৰৰ পৰা গোলাঘাট হৈ ৰাজস্থানলৈ সৰবৰাহ কৰা হৈছিল মোহন নামৰ হাতীটোক, ৰাজস্থান বন বিভাগৰ তৎপৰতাত হাতীটো উদ্ধাৰ হোৱাৰ বিপৰীতে এজনক গ্ৰেপ্তাৰ, অসমত এতিয়ালৈকে হোৱা নাই কোনো গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 1:45 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা মোহন নামৰ এটা হাতী অবৈধভাৱে বিক্ৰী আৰু সৰবৰাহ কৰাৰ অভিযোগত ৰাজস্থানত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই হাতী স্থানান্তৰকৰণ প্ৰক্ৰিয়াৰ দুৰ্বলতাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাই বৰ্তমানৰ হাতী স্থানান্তৰন নীতিৰ ওপৰত থকা শিথিল নিৰীক্ষণ ব্যৱস্থাক উদঙাই দিয়াৰ লগতে বন্যপ্ৰাণীসমূহ যে অবৈধ ব্যৱসায় আৰু সৰবৰাহৰ বাবে অত্যন্ত স্পৰ্শকাতৰ হৈ পৰিছে, সেয়া পুনৰবাৰ প্ৰতিপন্ন কৰিছে। ৰাজস্থানত এই অবৈধ কাৰ্যৰ বাবে এজনক গ্ৰেপ্তাৰৰ কৰা হৈছে যদিও আশ্চৰ্যজনকভাৱে অসমত এতিয়ালৈকে কোনো লোকক আটক কৰা হোৱা নাই।

গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ অহা তথ্য অনুসৰি, কেৱল জাল নথিপত্ৰই নহয়, বৰঞ্চ অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ জাল স্বাক্ষৰ ব্যৱহাৰ কৰি মোহনৰ সৰবৰাহ সম্পন্ন কৰা হৈছিল। অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) তথা মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন ডাঃ বিনয় গুপ্তাই প্ৰকাশ কৰা মতে, জাল নথিপত্ৰৰে জয়পুৰলৈ কৰা এই অবৈধ সৰবৰাহৰ বিষয়ে ৰাজস্থানৰ বন বিভাগক অৱগত কৰাৰ পাছতে তেওঁলোকে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰি হাতীটো জব্দ কৰে। এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে জয়পুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এক গোচৰ ৰুজু কৰা হয় আৰু বৰ্তমান গোচৰটো ৰাজস্থান উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰা হৈছে। এই সমগ্ৰ ঘটনাক লৈ লখিমপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত আৰু দিছপুৰ আৰক্ষী থানাতো গোচৰ ৰুজু কৰাৰ লগতে বন বিভাগৰ বিষয়াই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

Apply Now

মোহন নামৰ হাতীটো মূলতঃ লখিমপুৰ জিলাৰ আছিল যদিও সৰবৰাহৰ সময়ত ইয়াক গোলাঘাট জিলাত ৰখা হৈছিল। বৰ্তমান হাতীটো ৰাজস্থান বন বিভাগৰ জিম্মাত আছে আৰু আইনী প্ৰক্ৰিয়া সমাপ্ত কৰাৰ জৰিয়তে ইয়াক শীঘ্ৰেই অসমলৈ ঘূৰাই অনাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই প্ৰয়াস অব্যাহত ৰাখিছে। ইফালে, গোলাঘাট বন সংমণ্ডলৰ অন্তৰ্গত ৰাম প্ৰসাদ নামৰ আন এটা পূৰ্ণবয়স্ক মতা হাতী দক্ষিণ ভাৰতৰ এখন ৰাজ্যৰ এজন ক্ৰেতালৈ বিক্ৰী বা স্থানান্তৰ কৰাৰ প্ৰস্তাৱক লৈয়ো প্ৰকৃতিপ্ৰেমীসকলে সন্দেহ প্ৰকাশ কৰিছে। এলিফেণ্ট মনিটৰ্ছ অসমৰ পৰিচালন ন্যাসৰক্ষী সীমান্ত ৰাম ফুকনে বন বিভাগ আৰু ৰাজ্য চৰকাৰক এই প্ৰস্তাৱিত স্থানান্তৰৰ বিষয়টো গুৰুত্বসহকাৰে লৈ অসমৰ পৰা আন ৰাজ্যলৈ হাতীৰ এনে অবৈধ বিক্ৰী আৰু সৰবৰাহ বন্ধ কৰিবলৈ তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে, ডাঃ গুপ্তাই এনে দাবী অস্বীকাৰ কৰি কয় যে এই সন্দৰ্ভত তেওঁলোকৰ হাতত কোনো খবৰ নাই, কিন্তু এনে কোনো তথ্য পালে লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ‘ব।

কাজিৰঙা ৱাইল্ডলাইফ ছ‘চাইটীৰ সংৰক্ষণবিদ মুবিনা আখতাৰে উদ্বেগ প্ৰকাশ কৰি কয় যে হাতীৰ অবৈধ সৰবৰাহৰ এনে সঘনাই পোহৰলৈ অহা খবৰসমূহে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ আৰু বন্দী হাতী (স্থানান্তৰ বা পৰিবহণ) নিয়ম, ২০২৪ ৰ অধীনত বাধ্যতামূলক আইনী প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে মানি চলা হৈছেনে নাই তাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। এছিয়ান হাতীসমূহ অনুসূচী একৰ অন্তৰ্ভুক্ত প্ৰাণী আৰু ইহঁতে সৰ্বোচ্চ স্তৰৰ আইনী সুৰক্ষা লাভ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ বাহিৰলৈ এনে হাতীৰ যিকোনো স্থানান্তৰ, পৰিবহণ, বিক্ৰী, দান বা গতিবিধি আইন অনুসৰি কঠোৰভাৱে পৰীক্ষা, নথিবদ্ধ আৰু ন্যায্যতা প্ৰদান কৰা উচিত যদিও বাস্তৱত তেনে হোৱা দেখা পোৱা নাই।

হাতী স্থানান্তৰৰ ক্ষেত্ৰত শাৰীৰিক পৰীক্ষা, জিনীয় প্ৰফাইল, মালিকানা নিৰ্ধাৰণ, সকলো পশু চিকিৎসাৰ প্ৰমাণপত্ৰ, স্বাস্থ্যৰ প্ৰমাণপত্ৰ, পৰিবহণৰ বাবে ফিটনেছ প্ৰমাণপত্ৰ, কোৱাৰেণ্টাইনৰ অভিলেখ আৰু হাতীটোৰ শাৰীৰিক তথা মানসিক অৱস্থাৰ প্ৰতিবেদন আদিকে ধৰি কেইবাটাও দিশ সামৰি এক পুংখানুপুংখ আৰু কঠোৰ প্ৰক্ৰিয়া জড়িত থাকে বুলি আঙুলিয়াই দি আখতাৰে ৰাজ্যৰ বাহিৰলৈ ইমান সহজে কেনেকৈ এটা হাতী নিব পৰা গ‘ল বুলি প্ৰশ্ন কৰে। পূৰ্বেও এনে ঘটনা সংঘটিত হোৱালৈ চাই এক গভীৰ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি তেওঁ সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে। বন্যপ্ৰাণী সুৰক্ষা আইন আৰু বন্দী হাতী স্থানান্তৰ নিয়মৰ সকলো আইনী প্ৰয়োজনীয়তা কঠোৰভাৱে পালন নকৰালৈকে আৰু সম্পূৰ্ণ নথিপত্ৰ দাখিল নকৰালৈকে অসমৰ পৰা আন ৰাজ্যলৈ বন্দী হাতীৰ কোনো ধৰণৰ স্থানান্তৰ, বিক্ৰী বা গতিবিধিৰ অনুমতি নিদিবলৈ তেওঁ দাবী উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd